চৰকাৰী অনুদানৰপৰা বঞ্চিত জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ

#বাঁহৰ বেৰা দি গুৰুজনাৰ সৃষ্টিৰাজীৰ চৰ্চা শ্ৰী শ্ৰী দৌকাচাপৰি সত্ৰত

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৮ নৱেম্বৰ:গুৰুজনাৰ সৃষ্টিৰাজীক প্ৰচাৰ প্ৰসাৰৰ লগতে সেই সৃষ্টিৰাজীসমুহক চৰ্চাৰ দিশত সত্ৰসমুহৰ ভূমিকা অপৰিসীম৷যাৰবাবে চৰকাৰেও সত্ৰসমুহৰ উন্নয়ণ তথা সৃষ্টিৰাজীসমুহ চৰ্চাৰ বাবে অনুদান আগবঢ়াই আহিছে৷কিন্তু চৰকাৰী এনে সাহাৰ্যৰপৰা যেন বঞ্চিত হৈ আহিছে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ হিচাপে খ্যাত শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰ৷১৭১৭ চনতে স্থাপিত জামুগুৰিহাটৰ দৌকাচাপৰি সত্ৰ খনে বিগত তিনিশ বছৰে গুৰুজনাৰ সৃষ্টিৰাজীসমুহ চৰ্চাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বাৰে বাৰে সত্ৰখন চৰকাৰী অনুদানৰপৰা বঞ্চিত হৈ অহাৰ অভিযোগ উল্থাপন হৈছে৷অঞ্চলটোৰ কেবাখনো সত্ৰৰ তুলনাত প্ৰথমখন সত্ৰ হিচাপে স্থাপন হোৱা শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনৰ চৌদিশৰ পৰিৱেশটোৱেই প্ৰকট কৰে যে কিমান কষ্ট ত্যাগ কৰি সত্ৰখন জীয়াই ৰাখিছে বৰ্তমান সত্ৰাধিকাৰৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে৷বৃহৎ সত্ৰখনত চৌপাশে বাঁহৰ চোঁচ কাটি বেৰাৰে ঢাকি চৰ্চা অব্যাহত ৰাখিছে বৰ্তমানৰ সত্ৰাধিকাৰৰ দায়িত্বত থকা সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে৷অন্যান্য সত্ৰই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰী সাহাৰ্য লাভ কৰাৰ বিপৰীতে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ চৰকাৰী অনুদানসমুহৰপৰা বছৰ বছৰ ধৰি বঞ্চিত হ’ব লগীয়া হোৱাত আক্ষেপো প্ৰকাশ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে৷পূৰ্বে প্ৰয়াত শৰৎ গোস্বামীৰ দায়িত্বত পৰিচালিত দৌকাচাপৰি সত্ৰখন গোস্বামীৰ মৃত্যুৰ পাছত চাৰিবছৰ ধৰি পৰিচালনা কৰা ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে উচুপি উচুপি কয় যে প্ৰতিবাৰেই সত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদানৰ তালিকাত নাম সন্মিবিষ্ট হোৱা বুলি খৱৰ পাঁও যদিও শেষত কি কাৰণত বঞ্চিত হঁও আমিবোৰ সেই বিষয় লৈ অজ্ঞ৷অৱশ্যে ২০০৯ বৰ্ষত জিলা পৰিষদৰ ফালৰপৰা ৩৫ হাজাৰ আৰু ২০১৬ চনত বিধায়ক পুঁজিৰপৰা ২৫ হাজাৰ টকাৰ এক অনুদান লাভ কৰিছে বুলিও জানিব দি সেয়া বৰ্তমান সময়ত অন্যান্য সত্ৰসমুহে লাভ কৰা চৰকাৰী অনুদানসমুহৰ তুলনাত  তেনেই নগন্য বুলিও ব্যক্ত কৰে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে৷এতিয়া প্ৰশ্ন হয় চৰকাৰে সত্ৰসমুহৰ সৰ্বাঙ্গিন উন্নয়নৰ  বাবে আগবঢ়োৱা অনুদান লাভৰ দিশতো হীনদেৰি কৰে নেকি কোনো লোকে৷জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ এই শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনে সত্ৰসমুহৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান লাভ কৰিবলৈ সক্ষম হ’বনে?উল্লেখ্য যে ১৬৬২ চনতে নগাঁৱৰপৰা নাঁওৰে আহি এই সত্ৰই প্ৰথমে ভৰলীপাৰত স্থিতি লৈছিল যদিও ভৰলীৰ পানী,গৰাখহনীয়া আদিৰ বাবেই ১৭১৭ চনত দৌকাচাপৰীত এইখন সত্ৰই স্থিতি লৈছিলহি৷প্ৰণিধানযোগ্য যে শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰৰ ভাগৱতভাগ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখাৰ লগতে তেজপুৰ সংগ্ৰহালয়ত এইখন সত্ৰৰে পালকি আৰু সত্ৰাধিকাৰ ঘনশ্যাম দেও,চক্ৰপানী দেও আদিয়ে ব্যৱহাৰ কৰা দোলাখনৰ কিছু অংশ সংৰক্ষণ কৰি ৰখা হৈছে৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা