মনন্তৰৰ কবি বীৰেণ বৰকটকীৰ স্মৃতিদিৱস পালন

 মনন্তৰৰ কবি বীৰেণ বৰকটকীৰ স্মৃতিদিৱস কালি পালন কৰা হয়। ১৯২৪ চনৰ ২৩ মাৰ্চত শোণিতপুৰৰ বগলীবাৰীত জন্মগ্ৰহণ কৰা বৰেণ্য সাহিত্যিকগৰাকীৰ স্মৃতিদিৱসটি শিৱসাগৰ জিলা সাহিত্য সভাই অনুষ্টুপিয়াকৈ উদযাপন কৰে। নৱনীত হাজৰিকাই অাঁতধৰা অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, প্ৰয়াত সাহিত্যকগৰাকীৰ বোৱাৰী মনিতা বৰকটকী, সাংবাদিক মনোজ গগৈ, জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ অাহ্বায়ক প্ৰাঞ্জল পূজাৰী, শিৱসাগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক যোগেন গগৈকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে।

উল্লেখ্য যে ১৯৮৬ চনৰ অসম সাহিত্য সভাৰ কামপুৰ অধিৱেশনৰ সভাপতি, 'পিতামহ' গ্ৰন্থৰ স্ৰষ্টা বৰকটকীয়ে শিৱসাগৰ ফুকন নগৰৰ এইটো ঘৰতে জীৱননিৰ্বাহ কৰিছিল।

কিন্ত পৰিতাপৰ কথা যে ১৯৪২ চনত স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এইগৰাকী বৰেণ্য সাহিত্যিকৰ গ্ৰন্থসমূহ সংৰক্ষণৰ অভাৱত এইদৰেই উৱলি যাবলৈ ধৰিছে।

সাহিত্যিকগৰাকীৰ এইসমূহ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনালে শিৱসাগৰ সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা