ডিচেম্বৰত সাংবাদিক কৰ্ম পৰিষদ, গোৱালপাৰাৰ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা প্ৰদানৰ সিদ্ধান্ত

সাংবাদিক কৰ্ম পৰিষদ,অসমৰ গোৱালপাৰা জিলা সমিতিৰ নৱ নিৰ্বাচিত পৰিচালনা সমিতিখনৰ এখন সাধাৰণ সভা আজি মাটিয়াৰ নন্দেশ্বৰ পীঠস্থান প্ৰাংগণত অনুষ্ঠিত হৈ যায় ৷ সমিতিৰ নৱ নিৰ্বাচিত সভাপতি নীলমণি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱ নিৰ্বাচিত সম্পাদক কন্দৰ্প নাথে ৷ আজি দিনৰ ১১ বজাত অনুষ্ঠিত  সভাখনত সাংবাদিক কৰ্ম পৰিষদ,অসমৰ গোৱালপাৰা জিলা সমিতিৰ ২০১৯ বৰ্ষৰ "সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা"টি চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ দ্বিতীয় পষেকত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আনহাতে, সমিতিৰ প্ৰাক্তন সভাপতি চৈয়দ ৰবিউল হক আৰু সম্পাদক বেনজিন বড়োক নৱ গঠিত সমিতিখনত উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হয় ৷ আজিৰ সভাখনতে ৰিপাব্লিক ভাৰত টি ভি চেনেলৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতিশীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰা হয় ৷



কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা