জামুগুৰিহাটৰ সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰ স্মৃতিত নিৰ্মান হ’ব প্ৰেক্ষাগৃহ

আদ্যশ্ৰাদ্ধৰ দিনটোত শিল্পীগৰাকীক সোঁৱৰণ৷
#স্মৃতিগ্ৰন্থ “বিষাদ গাঁথা” উন্মোচন


ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৭ নৱেম্বৰ:জীৱন আৰু মৃত্যু এক অৱধাৰিত প্ৰক্ৰিয়া৷জন্ম হোৱা জনৰ মৃত্যুও অনিবাৰ্য৷তথাপিও কিছুমান মৃত্যুৰ সংবাদ আমাৰ বাবে অসহনীয় হৈ উঠে৷প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যত এটা হেৰাই গ’ল অকালতে৷সংস্কৃতিৰ পথাৰখনত জুমনিৰ অভাৱ অনুভৱ হ’ব বহুদিনলৈ৷এই মন্তব্য নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰাৰ৷আজি জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ দিনটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখনি স্মৃতিচাৰণ সভাত “বিষাদ গাঁথা জুমণিৰ সজল সোঁৱৰণ" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি এইদৰে কয় উন্মোচক ৰাজীৱ কুমাৰ বৰাই৷বিয়লি প্ৰয়াত শিল্পীগৰাকীৰ কোছগাঁৱৰ বাসগৃহত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত স্মৃতিচাৰণ কৰে কোঁছগাঁও গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰদীপ শইকীয়া,ভৰলীপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ ভূঞা,অসম সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতা,জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়া,ভৰলীপৰীয়া বিহুদলৰ উপদেষ্টা মনজ্যোতি হাজৰিকা,লক্ষীমপুৰ মনিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা দীপাদাস হাজৰিকা প্ৰমুখ্যে গুণমুগ্ধসকলে৷স্মৃতিচাৰণ সভাৰ প্ৰাকক্ষণত প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখত শিল্পীগৰাকীৰ স্মৃতিত বৃক্ষৰোপন কৰে বাপুজি ভৱন নাট্য সমাজৰ সভাপতি জনাৰ্দন ভূঞা,জাগৰণ য়ুথ ক্লাৱ প্ৰমুখ্যে শিল্পীগৰাকীৰ গুণমুগ্ধসকলে৷উল্লেখ্য যে অঞ্চলটোৰ অৰ্ধশতাধিক অনুষ্ঠানৰ শোকস্তব্ধ গুণমুগ্ধসকলৰ লগতে গাঁওখনৰ ৰাইজ,মহিলা,যুৱক যুৱতীসহ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাখনৰ “বিষাদ গাঁথা” সোঁৱৰণি গ্ৰন্থখন উন্মোচন কৰি নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰাই উল্লেখ কৰে যে গ্ৰামোন্নয়ন বিভাগৰ পৰা অঞ্চলটোৰ বিভিন্ন গাঁৱত তথা বিভিন্ন অনুষ্ঠানত নিৰ্মিয়মান কোনো এটি প্ৰেক্ষাগৃহ জুমণি শইকীয়াৰ স্মৃতিত নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে৷আনহাতে সাংস্কৃতিক কৰ্মী শৈলেন বৰকটকীয়ে আঁত ধৰা একেখন সভাতে জুমণিৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷এক শোকাকুল পৰিৱেশত অনুষ্ঠিত সভাখনত বক্তাসকলে উদীয়মান যুৱক,বিহু,শংকৰী কলাকৃষ্টিৰ একনিষ্ঠশিল্পী,সুললিত কণ্ঠৰ অধিকাৰী তথা ৰাস,ভাঁওনা,বিহু,ঢোল,খোল আদি সকলোতে পাৰ্গত জুমণিৰ  বিভিন্ন দিশ আলোকপাত কৰে৷ইফালে আজি সন্ধিয়া জামুগুৰিৰ নাভিকেন্দ্ৰৰ “ডি” স্থানত জুমনিৰ স্মৃতিত বন্তি  প্ৰজ্বলনো কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ জিলা যুৱ সমাজৰ লগতে গুণমুগ্ধসকলে৷উল্লেখ্য যে জামুগুৰিহাটৰ কোঁছগাঁৱৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনি শইকীয়া(২৮) যোৱা ৭ নৱেম্বৰত বালিপাৰাৰ নিকটৱৰ্তী দীঘলীত এক পথ দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালী ল’বলগীয়া হৈছিল৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা