মুকালমুৱাত বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ শিলান্যাস

মুকালমুৱা,৮ নৱেম্বৰ।

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজি মুকালমুৱাত বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ এটি দুমহলীয়া প্ৰেছ ক্লাৱৰ শিলান্যাস কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। এই কাৰ্য্যসূচীত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ডেকাৰ লগতে কেবা গৰাকী বিশিষ্ট অতিথি। এই অনুষ্ঠানত নলবাৰী জিলাৰ একাংশ সাংবাদিকো উপস্থিত থাকে। প্ৰেছক্লাব ভৱনতো সম্পূৰ্ণ হোৱাৰ পাছত বৰক্ষেত্ৰীৰ সাংবাদিক সকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হব বুলি সকলোয়ে একে একে মুখে সদৰী কৰে।লগতে ভৱনটো নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ আশ্বাস প্ৰদান কৰে বিধায়ক নাৰায়ণ ডেকাই

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা