ডিজিটেল লেনদেনৰ উদগনি যোগাবলৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীলৈ কেছবেক উপহাৰ ঘোষণা এইচডিএফচি বেংকৰ




ষ্টাফ ৰিপ'ৰ্টাৰ,৩১ অক্টোবৰ,,, এইচডিএফচি বেংকে মেট্ৰ, মজলীয়া চহৰ আৰু গ্ৰামীণ বজাৰৰ ব্যৱসায়ী সকলক ডিজিটেল লেনদেনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অথবা উদগনি যোগাবলৈ কেছবেক/ অফাৰৰ ঘোষণা কৰিছে।  চলিত বৰ্ষৰ অক্টোবৰত  'টিজ পে ট্ৰিট' (Tees pe Treat) নামৰে আৰম্ভ কৰা এই অভিযান বছৰৰ শেষলৈ থাকিব। উৎসৱৰ বতৰক সাঙুৰি ল'ব এই অভিযানে। এই অভিযানে সমগ্ৰ দেশৰ এইচডিএফচি বেংক নেটৱৰ্কৰ ৭ লাখতকৈ অধিক ব্যৱসায়ী আৰু বেপাৰীকো সাঙুৰি ল'ব। ব্যৱসায়ী সকলে বেংকৰ ব্যৱসায়ী এপ', কিউআৰ কোড, পিঅ'এছ অথবা পেমেণ্ট গেটৱেৰ সকলো প্ৰকাৰ যেনে- ইলেক্ট্ৰনিক, পোছাক, গ্ৰ'চাৰী, ইন্ধন আদিত ডিজিটেল লেনদেনৰ দ্বাৰা কেছবেক অথবা উপহাৰ লাভ কৰিব পাৰিব। এই সম্পৰ্কে এইচডিএফচি বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুখ পৰাগ ৰাও (পৰিশোধ, উপভোক্তা বিত্ত, মাৰ্কেটিং আৰু ডিজিটেল বেংকিং)ৱে কয়-' এয়া বেংকৰ প্ৰথম পদক্ষেপ, আমাৰ ফেষ্টিভ ট্ৰিটছ অভিযান সমগ্ৰ দেশজুৰি বিস্তাৰ কৰা হৈছে। এই অভিযানে আমাৰ নেটৱৰ্কৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলক সাঙুৰি ল'ব। এই অভিযানে কেৱল মেট্ৰ ব্যৱসায়ীকে সাঙুৰি নলয়, মজলীয়া চহৰ আৰু গ্ৰাম্য বজাৰৰ ব্যৱসায়ীকো সাঙুৰি ল'ব।' তেওঁ লগতে কয়"- বিভিন্ন ডিজিটেল পৰিশোধ গ্ৰহণ কৰা হৈছে সমগ্ৰ দেশত। ব্যৱসায়ীসকলক ডিজিটেল লেনদেনৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভিন্ন ডিজিটেল পৰিশোধ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় এই পদক্ষেপ ডিজিটেল ভাৰতৰ এক মহত্বকালীন পদক্ষেপ। দেশৰ সবাতোকৈ বৃহৎ ব্যক্তিগত ঋণদাতাৰূপে মান্যতা লাভ কৰা এই বেংকে আগন্তুক তিনি বছৰত নিজৰ নেটৱৰ্কত ২০ নিযুত ক্ষুদ্ৰ ব্যৱসায়ীক সাঙুৰি লোৱাৰ লক্ষ্য ৰাখিছে। এইচডিএফচি বেংকে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে সৰল ৱেবচাইট, ঋণ প্ৰদানৰ দিশসমূহৰ প্ৰতি গুৰুত্ব দিছে। ইএমআইৰ ধন ক্ৰেডিট, ডেবিট কাৰ্ড আৰু ইউপিআই দৰে মাধ্যম সমূহৰে ব্যৱসায়ী সকলে ডিজিটেল লেনদেন কৰিলে কেছবেক অথবা উপহাৰ লাভ কৰিব। লগতে এই ক্ষেত্ৰত বিকিউআৰ আৰু এছএমএছৰ সুবিধা ল'ব পাৰিব। এইচডিএফচি বেংকৰ ব্যৱসায়ী এপ' SmartHub ৰে প্ৰায় ৩০বাৰ ডিজিটেল লেনদেন কৰিলে কেছবেক ৰূপে সৰ্বাধিক ১৫০০টকা লাভ কৰিব পাৰিব। আনহাতে প্ৰতি সপ্তাহে আইফোন আৰু উপহাৰ জিকিব পাৰিব ব্যৱসায়ীয়ে। এই সুযোগ উৎসৱ বতৰৰ ডিচেম্বৰলৈ থাকিব। এইচডিএফচি বেংকৰ ৮খন শীৰ্ষ চহৰত ৪৯ শতাংশ ভলিউম অংশীদাৰিত্ব আছে। আনহাতে দেশৰ শীৰ্ষ ১০০ জন ব্যৱসায়ীৰ ইকম, ইন্ধন, স্বাস্থ্যখণ্ড, পোছাক, গহনা, ইলেক্ট্ৰনিক আৰু টেলিকোমত ৬৫ শতাংশ ভলিউম অংশীদাৰিত্ব আছে। এই অভিযানৰ লগত ২০০০ হাইপৰ লোকেল অফাৰ থাকিব মজলীয়া চহৰ আৰু গ্ৰাম্য বজাৰৰ ব্যৱসায়ীৰ বাবে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা