পাথৰি বৈদিক ধৰ্ম সংঘত বিশ্ব শান্তিৰ উদ্দেশ্যে তুলসী সহস্ৰনাম পাঠ

 পাথৰি বৈদিক ধৰ্ম সংঘত বিশ্ব শান্তিৰ উদ্দেশ্যে তুলসী সহস্ৰনাম পাঠ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ নবেম্বৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পাথৰি বৈদিক ধৰ্ম সংঘৰ উদ্যোগত আৰু স্থানীয় মহিলা সমাজৰ সহযোগত বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ দৰে মহান উদ্দেশ্য আগত ৰাখি পবিত্ৰ কাতি মাহ উপলক্ষে সংঘৰ স্থায়ী মণ্ডপত দেওঁবাৰে শ্ৰী শ্ৰী তুলসী সহস্ৰনামৰ আয়োজন কৰা হয়। প্ৰতি বছৰে ব্যাপক ওলহ-মালহেৰে উদযাপিত হৈ অহা এই সহস্ৰনাম এইবাৰ বিশ্বত্ৰাস সৃষ্টিকাৰী কৰ’না মহামাৰীৰ ভয়াৱহতাৰ বাবে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট’কলৰ সকলো নীতি-নিয়ম পালন কৰি জাকজমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰায় শতাধিক ভক্তৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্ঠানটি বন্তি প্ৰজ্বলন, আয়তীৰ উৰুলি আৰু শংখ ধ্বনিৰ মাজত সৃষ্টি হোৱা এক আধ্যাত্মিক পৰিবেশত পুৰুহিতৰ মন্ত্ৰোচ্চাৰণেৰে সম্পন্ন কৰা হয়। আচলতে সামাজিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে পাথৰি বৈদিক ধৰ্ম সংঘৰ তৰফৰ পৰা সময়ে সময়ে এনে পদক্ষেপ গ্ৰহণ কৰা হয়। ইফালে, এই আধ্যাত্মিক অনুষ্ঠানটিৰ সফলতাৰ বাবে পাথৰি বৈদিক ধৰ্ম সংঘৰ সম্পাদক মৃণাল জ্যোতি শৰ্মাই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা