গড়লত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা : কংগ্ৰেছ দলৰ ভোট বেংকৰ ৰাজনীতিয়ে শংকিত কৰিছে খিলঞ্জীয়া ৰাইজক
ষ্টাফৰিপোৰ্টাৰ, ১ নৱেম্বৰ : কংগ্ৰেছ দলে কোনোদিনে উন্নয়ন আৰু একতাৰ ৰাজনীতি নকৰে । দলটোৱে মাথোঁ কৰে ভোটবেংক আৰু বিভাজনৰ ৰাজনীতি । আনকি কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতিয়ে অসমৰ খিলঞ্জীয়া ৰাইজক সদায় শংকিত কৰি আহিছে । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । আজি পশ্চিম গুৱাহাটীৰ কেন্দুকুছি ভট্টাপাৰা প্ৰাথমিক বিদ্যালয়ত অগপৰ গড়ল আঞ্চলিক সমিতিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰো নাম উল্লেখ নকৰাকৈ কয় বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ মাজে-সময়ে দুই এটা ৰাজনৈতিক দল গঠন কৰা হৈছে । কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভাৰ নিৰ্বাচনতো অগপ-বি জে পি নেতৃত্বাধীন মিত্ৰজোটোক ভোট দিব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে । আনহাতে অগপৰ গড়ল আঞ্চলিক সমিতিৰ সভাপতি অখিল বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনীক সম্পাদক সুভাষ শৰ্মাই ভাগ লৈ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ মিঞা মিউজিয়ামৰ প্ৰসঙ্গৰ আলোকপাত কৰি এনে বিষয়ৰ বাবে কংগ্ৰেছ দলটো খিলঞ্জীয়াৰ পৰা আঁতৰি গৈছে বুলি ব্যক্ত কৰে । সভাত পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা বৰষা নাথ কলিতা , অগপৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা , অসম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰণৱ দাস , সমাজসেৱীকা অজন্তা শৰ্মা ডেকা , মতিউৰ ৰহমানকে ধৰি কেইবাজনো অগপ নেতাই ভাষণ দি অহা নিৰ্বাচনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰ বিপুল ভোটেৰে বিজয়ী কৰাৰ বাবে হাতে-কামে নামি পৰিবলৈ উপস্থিত চাৰি শতাধিক কৰ্মীক আহ্বান জনায় । আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে বিজয় কুমাৰ বৰুৱাক সভাপতি , তপন যশৰীয়া , ৰঞ্জন দাস , নৃপেন দাস আৰু দেৱজিৎ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ অগপৰ গড়ল আঞ্চলিক সমিতিখন গঠন কৰা হয়। তেনেদৰে অসম যুৱ পৰিষদ , অসম মহিলা পৰিষদ , অসম শ্ৰম পৰিষদ আৰু অসম কৃষক পৰিষদৰ গড়ল আঞ্চলিক সমিতিৰ কাৰ্যকৰি সমিতি সমূহ গঠন কৰা হয় ।
Comments
Post a Comment