পদপথৰ অসহায়সকলক বস্ত্ৰ আৰু খাদ্য বিতৰণ



ষ্টাফৰিপোৰ্টাৰ, ১, নৱেম্বৰ : প্ৰেৰণাৰ আলোচনী "নিয়ৰৰ ফুল"ৰ উদ্যোগত আৰু "সাহিত্যৰ সুবাস" আলোচনীৰ সহযোগত  "ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান" অনুষ্ঠানটো  সম্পাদদ্বয় ক্ৰমে বিজু ফুকন কলিতা আৰু জুৰিমণি মুদৈৰ পৰিচালনাৰে ৰবিবাৰে  অনুষ্ঠিত হয়। জুৰোড , গণেশগুৰৰি গণেশ মন্দিৰ, লাচিত নগৰৰ হনুমান মন্দিৰ, পান বজাৰ আৰু শুক্ৰেশ্বৰ মন্দিৰত প্ৰায় শতাধিক অধিক পদপথৰ অসহায়সকলক বস্ত্ৰ আৰু খাদ্য বিতৰণৰ কৰা হয়।  এই অনুষ্ঠানটোত বস্ত্ৰদানত সহায় কৰে ক্ৰমে---ফেচবুকৰ  কবি জালুকবাৰীৰ তীৰ্থ নাথ মজুমদাৰ, উজান বজাৰৰ বাসিন্দা অনিতা দাস,অনুপম কাকতিয়ে। সেইদৰেই অন্নদানত আৰ্থিকভাৱে সহায় কৰে তীৰ্থ নাথ মজুমদাৰ, ফেচবুকৰ কবি নগাঁৱৰ স্মৃতি বৰায়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা