হাজোৰ খোপনিকুছি কৰিবিলত যাতায়তৰ অসুবিধাত গৃহবন্দী জনতা

পঙ্কজ নাথ, চাংসাৰি, ২৭ নৱেম্বৰ :

কামৰূপ জিলাৰ হাজোৰ খোপনিকুছি কৰিবিল বাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত এক বৃহৎ হেঙাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। 

খোপনিকুছি কৰিবিল বাসী ৰাইজৰ দান বৰঙনিৰে  কৰিবিলৰ পৰা খোপনিকুছি মিলন বজাৰ সংযোগী এটি পথ নিৰ্মান কৰি  অহা যোৱা কৰি আছিল । 

কিন্তুু যোৱা কেইদিনৰ পৰা কেইজনমান সমাজ বিৰোধী লোকে অন্যায়ভাবে ৰাইজক অহা যোৱা কৰা পথত বেৰ দি বাধাৰ সৃষ্টি কৰিছে । যাৰবাবে ইতিমধ্যে স্থানীয় ৰাইজে জুলহাছ আলী, ছায়েদ মুন্চী, হজৰত আলী, চুকুৰ আলী , ৰহিম আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত উক্ত ঘটনাৰ সন্দৰ্ভত এখন এজেহাৰ দাখিল কৰিছে আৰু ৰাইজে এই সমস্যাৰ সমাধান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে । 

এতিয়া ঘটনা সন্দৰ্ভত বিচাৰ কৰি আৰক্ষী প্ৰশাসনে ৰাইজক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰিব নে নকৰিব সেয়া সময়তহে লক্ষনীয় হব ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা