ছাত্ৰ নেতা লাফিকুলৰ হত্যাকাণ্ডৰ তদন্তক লৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে--ৰেজাউল কৰিম সৰকাৰ

বঙাইগাও ১৮ নবেম্বৰঃ ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তক লৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ আমছুৰ সভাপতিগৰাকীয়ে কয় যে লাফিকুলৰ হত্যাকাণ্ডকলৈ লাফিকুলৰ পৰিয়ালৰ লগতে অসম তথা বিটিচিৰ সংখ্যালঘু লোক সকলৰ মাজত এতিয়াও শোক মাৰ যোৱা নাই। কোকৰাঝাৰত দিন দুপৰতে যিদৰে ছাত্ৰ নেতাজনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল সেয়া কোনেও পাহৰিব পৰা নাই। তেনে সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে তাক  আমছুৰ সভাপতিগৰাকীয়ে তীব্ৰ গৰিহণা দিয়ে। আমছুৰ নেতাজনে কয় যে -- হিমন্ত বিশ্ব শৰ্মাই ইমান তললৈ নামি নিম্ন খাপৰ ৰাজনীতি কৰিব বুলি কোনেও ভৱা নাছিল । লাফিকুলৰ পৰিয়ালে অধীৰ আগ্ৰহেৰে বাট  চাই আছিল যে চৰকাৰে তদন্ত কৰি হত্যাকাৰীক উলিয়াই শাস্তিৰ ব্যৱস্থা কৰিব আৰু তাৰ পিচত তেওঁলোকে কিছু হলেও মনত শান্তি পাব। কিন্তু  ঠিক তেনে সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ব্বাচনি প্ৰচাৰত আহি কলে যে বিটিচিত বিজেপিৰ চৰকাৰ হলে লাফিকুলৰ হত্যাকাৰীৰ শাস্তিৰ ব্যৱস্থা কৰিব। চিবিআইয়ে হত্যাকাৰীক চিনাক্ত কৰিছে, গতিকে শাস্তি পাব হত্যাকাৰীয়ে। মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে আমছু নেতাজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰি কয় যে যদি চিবিআইয়ে হত্যাকাৰী চিনাক্ত কৰিছে তেন্তে গ্ৰেপ্তাৰ কিয় কৰা নাই? তাৰ মানে বুজা গৈছে যে সৰ্ব্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে হত্যাকাৰী সকলক সুৰক্ষা দিছে আৰু সেয়া আজি স্পষ্ট হৈছে। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাফিকুলৰ হত্যাকাৰীক সুৰক্ষা দিছে বুলিও অভিযোগ কৰে আমছুৰ সভাপতিজনে। ইপিনে নিৰ্ব্বাচনি প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল জিকাৰ পিচত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৰা মন্তব্য সন্দৰ্ভত আমছুৰ সভাপতি জনে মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই কয় যে নিৰ্ব্বাচনৰ পিচত কিয়, নিৰ্ব্বাচনৰ আগতে ওলিয়াই দিয়ক হত্যাকাৰীক । যিহেতু আপোনালোকে গম পায় হত্যাকাৰী কোন আৰু চিবিআইয়েও গম পায় , গতিকে নিৰ্ব্বাচনৰ আগতে ৰাজহুৱা কৰক লাফিকুল হত্যাকাৰীক । অন্তত লাফিকুলৰ পৰিয়ালে অকমান শান্তি পাব। আমি পূৰ্বৰ পৰাই অভিযোগ কৰি আহিছিলো যে এয়া ৰাজনৈতিক হত্যাকাণ্ড আৰু তেতিয়াই আমি আৰক্ষী অধিক্ষক জনক  নিলম্বনৰ দাবী কৰিছিলো । কিন্তু নিলম্বন কৰা দূৰৰ কথা বৰং আৰক্ষী অধীক্ষকগৰাকীৰ চকীখনেই হিলাব নোৱাৰিলে । তেনে এখন চৰকাৰেই এতিয়া কৈ আছে লাফিকুল হত্যাকাৰীক চিনাক্ত কৰাৰ কথা । সেয়ে এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবলৈ ৰেজাউল কৰিম সৰকাৰে আহ্বান জনায়। লগতে ছাত্ৰ নেতাজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান তথা দাবী জনাই কয় যে যদি চৰকাৰী ভাৱে লাফিকুলক হত্যা কৰা হোৱা নাই আৰু যদি এই বিষয়ে তথ্য আছে তেন্তে নিৰ্ব্বাচনৰ আগতে ইয়াক ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰক। অন্যথা ইয়াৰ পৰিণাম বিজেপি দল আৰু চৰকাৰে ভোগ কৰিব লাগিব। এই বিষয়ে আন্দোলন চলিব অবিৰত ভাৱে । আমি আগতে জনা নাছিলো যে লাফিকুলৰ হত্যাকাৰী চিনাক্ত হৈছে ? যিহেতু মন্ত্ৰী জনে নিজেই কৈছে চিনাক্ত কৰাৰ কথা, গতিকে অতিশীঘ্ৰেই যিকোনো প্ৰকাৰে হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ আহ্বান জনায়। অন্যথা নিৰ্ব্বাচনৰ পিচে পিচে পুণৰ আন্দোলন চলিব বুলিও কয় আমছুৰ সভাপতিজনে। তেও লগতে কয় যে -- হিমন্ত বিশ্ব এজন চতুৰ ৰাজনীতিবিদ । সংখ্যালঘুৰ আৱেগক লৈ খেলা খেলি বিটিচিৰ নিৰ্ব্বাচনি বৈতৰণি পাৰ কৰিব খুজিছে । লাফিকুল ইছলাম সংখ্যালঘুৰ আৱেগ ৷ কাৰণ লাফিকুলৰ হত্যাকাণ্ড কোনেও পাহৰিব পৰা নাই ৷ তেনে সময়ত হিমন্ত বিশ্ব শৰ্মাই যি নিকৃষ্ট ৰাজনীতি কৰি আছে তাৰ পৰা প্ৰমাণিত হয় যে হিমন্তৰ দৰে নিকৃষ্ট ৰাজনীতিবিদ বিশ্বৰ কতো নোলাব  । নিৰ্ব্বাচনৰ আগতে লাফিকুলৰ হত্যাকাৰীক ৰাজহুৱা নকৰিলে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ সংখ্যালঘু সকলে নিৰ্ব্বাচনত দিব বুলিও কয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা