ৰঙিয়া মহকুমাৰ কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

প্ৰতিবেদক, ৰঙিয়া , ১৮ নৱেম্বৰঃ
ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মৰ্মে আগন্তুক ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ৫৬ নং কমলপুৰ বিধান সভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত আজি সংক্ষিপ্ত সংশোধনী খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ পায়। সংশোধনী সূচী মৰ্মে  আজি ১৮ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰ  ২০২০ ভিতৰত ভোটাৰ সকলে নিজৰ দাবী আৰু আপত্তিৰ আবেদন দাখিল কৰিব লাগিব আৰু ৫ জানুৱাৰী ২০২১ তাৰিখ বুধবাৰে দাবী, আপত্তি সমূহৰ নিষ্পত্তি কৰণ কৰা হব। আৰু  নৱবৰ্ষৰ ১৫ জানুৱাৰী শুক্ৰবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ।ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালৰ নিৰ্দেশ মৰ্মে আজি কমলপুৰ সমষ্টিৰ বাবে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মহকুমা নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাস, নিৰ্বাচন পঞ্জীয়ন বিষয়া তথা চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা, সহ:নিৰ্বাচন পঞ্জীয়ন বিষয়া সমূহ আৰু খণ্ড পৰ্য্যায়ৰ বিষয়া পৰ্যবেক্ষক সমূহৰ উপস্থিত খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ বিপৰীতে ৰঙিয়া সমষ্টিৰ বাবে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত নিৰ্বাচন পঞ্জীয়ন বিষয়া তথা ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, সহ নিৰ্বাচন পঞ্জীয়ন বিষয়া সমূহ আৰু খণ্ড পৰ্য্যায়ৰ বিষয়া পৰ্যবেক্ষক সমূহে ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। মহকুমা নিৰ্বাচনী বিষয়া  হৃদয় কুমাৰ দাস ,নিৰ্বাচনী কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী জাকিৰ হুছেইন, কম্পিউটাৰ সহায়ক ভবজিত কলিতাই সংশোধনী খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ কথা জানিবলৈ দি কয় যে, খচৰা ভোটাৰ তালিকাত ২০২১ বৰ্ষৰ ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিত পুৰুষ ৮৯,৩৪০ গৰাকী, মহিলা ৮৫,৮৯২ গৰাকী, মুঠ ১,৭৫,২৩২ গৰাকী  আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত পুৰুষ ৯৬,৫৪৮ গৰাকী, মহিলা ৯৩,৩০৬ গৰাকী, মুঠ ১,৮৯,৮৫৪ গৰাকী ভোটাৰ সন্নিবিষ্ট হৈ আছে।আনহাতে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ  ভোটাৰ সকলক এক জাননী যোগে জনাইছে যে যি সকল ভোটাৰে আজি পৰ্য্যন্ত ভোটাৰ তালিকাৰ বাবে পাছপ'ৰ্ট আকাৰৰ ৰঙীন ফটো বুথ পৰ্য্যায়ৰ বিষয়াৰ হাতত অথবা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জমা দিয়া নাই, তেওঁলোকক অহা ২৪ নৱেম্বৰ ২০২০ তাৰিখ বা তাৰ আগতে বুথ পৰ্য্যায়ৰ বিষয়া বা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনায় । অন্যথা তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হব। 
        প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা