গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত সীমাহীন সমস্যাঃকাণসাৰ নাই চৰকাৰ কিম্বা জন প্ৰতিনিধিৰ

গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী বিভিন্ন অঞ্চলক আজিও সীমাহীন সমস্যাই গ্ৰাস কৰি ৰাখিছে ৷ বিশেষকৈ যাতায়াত,খোৱাপানী, স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাই যুগ যুগ ধৰি নগুৰনাগতি কৰি আহিছে সীমান্তবাসী ৰাইজক ৷ তেনে এক সমস্যা বহুল অঞ্চল গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ কুকুৰকাটা ৷ অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকলিপাৰা,সৰকপাৰা, গাৰোমাৰা আদিকে ধৰি সাতখনৰো অধিক গাৱঁৰ ৰাইজৰ দুখ দুৰ্দশা দেখিলে সকলোৰে চকু কপালত উঠিব ৷ আজি এই অতি আধুনিকতাৰ দিনতো অঞ্চলটোৰ 
গাৱঁসমূহৰ পৰা ওলোৱা-সোমোৱা কৰা একমাত্ৰ পথটো গোটেই বছৰে পানীৰে পৰিপূৰ্ণ হৈ থাকে ৷ বাৰিষা  একাঠু পানী জমা হোৱা পথটোৰ অৱস্থা খৰালি কালতো হৈ থাকে তথৈবচ ৷ তেনে পংকিলময় পৰিবেশৰ মাজৰেই দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰো সমস্যা আজিলৈ সমাধা নহ’ল ৷ বহু জনতাই আজিও পিয়াহ দূৰ কৰে ঝৰ্ণাৰ পানীৰে ৷ অতি ভিতৰুৱা অঞ্চলটোত প্ৰয়োজনীয় শিক্ষানুষ্ঠানৰো অভাৱ ৷ জিনাৰি নৈৰ সিটো পাৰত এখন বিদ্যালয় আছে যদিও নৈ পাৰ হ’বলৈ নাই দলং ৷ যাৰ পৰিপ্ৰেক্ষিতত কণ কণ শিশু সকলে ভৰা নৈ পাৰ হ’ব লাগে ভূৰ অথবা টুলুঙা নাৱেৰে ৷ বাহিৰৰ পৃথিৱীৰ কূট কৌশল বুজি নোপোৱা এই অঞ্চলৰ বাসিন্দা সকলৰ বাবে উন্নয়ন অথবা পৰিবৰ্তন আজিও নুবুজা সাঁথৰ ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে গাওঁ খনলৈ যোৱা পথটোয়ে নিৰ্মাণ নহ’ল ৷ অন্যান্য সমস্যা সমাধানৰ সপোনতো সুদূৰপৰাহত ৷ আকৌ আহিছে নিৰ্বাচন ৷ আকৌ আহিব নেতা পালিনেতা ৷  পিছে,উন্নয়ন হ’বনে গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এই অঞ্চল সমূহৰ ৷ আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কুকুৰকাটাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এয়াই হৈছে লাখটকীয়া প্ৰশ্ন ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা