বি টি চিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব'ৰঙিয়াত হাগ্ৰামাৰ মন্তব্যঃ বিপিএফৰ হব বিটিচিত চৰকাৰ

প্ৰতিবেদক, ৰঙিয়া, ২৭ নৱেম্বৰঃ 'হিমন্ত বিশ্ব শৰ্মাই যিমানেই চেষ্টা নকৰক কিয় বি টি চিত চৰকাৰ বনাব নোৱাৰে ৷ অসমত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ চান্স নাই বাবে বি টি চিত চীফ হোৱাৰ সপোন দেখিছে হিমন্ত বিশ্বই ৷ বি টি চিত চীফ হৈ তেওঁ ডিমা হাছাওৰ দৰে হাজাৰ কোটিৰ কেলেংকাৰী কৰিব বিচাৰিছে ৷ কিন্তু বি টি চিত তেওঁৰ সপোন পুৰা নহয় ৷ বিশ্বজিত দৈমাৰী এবছুৰ পৰা খেদা খোৱা লীডাৰ ৷ হিমন্ত বিশ্ব শৰ্মাও আছুৰ পৰা খেদা খোৱা লীডাৰ ৷ এইবিলাক খেদা খোৱা লীডাৰে ৰাজ্যৰ একো উন্নয়ন কৰিব নোৱাৰে ৷' এই মন্তব্য বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷ ৰঙিয়াৰ চহৰৰ পাৰ্শ্বৱৰ্তী খন্দিকৰৰ নলিনীবালা দেৱী হাইস্কুল খেলপথাৰত আজি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাগ লৈ মহিলাৰীয়ে এইদৰে কয় ৷ বি টি চিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰী নচলিব বুলি মন্তব্য কৰি মহিলাৰীয়ে আৰু কয়-বি টি চি নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় ৷ বি টি চিত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ভাগ লোৱাৰ পিছৰে পৰা বি পি এফৰ বহুত লাভ হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত কিমান কেলেংকাৰী কৰিছে তাৰ হিচাপ নাই ৷ সেই কাৰণে নিজকে বচাবৰ বাবে তেওঁ দল সলনি কৰি থাকে ৷ ডিমা হাছাওৰ এক হাজাৰ কোটি টকাৰ কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী এইবোৰ কোনে কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মা অসমত প্ৰভাৱশালী হ’ব পাৰে বি টি চিত নহয় ৷ বি টি চিত তেওঁৰ কোনো কাম নাই ৷ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত কোকৰাঝাৰত মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বি পি এফৰ সকলোবোৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি মহিলাৰীয়ে কয় যে বি টি চিত আজি বি টি চিত অনাগত দিনত কোনো গণ্ডোগোল হ’লে ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা দায়ী হ’ব ৷ সভাত বি টি আৰ চুক্তি প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয়- এই চুক্তি বড়ো জাতিৰ সৈতে কৰা প্ৰতাৰণাৰ এক দলিল ৷ প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনে বড়ো জাতিৰ চকুত ধূলি মাৰি এই চুক্তি কৰি আনিছে। এন ডি এফ বিৰ চাৰিটা গোটে এই চুক্তি সম্পাদন হোৱাৰ পূৰ্বে দেখাই নাপালে। চুক্তি সম্পাদনৰ মাত্র এঘন্টা আগত এন ডি এফ বিৰ নেতৃবৰ্গক মাতি চুক্তিত চহী কৰাইছে । চুক্তিত মোকো সাক্ষী হিচাপে চহী কৰিবলৈ দিছে ৷ কিন্তু ভিতৰত কি আছে সেইটো মোক চাবলৈ দিয়া নাছিল । যিখন চুক্তিত বি টি চিত বাস কৰা মানুহক উচ্ছেদৰ কথা কোৱা হৈছে সেইখন চুক্তিয়ে কেনেদৰে বি টি চিত শান্তি আনিব বুলি প্ৰশ্ন কৰি মহিলাৰীয়ে কয় যে আমি মানুহক মাটিৰ পট্টা দিবলৈ ওলাইছো । সেই মাটিত থকা বড়ো, ৰাভা, মুছলিম, হিন্দু বঙালী, আদিবাসী সকলো বি টি চিৰ বাসিন্দা ৷ তেওঁলোকক কোনো কাৰণতে উচ্ছেদ কৰিবলৈ দিয়া নহ’ব ৷ যি চুক্তিয়ে উচ্ছেদ জাপি দিয়ে সেই চুক্তিয়ে বি টি চিত কাজিয়াৰহে সৃষ্টি কৰিব ৷ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে বি টি চিত সেইটোৱে বিচাৰিছে । আমি বি টি চিত বহুত শান্তিত আছো আৰু শান্তিত থাকিব বিচাৰো । হিমন্ত বিশ্ব শৰ্মাই বি টি চিত বড়ো আৰু অবড়োৰ মাজত বিভাজনৰ ৰাজনীতি আনি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে ৷ পিছে হিমন্ত বিশ্বৰ সেই সপোন কাহানিও ফলৱতী নহয় বুলি কয় মহিলাৰীয়ে ৷ সভাত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ ক্ষুৰধাৰ সমালোচনা কৰি কয় ইউ পি পি এলৰ প্ৰমোদ বড়োয়ে ২০০৪ চনত ৰঙিয়াত পুঠিমাৰী নদীৰ মথাউৰি ভঙা সময়ত সহস্ৰাধিক মানুহক বিনা পাৰিশ্ৰমিকত মথাউৰি নিৰ্মাণৰ কামত খটুৱাই পিছত সেই কামৰ বিপৰীতে ১ কোটি ৪০ লাখ টকা চৰকাৰৰ পৰা উলিয়াই লৈ নিজৰ পকেটত ভৰায় ৷ প্ৰমোদ বড়োয়ে ২০০৪ চনত এবছুত থকাৰ পৰাই দূৰ্নীতি আৰম্ভ কৰিছে। গাহৰি ফাৰ্মৰ নামত কোটি কোটি টকা চৰকাৰৰ পৰা আনি গাহৰি পালকসকলক ভগাই দিয়াৰ কথা আছিল যদিও আজিৰ তাৰিখতো গাহৰি পালকসকলে গাহৰি পোৱালি, গাহৰিৰ দানা নাপালে। প্ৰমোদ বড়োয়ে বি টি চিত ৰাজ্যপালৰ শাসন জাপি দি তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচিছিল বুলি অভিযোগ কৰি মহিলাৰীয়ে কয় যে যোৱা ৬-৭ মাহ ধৰি ৰাজ্যপালে অনুসন্ধান কৰি এটা দূৰ্নীতিও আজিৰ তাৰিখত প্ৰমাণ কৰিব নোৱাৰিলে। আজিৰ সভাত ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰী, বিপিএফৰ সাংগঠনিক সম্পাদক ৰফিক আহমেদ, তামুলপুৰ জিলা বি পি এফৰ সাংস্কৃতিক আৰু খেল সম্পাদক এন ছাইঠেই, জনপ্রিয় কন্ঠশিল্পী ভৃগু কাশ্যপ, কৌতুক অভিনেতা বিপুল ৰাভা, কামৰূপ জিলাৰ বি পি এফৰ সভাপতি ডাঃ মৃণাল ডেকা প্ৰমুখ্যে ভালে সংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা