Posts

Showing posts from February, 2021

অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব

ষ্টাফৰিপোৰ্টৰ,২৮ ফেব্ৰুৱাৰী : অসমৰ ৰাইজৰ আৰ্শীবাদত অসমত এইবাৰো আকৌ বিজেপিৰ চৰকাৰ গঠন হ'ব।এইবাৰো অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব। দেওবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশ্বিনী কুমাৰ শ্বুবেই এই মন্তব্য কৰে।গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু'ত এখন সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী গৰাকীয়ে কয় "কংগ্ৰেছৰ শাসনত অসমক কংগ্ৰেছে অসমত হিংসা আৰু উগ্ৰবাদ দিলে।অসম সকলো ক্ষেত্ৰতে  বহুত পিছ পৰি গ'ল।কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আগবাঢ়ি গ'ল।যোৱা পাঁচটা বছৰত এই চৰকাৰে ঘৰে ঘৰে বিকাশৰ বাবে কাম কৰিলে।অসমত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি আহিছে। বিগত পাঁচ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৩৫ বাৰৰো অধিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উন্নয়নৰ খবৰ লৈ আহিছে।সেয়েহে  অসমৰ ৰাইজে এতিয়া কংগ্ৰেছৰ অপশাসনৰ দিনবোৰ মনত পেলাই বিজেপি চৰকাৰক আকোৱালি লৈছে।মোৰ অত্যন্ত বিশ্বাস যে এইবাৰো অসমৰ ৰ

পাটাছাৰকুছি অগপই এৰি নিদিয়ে বিজেপিক : ড: ৰঞ্জিত ডেকা

Image
 টিহুত অগপৰ টিহু মণ্ডলৰ বুথ সভা সম্পন্ন  #  # পাটাছাৰকুছি অগপই এৰি  নিদিয়ে বিজেপিক : ড: ৰঞ্জিত ডেকা # পবিন্দ্ৰ ডেকা এতিয়া অ-প্ৰাসংগিক  : ড: ৰঞ্জিত ডেকা # অসমত অগপ-বিজেপি  মিত্ৰজোতৰ চৰকাৰ হোৱাটো নিশ্চিত  : অমিয় দাস  #  পাটাছাৰকুছিত অক্ষুন্ন থাকিব আঞ্চলিকতাবাদৰ দুৰ্গ : অমিয় দাস #   আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ  এমাহ বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতাত  । পিছ পৰি থকা নাই পাটাছাৰকুছি বিধান সভা সমষ্টি । আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত বিজেপি নে অগপই প্ৰাৰ্থী দিব সেইয়া চুড়ান্ত হোৱা নাই যদিও দুয়োটা দলে চলাই গৈছে নিৰ্বাচনী কুচকাৱাজ  । দেওবাৰে  (আজি)  সমষ্টিটোৰ টিহুৰ ৰাস খ'লাত  অনুষ্ঠিত হয় অসম গণ পৰিষদৰ টিহু  মণ্ডল  পৰিষদৰ  এখন বুথ  সভা  ।  অসম গণ পৰিষদৰ টিহু মণ্ডল সমিতিৰ  সভাপতি চানক্য চৰণ কলিতাৰ  সভাপতিত্বত অনুষ্ঠিত বুথ  সভাত  অগপ নেতা ড: ৰঞ্জিত ডেকা, অমিয় দাস,  বানী কলিতা, কল্পনা পাটোৱাৰী,  ধৰ্মেশ্বৰ ৰয়, ধ্ৰুৱ দত্ত, হৰেকৃষ্ণ মেধি, বন্তি পাঠক  আদি বহুকেইজন নেতাই অংশ লয়  । অগপ নেতা লোহিত কলিতাই  আতধৰা সভা খনত প্ৰায় সা

বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তন

Image
মানুহে অসম গণ পৰিষদৰ প্ৰতি আস্থা হেৰুৱাইছে  বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তনখন আজি অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত দলটোৰ জিলা সমিতি গঠনৰ বিষয়টো আলচনা কৰা হয় ৷ বঙাইগাঁও চহৰৰ মুলচান্দ জালান বিবাহ ভৱনত অনুষ্ঠিত অভিৱৰ্তনখনত সভাপতিত্ব কৰে বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক তথা সমষ্টি সমিতিৰ উপদেষ্টা প্ৰভাৱত বৈষ্ণৱে ৷ অভিৱৰ্তনত জিলাখনৰ অন্তৰ্গত দলটোৰ বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷ জিলা অজাপৰ মুখ্য আহ্বায়ক মছিউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অভিৱৰ্তনত দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুখপাত্ৰ তথা পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা অমিতাভ বৰঠাকুৰে নিজৰ ভাষণত বৃহৎ নদী বান্ধ ,জি এছ টি ,মূল্যবৃদ্ধি , কৃষি আইন , নিবনুৱাক কৰ্মসংস্থাপন দিয়া আদি বিভিন্ন বিষয়সমূহ সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰক বিদায় দি অসম জাতীয় পৰিষদৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠন কৰিব লাগিব বুলি কয় ৷ অভিৱৰ্তনত বিভিন্নজনে বক্তব্য ৰাখে ৷ ইপিনে দলটোৰ উপ সভাপতি তথা বঙাইগাঁও জিলাৰ তত্

আক্ৰাছুৰ সাধাৰণ সম্পাদক পদৰ পৰা গোকুল বৰ্মণসহ কেইবাগৰাকী নেতাক অব্যাহতি

Image
বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) ৰ সাধাৰণ সম্পাদক পদৰ পৰা আজি গোকুল বৰ্মনক অব্যাহতি দিয়া হয় ৷ একেদৰে সংগঠনটোৰ আন ছয়গৰাকী বিষয়ববীয়াকো অব্যাহতি দিয়া হয় ৷ অব্যাহতি দিয়া হয় সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকাক ৷ এই সন্দৰ্ভত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে এই কথা প্ৰকাশ কৰে ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে সংবাদ মেলত কয় যে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘোষণা কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদত আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে মুখ্য কাৰ্যবাহী পাৰিষদ পদ লাভ কৰাৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ৰায় ,সংগঠনটোৰ উপ সভাপতি মুকুল বৰুৱা, বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠক, ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি কাৰ্তিক ৰায়ে পদবী লাভ কৰিছে ৷ সেইদৰে সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আৰু সবিতা সিংহ অন্তৰ্ৱৰ্তীকালীন পৰিষদত স্থান লাভ কৰিছে ৷ আনহাতে শোণিতপুৰ জিলা আক্ৰাছুৰ সভাপতি বিক্ৰম দাস আৰু বৰপেটা জিলা আক্ৰাছুৰ সম্পাদক জিতু চৌধুৰী কোচ ৰাজবংশী উন

মুকালমুৱাত ভয়ংকৰ পথ দূৰ্ঘটনা* *অচিনাকী বাহনে মহতিয়াই থৈ গ'ল বাইক আৰোহীক* *এজন থিতাতে নিহত, এজন গুৰুতৰ ভাৱে আহত৷*

Image
মুকালমুৱাত ভয়ংকৰ পথ দূৰ্ঘটনা*  *অচিনাকী বাহনে মহতিয়াই থৈ গ'ল বাইক আৰোহীক*  *এজন থিতাতে নিহত, এজন গুৰুতৰ ভাৱে আহত৷* মুকালমুৱাত আজি সন্ধিয়া এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ অচিনাকি বাহনে মহতিয়াই থৈ গল এখন বাইকক।  হাজো মুকালমুৱা পথৰ মুকালমুৱাত আজি সন্ধিয়া AS-01-BV-5120 নম্বৰৰ বাজাজ পালচাৰ বাইক এখন দূৰ্ঘটনাত পতিত হয় অচিনাকী বাহনৰ লগত।  বাইকৰ খনৰ আৰোহী দুজন যুৱকৰ এজন থিতাতে নিহত হয় আৰু এজন গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰ ভাৱে আহত যুৱক জনৰ নাম ৰেকিব উল্লাহ ৷ আনহাতে নিহত যুৱকজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ আহত যুৱক জনক মুকালমুৱা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা কাৰণে GMCH  প্ৰেৰণ কৰে৷।

টুপিয়া মুঢ়াদল সমবায় সমিতি কাৰ্যালয়ৰ প্ৰাঙ্গনত ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ

Image
 চতিয়া সমষ্টিৰ অন্তৰ্গত টুপিয়া মুঢ়াদল সমবায় সমিতি কাৰ্যালয়ৰ প্ৰাঙ্গনত আজি শুক্ৰবাৰে মুঢ়াদল, চিলাবন্ধা, বৰভগীয়া আৰু নাগশংকৰ সমবায় সমিতিৰ সহযোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্ধোধন চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ । উক্ত সভাত সভাপতিৰ আসন অলংকৃত কৰে মুঢ়াদল সমবায় সমিতিৰ সভাপতি বিৰেন্দ্ৰ নেৱাৰে । উক্ত শুভ উদ্ধোধনী অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই প্ৰায় ৬ গৰাকী হিতাধীকাৰী লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন কাৰ্ড প্ৰদান কৰা পৰিলক্ষিত হয় । জানিব পৰা মতে চতিয়া সমষ্টিৰ অন্তৰ্গত মুঢ়াদল সমবায় সমিতিৰ পৰা মুঠ ৮৭৫৯, চিলাবন্ধা সমবায় সমিতিৰ পৰা মুঠ ৬৪০০, বৰভগীয়া সমবায় সমিতিৰ পৰা মুঠ ৬৩০০ আৰু নাগশংকৰ সমবায় সমিতিৰ পৰা মুঠ ১১০০০ হিতাধীকাৰী লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব । চতিয়া সমষ্টিৰ সৰ্বমুঠ ৩২,৪৫৯ জন হিতাধীকাৰী লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি আমাক জানিবলৈ দিয়ে মুঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মাই । উক্ত সভাত আগন্তুক নিৰ্বাচনত চতিয়া সমষ্টিৰ পৰা প্ৰতিদণ্ডিতা কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাইছে  বিধায়ক পদ্ম হাজৰিকাই । ৰিপুণ বৰ

মৈৰাবাৰীত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে বিভিন্ন দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিৰ্বাচনি তৎপৰাত ব্যস্ত

Image
নছিদুৰ ৰহমান, মৈৰাবাৰী,২৬ ফেব্ৰুৱাৰী:। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত ঘোষণা হোৱাৰ লগে লগে  ধিং সমষ্টি ৰাইজৰ দলৰ পৰা সমাজ কৰ্মী মেহবুব মুক্তাৰৰ নাম প্ৰাৰ্থীত্ব উচ্চাৰিত হোৱাৰ লগে সমষ্টিটোৰ চোকে কোনে উৎফলিত হোৱা পৰিলক্ষিত হৈছে। এই আই ইউ ডি এফৰ দখলত থকা তিনিটা প্ৰিৰিয়দ পৰা উদ্ধাৰ কৰিবলৈ একমাত্ৰ সমাজ কৰ্মী মেহবুব মুক্তাৰই উদ্ধাৰ কৰিব বুলি চৰ্চা চলিছে। আজি  মৈৰাবাৰীত প্ৰায় সহাস্ৰাধিক কৰ্মীৰ উপস্থিতিত এক সভাত ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব দাবী দাৰ মেহবুব মুক্তাৰে এই আই ইউ ডি এফক চোকা সমালোচনা কৰে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

মেঘালয়ত ৪০শতাংশ হ্ৰাস পাব সুৰাৰ দাম

Image
মেঘালয়ত ৪০শতাংশ হ্ৰাস পাব সুৰাৰ দাম।  সুৰাৰ ওপৰত থকা ভেট ২.৫শতাংশ হ্ৰাস কৰাৰ উপৰিও ২৫শতাংশ লিফ্টটিং ছাৰ্জ আতৰাই দিছে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে।  শুকুৰবাৰে মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

নগাঁৱত উত্তৰ-পূৱ ভাৰত বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও বাস্কেটবল ক্লাৱৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহযোগত নুৰুল আমিন ষ্টেডিয়ামৰ বাস্কেটবল গ্ৰাউণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ পঞ্চম উত্তৰ-পূৱ ভাৰত আমন্ত্ৰণমূলক প্ৰাইজমানি (পুৰুষ) বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । শ্বিলঙৰ দুটা দলৰ উপৰি মালিগাঁও বাস্কেটবল দল, হেঙাৰবাৰী বাস্কেটবল দল, গুৱাহাটী বাস্কেটবলৰ লগতে ঘৰুৱা দল নগাঁও আৰু ডিফু, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদিৰ বিছটাকৈ আগশাৰীৰ দলে যোগদান কৰা দিবা-নৈশ এই প্ৰতিযোগিতাখনি আনুুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়ে ৷ বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ বিছ হেজাৰ টকা আৰু ৰাৰ্ণাছআপ দলক নগদ দহ হেজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ স্ক'ৰাৰৰ বাবে বিশেষ বঁটা প্ৰদানৰ ব্যৱস্থা ৰখা এই প্ৰতিযোগিতাৰ বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ চলি আছে বুলি জানিব পৰা গৈছে ৷

ৰঙিয়াত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামী সহ আটক তিনি

Image
প্ৰতিবেদক , ৰঙিয়া, ২৬ ফেব্ৰুৱাৰীঃ ৰঙিয়া পশ্চিম সীতাৰাত (গুৰকুছি) যোৱা নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড। সমগ্ৰ ৰঙিয়া মহকুমাত জোকাৰণিৰ সৃষ্টিি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি স্বামী, শহুৰ আৰু শাহুৰ প্ৰহাৰত বোৱাৰী গৰাকীৰ মৃত্যু হৈছে। বোৱাৰী গৰাকীৰ মাতৃ গৃহৰ অভিযােগ মতে  তিনিবছৰ পূূৰ্বে  ৰঙিয়া  গুৰকুছি গাঁৱৰ খবিৰ আলীৰ লগত ৰঙিয়া ইছলামপুৰৰ জুৰি বেগমৰ(২৫) সামাজিক ভাৱে বিবাহ সম্পন্ন হয়। ইতিমধ্যে তেওঁলোকৰ সংসাৰত  এটি কন্যা সন্তানৰো জন্ম হ'ল। কিন্তু বিবাহৰ মাহ হালধিৰ গোন্ধ নৌযাওঁতেই  তেওঁলোকৰ সংসাৰত যৌতুক জনিত কাৰণত  সঘনাই  হাই কাজিয়া হৈ থকাৰ অভিযোগ উত্থাপন কৰে জুৰি বেগমৰ পৰিয়ালে। স্বামী গৃহৰ শাৰিৰীক আৰু মানসিক নিৰ্যাতন  মুখ বুজি সহ্য কৰিও অত্যন্ত দুখীয়া পৰিয়ালৰ জুৰি বেগমে পিতৃ গৃহত নিৰ্যাতনৰ কথা একো জনোৱা নাছিল। কিন্তু যোৱা নিশা তেওঁলোকৰ কাজিয়া চৰম  পৰ্যায়ত উপনীত হয়। এটা কাৰ্টুন কোম্পানীত কাম কৰি জীৱন নিৰ্বাহ কৰা খবিৰে পুনৰ ধন দাবী কৰি পত্নী জুৰি বেগমৰ উপৰত অমানুষিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শাৰিৰীক নিৰ্যাতনৰ সময়ত তেওঁক তেওঁৰ পিতৃ মজিব আলী আৰু মাতৃ মেহেৰুন নেছাও স

চীডিং গামপ্ৰেনিউৰছ'-এ ভাৰতৰ গাওঁবোৰক আত্মনিৰ্ভৰ ভাৰতলৈ ৰূপান্তৰিত কৰিছে

Image
' ষ্টাফরিপোৰ্টৰ, ফেব্ৰুৱাৰী ২৫,ডইচ্ছ জেছেলছাফ্ট ফাৰ ইণ্টাৰনেচনেল জুছামেনাৰ্বেইট অৰ্থাৎ জিআইজেডৰ সহযোগত ধৃতি- দ্য কাৰেজ উইডইন-এ কোভিড সাহায্য পদক্ষেপ হিচাপে ভাৰতত, বিশেষকৈ পূৱ আৰু উত্তৰ-পূবৰ গাওঁ আৰু চহৰীয়া অঞ্চলসমূহত তৃণমূল পৰ্যায়ত উদ্যোগ সৃষ্টিৰ বাবে ‘চীডিং গ্ৰামপ্ৰেনিউৰছ’ শীৰ্ষক এক আন্দোলনৰ সুত্ৰপাত কৰে।  ‘চীডিং গ্ৰামপ্ৰেনিউৰছ’ দৃষ্টিৰ অধীনত, ‘চীডাৰছ ফেলোশ্বিপ ২০২০’ গ্ৰাম্য ভাৰতত প্ৰব্ৰজন আৰু নিবনুৱাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লক্ষ্যৰে এক অগ্রণী প্রকল্প আছিল। ফেলোশ্বিপৰ উদ্দেশ্য আছিল গ্ৰাম্য পেছাদাৰী/সহকৰ্মীসকলৰ বাছনি আৰু তেওঁলোকৰ লগত কাম কৰি, তেওঁলোকৰ অঞ্চলৰ আত্মসহায় গোটসমূহক একত্ৰীকৰণ, প্ৰশিক্ষণ আৰু সাহায্য প্ৰদান কৰা। “এই ফেলোশ্বিপৰ জৰিয়তে, মাত্ৰ তিনি মাহৰ ভিতৰত অসম, ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড আৰু ওড়িশাৰ ১০ টা খণ্ডত ১০ জন উদ্যমী চীডাৰ ফেলোৰ দ্বাৰা ৩১৮ গৰাকী মহিলা আৰু ১৬০টা আত্মসহায় গোটক প্ৰশিক্ষণ প্ৰদান কৰি সবলীকৰণ কৰা হৈছিল। এইটো আমাৰ গ্ৰাম্য উদ্যোগীসকলৰ পৰিৱৰ্তনৰ বাবে গতি, ক্ষিপ্ৰতা আৰু কাৰ্যকৰী প্ৰচাৰৰ এক অভূতপূৰ্ব মডেল,” ধৃতি- দ্য কাৰেজ উইডইনৰ সহ-প্ৰতিষ্ঠা

কাইলৈৰ পৰা নগাঁৱত উত্তৰ-পূৱ ভাৰত বাস্কেটবল প্ৰতিযোগিতা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও বাস্কেটবল ক্লাৱৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহযোগত নুৰুল আমিন ষ্টেডিয়ামৰ বাস্কেটবল গ্ৰাউণ্ডত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পঞ্চম উত্তৰ-পূৱ ভাৰত আমন্ত্ৰণমূলক প্ৰাইজমাণি (পুৰুষ)বাস্কেটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে । প্ৰাক্তন খেলুৱৈ পুতু দাসক মুখ্য উপদেষ্টা, মোজাহিদ আহমেদ শইকীয়াক সভাপতি, নয়নমনি দাসক সম্পাদক আৰু আব্দুল ৰছিদ(ইবুল)ক কোষাধ্যক্ষৰূপেলৈ গঠিত আয়োজক সমিতিয়ে জনোৱা মতে, দিবা-নৈশ এই প্ৰতিযোগিতাখনৰ বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ বিশ হেজাৰ টকা আৰু ৰাৰ্ণাছআপ দলক নগদ দহ হেজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ স্ক'ৰাৰকো বিশেষ বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে ছিকিমৰ একলব্য ক্লাৱ, শ্বিলং আৰু ডিমাপুৰৰ আন দুটা দলৰ লগতে ৰাজ্যখনৰ এন এফ ৰেলৱে, ডিফু, শিৱসাগৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী আদিৰ বিভিন্ন দলসমূহ নগাঁৱত আহি উপস্থিত হৈছেহি। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰতিযোগিতাখনত মুঠ বিশটা দলে যোগদান নিশ্চিত কৰিছে। =================

ৰিপুন বৰাৰ কথা কবলৈ যাওতে পুনৰ ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ বিষয় আনিলে পল্লৱ লোচন দাসে

Image
চাহজনজাতি নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই কি চাহজনজাতি কথাৰ চিন্তা কৰিব ৷ চাহজনজাতি নেতা হত্যা কৰি  তিহাৰ জেলৰ ভাত খোৱা ৰিপুনে চাহবাগিছাৰ শ্ৰমিকৰ কথা কোৱাৰ  নৈতিক অধিকাৰ নাই ৷ এই গৰাকী ৰিপুন বৰাকে এতিয়া কংগ্ৰেছে মূখ্যমন্ত্ৰীৰ মুকুট পিন্ধাইছে ৷ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাৰ কাষত কেতিয়াও চাহজনজাতি ৰাইজ সুৰক্ষিত নহয় ৷ এটা সৰু ৰাজনৈতিক দলেও ৰিপুন বৰাৰ নিচিনা মানুহক সভাপতি নেপাতে কিন্তুু  কংগ্ৰেছে ৰিপুন বৰাক  সভাপতি পতাৰ পাচত   চাহজনজাতি ৰাইজে কংগ্ৰেছক  কিয়  গ্ৰহণ কৰিব ৷ এই মন্তৱ্য তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ ৷ বুধবাৰে  চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাঙ্গণত অনুষ্ঠিত চতিয়া সমষ্টিৰ চাহ মৰ্চ্চাৰ এক সভাত অংশ গ্ৰহণ কৰি আৰু কয়-২০১৬ চনৰ আগত অসমৰ চাহজনজাতি ৰাইজে একোৱেই লাভ কৰা নাছিল ৷ কংগ্ৰেছে চাহজনজাতি ৰাইজৰ ইতিহাস নাইকিয়া কৰি পেলালে ৷ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷ বহুত যুগৰ পাচত নৰেন্দ্ৰ মোদীয়ে আমাক পোহৰ দিলে ৷ ইতিহাস হেৰাই যোৱা মানুহৰ স্বীকৃতি দিলে ৷ বাগানৰ উন্নয়নৰবাৱে এক হেজাৰ কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লৈ

গুৰুজনাৰ জন্মভূমিত ১৮৮ কোটি টকীয়া 'বটদ্ৰৱা প্ৰকল্প' নিৰ্মাণৰ শুভাৰম্ভণি গৃহ মন্ত্ৰীঅমিত শ্বাহৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ৰাইজ। আজি দুপৰীয়া চাৰে বাৰ বজাত বটদ্ৰৱাত হেলিকপ্টাৰে পদাৰ্পন কৰে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰ পৰা নামি তেওঁলোকে পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত প্রায় ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত জনসভাত অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষন প্ৰদান কৰে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ অসমীয়া জাতীয় জীৱনৰ বাবে আজি উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হলে শংকৰ-মাধৱৰ আদৰ্শ অনুকৰন কৰিবই লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগতে "মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি" শীৰ্ষক ঘোষাৰে ভাষন সামৰণি মাৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে "জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়" শীৰ্ষক বটদ্ৰৱা থান বৰ্ণনা গীতেৰে আৰম্ভণি কৰি প্

কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত অপহৰণঃনিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ অপহৃত ব্যৱসায়ী

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নাবাং বজাৰৰ সমীপৰ পৰা কৃষ্ণাইৰ ব্যৱসায়ী এজন অপহৃত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অপহৃত ব্যৱসায়ী জনৰ নাম নিৰঞ্জন সাহা ৷ জানিব পৰা মতে, নিৰঞ্জন সাহাই নাবাং বজাৰত থকা নিজ  দোকান বন্ধ কৰি কৃষ্ণাই অভিমুখে আহি থকাৰ সময়তে কাছুমাৰীত এদল অস্ত্ৰধাৰী যুৱকে ব্যৱসায়ী জনক অপহৰণ কৰি নিয়ে ৷ ঘটনাৰ সময়ত নিৰঞ্জন সাহাৰ সৈতে তেঁৱৰ পুত্ৰ এজনো আছিল ৷ জানিব পৰা মতে, নাবাং বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী নিৰঞ্জন সাহাই দোকান বন্ধ কৰি পুতেকৰ লগত বাইকেৰে কৃষ্ণাইৰ ঘৰলৈ উভতি অহাৰ পথতে কোনো উগ্ৰবাদী সংগঠনৰ সদস্যই পুত্ৰৰ সমুখতে পিতৃক অস্ত্ৰ দেখুৱাই অপহৰণ কৰি লৈ যায় ৷ ইয়াৰ পৰবৰ্তী সময়ত কোনো মতে প্ৰাণ বচাই পলাই অহা পুত্ৰই আৰক্ষীক সবিশেষ অৱগত কৰে ৷ সেই মৰ্মে যোৱা নিশা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে নিৰঞ্জন সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই সফলতাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷ অৱশ্যে এই ঘটনাত কোন সংগঠনৰ সদস্য জৰিত সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তদন্তৰ শেষত সবিশেষ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প

উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদত বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন

Image
ষ্টাফরিপোৰ্টৰ, ২৪ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চল বৰ্নিহাটস্থিত  উত্তৰ-পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদ (NECBDC)ত ২৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয় বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প। এই প্ৰকল্পটো উদ্বোধন কৰে ড'নাৰ, এমঅএছ পি এম অ',পাৰ্চনেল, পাব্লিক গ্ৰিভনচ (Grievances) আৰু পেন্সন, পাৰমাণৱিক এনাৰ্জি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ চাৰ্জ) ড০ জিতেন্দ্ৰ সিঙে। এই উদ্বোধনী অনুষ্ঠান উপস্থিত আছিল এয়াৰ মাৰ্শ্বল তথা পিভিএছএম, এভিএছএম,  সদস্য উত্তৰ-পূব পৰিষদৰ অঞ্জন কুমাৰ গগৈৰ লগতে এনইচিবিডিচিৰ মেনেজমেণ্টে সঞ্চালক ড০ শৈলেন্দ্ৰ চৌধুৰী, এনইচিৰ উপদেষ্টা (বিআইট) আৰ লালৰোডিঞ্জি (R Lalrodingi)ৰ লগতে অন্যান্য।এই প্ৰকল্প উদ্বোধন কৰি এনইচি, এনইচিবিডিচিৰ ভূমিকা আৰু এনইচিবিডিচিৰ ড০ চৌধুৰীৰ কামক ভূয়সী প্ৰশংসা কৰে ড০ সিঙে। প্ৰকল্পটো ৰাষ্ট্ৰীয় বাঁহ মিছন আৰু উত্তৰ-পূব পৰিষদৰ পুঁজিদ্বাৰা স্থাপন আৰু ভেকুৱাম -প্ৰেচাৰ- ইম্প্ৰেজেনচন (Impregnation)   কৌশলৰ ওপৰত আধাৰিত।  ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে এইটো কেন্দ্ৰীয় চৰকাৰৰ এক উদ্যোগ, যাৰ দ্বাৰা  বাঁহ উদ্যোগ আৰু এই খণ্ডত ন

কাইলৈ ১৮৮ কোটি টকীয়া 'বটদ্ৰৱা প্ৰকল্প' নিৰ্মাণৰ শুভাৰম্ভণি কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে≈≈গুৰুজনাৰ ওপজাভূমিত উখল-মাখল পৰিৱেশ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ ফেব্ৰুৱাৰীঃ অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ঐতিহাসিক আকাশী গংগাৰ পাৰৰ ১৬০ বিঘা মাটিত মুঠ ১৮৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া বৃহৎ "বটদ্ৰৱা প্ৰকল্প"ৰ নিৰ্মাণ কাৰ্যৰ কাইলৈ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে পুৱা চাৰে দহ বজাত "মংগল সাধনা" কাৰ্যসূচীৰে শুভাৰম্ভ কৰিবলগীয়া এই বহু প্ৰত্যাক্ষিত অনুষ্ঠানক লৈ বটদ্ৰৱা থানৰ লগতে গুৰুজনাৰ পবিত্ৰ ওপজাভূমিৰ সৰ্বত্ৰে উখল-মাখল পৰিবেশৰ উদ্ভৱ হৈছে ৷ জানিব পৰা মতে, গৃহ মন্ত্ৰীগৰাকীয়ে পহিলাতে বটদ্ৰৱা থান দৰ্শন কৰি তাৰ পিছত আকাশী গংগাৰ পাৰত প্ৰস্তাৱিত প্ৰকল্পস্থলীত আয়োজিত এখন সভাত ৰাইজক উদ্দেশ্যি ভাষণ ৰাখিব ৷ লক্ষাধিক লোকৰ সমাগমৰ আশা কৰা উক্ত সভাক কেন্দ্ৰ কৰি বটদ্ৰৱা থানৰ লগতে থান সংযোগী পথ-উপপথসমূহৰ মেৰামতি, বিদ্যুৎ যোগান, পানী যোগান, চিকিৎসা সেৱা আদি অত্যাৱশ্যকীয় সেৱাৰ সুচল ব্যৱস্থাৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চল সজাই-পৰাই তোলাৰ

বিটিআৰৰ ব‍াহিৰতো প্ৰচাৰ অভিযানত নামিছে ইউ পি পি এল

Image
সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া সকলো ৰাজনৈতিক দলেই ব্যস্ত সভা-সমিতিৰ জৰিয়তে ৰাইজৰ কাষ চপাত। এইক্ষেত্ৰত পিচ পৰি থকা নাই ইউ পি পি এল দলেও। বিজেপিৰ মিত্ৰজোঁটত বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পাছতেই ইউ পি পি এল  দলে এতিয়া  Non BTR এলেকাত দলটোৰ প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে। #যোৱা ১০ বছৰে AIUDF ৰ দখলত থকা ভৱানীপুৰ বিধানসভা সমষ্টিতো উদ্ধাৰ কৰাৰ বাবে উঠি পৰি লাগিছে ইউ পি পি এলে। ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে প্ৰচাৰত ব্যস্ত ইউ পি পি এল দল। # আজি ইউ পি পি এল দলে ভৱানীপুৰ সমষ্টিৰ সৰুপেটা মিলন মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত দলটোৰ সৰুপেটা প্ৰাথমিক সমিতি আৰু মহিলা প্ৰাথমিক সমিতি, দুখন কমিটি গঠন কৰে।  সহস্ৰাধিক মহিলাৰ উপস্থিতিত আজি দলটোৰ সাংগঠনিক সম্পাদক ধীৰাজ ডেকা, সুৰেশ সৰকাৰ,  CWC  Member কনক চন্দ্ৰ বড়ো, মানিক বৰ্মণ, শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মছাহাৰীয়ে অতিথি হিচাপে উপস্থিত থাকি ভৱানীপুৰত নিৰ্বাচনী ৰণডংকা বজায়।  #বজালীৰ পৰা সঞ্জীৱ দাস

নগাঁও জিলা হেণ্ডবল দল ঘোষণা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ ফেব্ৰুৱাৰীঃ নলবাৰীত আয়োজিত ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃজিলা ছিনিয়ৰ হেণ্ডবল(পুৰুষ)প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া নগাঁও জিলা দলটো আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত দলটোৰ খেলুৱৈসকল হৈছে--পিংকু মাদুৰ(গাঁওখোৱা), নিপেন দেউৰজা, অভিজ্ঞান দেউৰী, লক্ষ্য পাটৰ, পূৰ্ণ পাটৰ, ৰোৱেল পাটৰ, নিপুল বৰদলৈ, দীপজ্যোতি গাঁওখোৱা, ভূষণ কোঁৱৰ, অৰুণ বৰদলৈ, পৰশু দেউৰজা আৰু কৌস্তভ ডেকা।উল্লেখিত দলটোৰ সৈতে সুমেন্দ্ৰ দেউৰী আৰু গোবিন্দ ডেকাৰজা তত্ত্বাবধায়কৰূপে আছে বুলি নগাঁও জিলা হেণ্ডবৰ সন্থাৰ সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে জানিবলৈ দিছে

বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

Image
বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী  তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী-হাইডুবী তিনিআলিত বুধবাৰে বিয়লি সংঘটিত হোৱা এক শোকাকুল পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত হয়।  বটদ্ৰৱা -বলিকটিয়া সংযোগী গড়কাপ্তানী পথৰে তীব্ৰ বেগেৰে আহি থকা  AS12 AC 0939  নম্বৰৰ মালবাহী ট্ৰাকে একে দিশৰে চাইকেলত আহি থকা এজন ছাত্ৰক বাটমাৰী - হাইডুবী তিনিআলিত মহটিয়াই নিয়ে। ফলত থিতাতে ছাত্ৰ জনৰ মৃত্যু হয়। লগ লগেই ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে মালবাহী ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মৃত ছাত্ৰ জন সোনাইবেৰা গাঁৱৰ জালালুদ্দিনৰ পুত্ৰ আছিল । ছাত্ৰ জনৰ অকাল মৃত্যুত বৃহত্তৰ অঞ্চলত শোকৰ ছাঁ পৰে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

ৰঙিয়াত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী

Image
প্ৰতিবেদক, ৰঙিয়া, ২৪ ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ পৰা ডিমু লৈ বিশাল চাইকেল ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰঙিয়া সমষ্টিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী শৰ্মাৰ চাইকেল ৰেলীয়ে ৰঙিয়া চহৰ জনসমুদ্ৰত পৰিণত হয় ।ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা ডিমু লৈ উলিওৱা এই চাইকেল ৰেলীত অংশ লয় কেইবা শ’ বি জে পিৰ কৰ্মীয়ে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ দখলত থকা সমষ্টিটো পুনৰ বিজেপিৰ দখললৈ আনিবৰ বাবে চাইকেল ৰেলীৰে নিৰ্বাচনী ৰন ডংকা বজায় মন্ত্ৰী ড০ শৰ্মায়ে । মন্ত্ৰী ড০ শৰ্মাৰ লগতে সমদলত ভাগ লয়, ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই।আজিৰ চাইকেল সমদলত কেইবা শ লোকে অংশ লোৱাৰ লগতে বাটে পথে সহস্ৰাধিক লোকে মন্ত্ৰী গৰাকীক বিপুল আদৰণি জনায়। ৰাইজৰ অংশগ্ৰহণ আৰু মৰম চেনেহ দেখি ড০ শৰ্মাই উৎফুল্লিত হোৱা দেখা যায় ।আনহাতে ৰেলীৰ আৰম্ভণিতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰঙিয়া তিনিআলিৰ পৰা ৰেলৱে ষ্টেচনলৈ যোৱা পথটিৰ উদ্বোধন কৰে। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

বিজেপি ৰাষ্ট্ৰীয়তাবাদী নহয় ,বিজেপি হৈছে দেশদ্ৰোহী -- আব্দুল হাইনাগৰি

Image
বঙাইগাঁৱত ডাংতল ব্লক কংগ্ৰেছ আৰু বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ উদ্যোগত 'বুথ সংকল্প শিবিৰ'  ফণীভূষণ চৌধুৰী এজন অকৰ্মণ্য বিধায়ক  বঙাইগাঁওঃ ২৪ ফেব্ৰুৱাৰীঃ আজি কিছুমানে ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈছে ৷ এই ৰাষ্ট্ৰীয়বাদৰ কথা কোৱাসকল হ'ল বিজেপি ৷ বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদৰ কথা কয় ৷ কিন্তু এই বিজেপি ৰাষ্ট্ৰীয়তাবাদী নহয় ৷ বিজেপি হৈছে দেশদ্ৰোহী ৷ এই মন্তব্য উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুল হাই নাগৰিৰ ৷ আজি বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘূনাথ মন্দিৰ প্ৰাংগণত ডাংতল ব্লক কংগ্ৰেছ আৰু বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত 'বুথ সংকল্প শিবিৰ' শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত  বিধায়কগৰাকীয়ে এই মন্তব্য কৰে ৷ বিধায়ক নাগৰিয়ে কয় যে তেওঁলোকক দেশদ্ৰোহী বুলি এই কাৰণে কৈছো যে আজিৰ যিবিলাক বিজেপি তেওঁলোকৰ পূৰ্বপুৰুষসকল দেশৰ গাড্ডাৰ আছিল ৷ বৃটিছৰ দালাল আছিল ৷ তেওঁলোকে বৃটিছৰ সপক্ষে কাম কৰিছে , বৃটিছৰ চোৰাংচোৱাগিৰি কৰিছে ৷ স্বাধীনতা আন্দোলনৰ বিৰোধীতা কৰি বৃটিছৰ পক্ষে আন্দোলন কৰিছিল ৷গতিকে তেওঁলোক বৃটিছৰ দালাল ৷

টাটা মটৰ্ছে আগবঢ়াইছে ইয়াৰ প্ৰতিষ্ঠিত ফ্লেগশ্বিপ এছ.ইউ.জি. নৱীনতম ছাফাৰি

ষ্টাফ ৰিপ'ৰ্টাৰ,,,,২৩ ফেব্ৰুৱাৰী ভাৰতৰ অগ্ৰণী অট'ম'টিভ ব্ৰেণ্ড টাটা মটৰ্ছে মঙলবাৰে ইয়াৰ প্ৰিমিয়াম ফ্লেগশ্বিপ এছ.ইউ.ভি.-নৱীনতম ছাফাৰি মুকলি কৰে। টাটা মটৰ্ছে এক  অভিব্যক্তিপূৰ্ণ আৰু মজবুত ৰূপৰ সৈতে ছাফাৰিৰ 'এডভেঞ্চাৰ' পাৰ্ছ'নাৰো উন্মোচন কৰে। এই সন্দৰ্ভত টাটা মটৰ্ছৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্য্যবাহী বিষয়া মি. গাণ্টাৰ বুটশ্বেকে কয়"-ই ২০২০ চনত লঞ্চ কৰা 'নিউ ফৰএভাৰ' শ্ৰেণীৰ কাৰ আৰু এছ.ইউ.ভি.সমূহৰ মাজত শীৰ্ষস্থান প্ৰাপ্ত কৰিছে । এই নতুন ছাফাৰি হৈছে দ্ৰুত বৰ্দ্ধমান বজাৰ খণ্ডসমূহত উপস্থিত বৃদ্ধি কৰিবৰ বাবে  আমাৰ উল্লেখিত অভিপ্ৰায়ৰ এক প্ৰভাৱশালী অনুমোদন। ইয়াৰ ব্যতিক্ৰমী গঠনৰ বৈশিষ্ট্য তথা প্ৰিমিয়াম ফিনিশ্ব, ক্ষমতা আৰু পাৰদৰ্শিতাই ব্ৰেণ্ডটোৰ পৰিস্থিতি ঐতিহ্যৰ উন্নতি সাধন কৰে আৰু 'নতুন ফৰএভাৰ' শ্ৰেণীৰ মুখ্য বৈশিষ্ট্য সমূহ ৱিবর্ধিত কৰে"। আনহাতে এই সন্দৰ্ভত টাটা মটৰ্ছৰ বাহন ব্যৱসায় এককৰ অধ্যক্ষ শৈলেন চন্দ্ৰাই কয়"-ছাফাৰিয়ে ভাৰতক এছ.ইউ.ভি.জীৱন শৈলীৰ সৈতে পৰিচিত কৰিছিল আৰু ইয়াৰ সমসাময়িক অৱতাৰ নতুন  ছাফাৰি হৈছে বৰ্তমানৰ এছ.ইউ.ভি.ৰ গ্ৰাহক সকলৰ বহ

মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সমাৰোহ

Image
জীৱিকা সখী সকলৰ মাজত স্কুতি বিতৰণ বৰক্ষেত্ৰীৰ মুকালমুৱাত আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত  মহিলা সমাৰোহ-২০২১ অনুষ্ঠিত হয়৷  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধিনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এই মহিলা সমাৰোহখন মুকালমুৱাৰ দেশভক্ত ময়দানত আজি দুপৰীয়া অনুষ্টিত  হৈ যায়।   উক্ত সমাৰোহত জীৱিকা সখী এক্সপ্ৰেছ আচনিৰ অধিনত জীৱিকা সখী সকলৰ মাজত স্কুতি বিতৰণ কৰা হয়।  বৰক্ষেত্ৰীৰ সমষ্টিৰ 43 গৰাকী জীৱীকা সখীৰ মাজত আজি স্কুতি বিতৰণ কৰা হয়। সমাৰোহ খনত মহিলা সবলীকৰণ যোজনাৰ অধিনত বৰক্ষেত্ৰী অঞ্চলৰ মহিলা আত্মসহায়ক গোট সকলৰ মাজত ৫০ হাজাৰ টকাকৈ ৰাজ সাহাজ্য প্ৰদান কৰে৷ অসম আত্মনিৰ্ভশীল হবলৈ হ'লে নাৰী আত্মনিৰ্ভশীল হব লাগিব সেয়েহে অসম চৰকাৰে মহিলা সকসকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ আচনি মুকলি কৰা বুলি সমাৰোহ খনত কয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই৷ উক্ত সমাৰোহখনত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত পুৰৱী কৌৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তংকেশ্বৰ দাস, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বি

বিৰিয়ানী বাইকিলোৰ আউটলেট মুকলি

Image
ষ্টাফৰিপোৰ্টাৰ, ২৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ কছাৰীবস্তিৰোডৰ এফ ফোৰ্টবিল্ডিঙত মঙলবাৰে বিৰিয়ানী বাই কিলো নামৰ আউটলেট এখন মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সংবাদমেলযোগে  বিৰিয়ানী বাইকিলোৰ চেলছ,মাৰ্কেটিঙৰ মহাপ্ৰবদ্ধক ভানু ৰহিলাই কয় 'এইখন হ'ল উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰথমখন আউটলেট। অতি শীঘ্ৰে আমি গুৱাহাটীত দ্বিতীয়খন আউটলেট মুকলি কৰিম। ইয়াত লক্ষৌ, হায়দৰাবাদ আৰু কলকাতাৰ বিখ্যাত বিৰিয়ানী পোৱা যাব। ইয়াত নিৰামিষ বিৰিয়ানী আধাকিলোৰ মূল্য ৩২৫ টকা, চিকেন বিৰিয়ানীৰ  আধাকিলোৰ মূল্য ৪৬০ টকা আৰু মটন বিৰিয়ানীৰ আধাকিলোৰ মূল্য ৬৪৫ টকা ধার্য কৰা হৈছে। উন্নত মানৰ, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সতেজ খাদ্য ক্ৰেতাৰ অৰ্ডাৰ অনুযায়ী যোগান ধৰা হ'ব। ইয়াত খাদ্যৰসিকে আমিষ, নিৰামিষ বিৰিয়ানী, কাবাৰ, ফিৰনিৰ জুতি ল'ব পাৰিব। ডেলিবাৰীৰ বাবে ৪০ টকা লোৱা হ'ব আৰু এঘন্টাৰ ভিতৰত  এই আউটলেটৰ পাঁচ কিলোমিটাৰ দূৰত্বৰ ভিতৰত  ডেলিবাৰী দিয়া হ'ব। সমগ্ৰ দেশত আমাৰ ৪৬ খন আউটলেট আছে। এইখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ১১ বজালৈ খাদ্যৰসিকৰ বাবে মুকলি থাকিব।'

শীঘ্ৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ দাবীত বঙাইগাঁৱত আক্ৰাছুৰ মটৰ চাইকেল সমদল

Image
বঙাইগাঁওঃ ২৩ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন অতি শীঘ্ৰে গঠনৰ দাবীত আজি বঙাইগাঁও জিলা আক্ৰাছুৱে এক মটৰ চাইকেল সমদল উলিয়ায় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই মটৰ চাইকেল সমদলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে ৷ মটৰ চাইকেল সমদলকাৰীসকলে বিভিন্ন প্লেকাৰ্ড লৈ  কে এ চিৰ তালিকা শীঘ্ৰে প্ৰকাশ কৰক , গোকুল বৰ্মন জিন্দাবাদ , কে এ চি শীঘ্ৰে গঠন কৰক , গোকুল বৰ্মনক কে এ চিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে লাগিবই, গকুল বৰ্মন বিৰোধী হুচিয়াৰ, কে এ চিত ষড়যন্ত্ৰ নচলিব , কে এ চি ৱেলকাম , আক্ৰাছু বিৰোধী হুচিয়াৰ , এছ টি আমাক লাগিবই , ন' এছ টি ন' ৰেষ্ট , কমতাপুৰ আমাৰ নাৰ্য দাবী আদি শ্লোগান দি বঙাইগাঁও চহৰৰ মাজেৰে চাপাগুৰিলৈ গৈ পুনৰ উভতি আহি গান্ধী ময়দানত উপস্থিত হয় ৷ ইয়াতো বিভিন্ন শ্লোগান দি পিচত জিলা আক্ৰাছু কাৰ্যালয়লৈ উভতি যায় আৰু মটৰ চাইকেল সমদল কাৰ্যসূচীৰ সামৰণি মাৰে ৷ ইপিনে এই মটৰ চাইকেল সমদল কাৰ্যসূচী সন্দৰ্ভত জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে সংবাদ মাধ্যমৰ আগত কয় যে আক্ৰাছুৱেই এক

জে কে বৰুৱা ক্ৰিকেটৰ নগাঁও জিলা ক্ৰিকেট দল ঘোষণা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ মৰিগাঁৱত আয়োজিত আন্তঃজিলা জে কে বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদক প্লাৱন বৰুৱাই ঘোষণা কৰিছে নগাঁও জিলা দলটো ৷ ঘোষিত দলটোৰ খেলুৱৈসকল হৈছে অৰ্ণৱ বৰা(অধিনায়ক), প্ৰাণজিৎ বৰা, বিদ্যুৎ দাস, নিক কুমাৰ দাস, শুভম পাল, গোপাল কৃষ্ণ ঘোষ, অভয় দাস, বিজয় শৰ্মা, শুৱম দাস, ময়ুৰজ্যোতি বৰা, ফাল্গু প্ৰতিম বৰা, নিল কুমাৰ দাস, সিদ্ধাৰ্থ বৰা, প্ৰিয়ম বৰা আৰু নীলদীপ্ত কাশ্যপ। নগাঁও ক্ৰীড়া সংস্থাৰ ক্ৰিকেট শাখাৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই জনোৱা মতে, উল্লেখিত দলটোৰ সৈতে দীপাংকৰ দাস প্ৰশিক্ষক আৰু দেৱজিৎ দাস মেনেজাৰূপে আছে।

ৰঙিয়াত বিশাল 'মহিলা সমাৰোহ' , জীৱিকা সখিলৈ স্কুটি আৰু আত্মসহায়ক গোটলৈ চেক্ প্ৰদান

Image
অনুষ্ঠানত উপস্থিত ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ, সাংসদ  দিলীপ শইকীয়া, মন্ত্ৰী  ভৱেশ কলিতা, বিধায়িকা  সুমন হৰিপ্ৰিয়া প্ৰতিবেদক, ৰঙিয়া, ২৩ ফেব্ৰুৱাৰীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা পৰিষদ তথা ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত আজি ৰঙিয়াৰ বাৰ্মিজ ফিল্ড ৰূপে পৰিচিত ৰঙিয়া পেৰেড গ্ৰাউণ্ড( ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ)ত উত্তৰ -পূব উন্নয়ন দপ্তৰৰ  মন্ত্ৰী  জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় এখনি বিশাল 'মহিলা সমাৰোহ' । অনুষ্ঠানত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ  দিলীপ শইকীয়া, অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ  ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক  ভৱেশ কলিতা,  হাজো সমষ্টিৰ  বিধায়িকা  সুমন হৰিপ্ৰিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ  আয়ুক্ত  হেমেন দাস, কামৰূপ জিলাৰ উপায়ুক্ত  কৈলাশ কাৰ্তিক এন, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেন মালাকাৰ, ৰঙিয়া মহকুমাৰ  মহকুমাধিপতি স্বপ্নীল পাল, বিশিষ্ট সমাজকৰ্মী  ৰীতা তালুকদাৰ, মৌচুমী ব্ৰহ্ম প্ৰমুখ্যে কেইবাজনো গ

হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত মহা ৰুদ্ৰযজ্ঞ≈≈নৱ নিৰ্মিত কৈলাশনাথ মন্দিৰ মুকলি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত আৰম্ভ হৈছে ছয়দিনীয়া শ্ৰীশ্ৰী মহা ৰুদ্ৰযজ্ঞ ৷ তদুপলক্ষে মঙলবাৰে টোল প্ৰাংগনত বেবেজীয়াৰ ভক্তিপ্ৰাণা বিদুষী মহিলা নলিনী ভট্টাচাৰ্যৰ অৰ্থ সাহাৰ্য্যৰে নৱ নিৰ্মিত কৈলাশনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰে বিশিষ্ট নাট্যকাৰ নেত্ৰকমল বৰঠাকুৰে ৷ এক ভক্তিময় পৰিবেশত বৈদিক মন্ত্ৰোচ্চাৰণ, আয়তিৰ উৰুলি আৰু দবা-শংখৰ মাংগলিক ধ্বনিৰে ভক্তসকলৰ সেৱাৰ বাবে মন্দিৰভাগ মুকলি কৰি দিয়া হয় ৷ ইয়াৰ পূৰ্বে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি বাণীকান্ত শৰ্মাই ৷ স্মৃতি তৰ্পণ আগবঢ়াই কাৰ্যকৰী সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্য আৰু বন্তি প্ৰজ্বলন কৰে জ্যোতিষাচাৰ্য নলিনী ভট্টাচাৰ্যই ৷ উক্ত কাৰ্যসূচীত উদযাপন সমিতিৰ সম্পাদক অৱনী শৰ্মা, সহ: সম্পাদক বিজয়কৃষ্ণ শৰ্মা, নিপন শৰ্মাৰ লগতে শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, যাদৱ বৰা, দেৱ কুমাৰ বৰাকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ ইয়াৰ পাছতে দুপৰীয়াৰ পৰা যজমান জীতেন ভট্টাচাৰ্যৰ পৰিচালনাত নান্দি শ্ৰাদ্ধ আৰম্ভ হয় ৷ এই ছয়দিনীয়া উৎসৱ উপলক্ষে টোল প্ৰাংগনত জিলাখনৰ বিভি

নগাঁৱত এন পি এছ শিক্ষক-কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি পালন≈≈স্তব্ধ চৰকাৰী কাম-কাজ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেন্সন নীতি(অ' পি এছ) প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাত এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে পুৱা কাৰ্যালয়ত উপস্থিত হৈ কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে তেওঁলোকৰ মুল দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমুহ পুৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। অন্যথা অনাগত বিধান সভা নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে। উক্ত কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ বৰা, সহকাৰী সম্পাদক মনোজ কাকতি, উপ-সভাপতিদ্বয় ছাইফুল ইছলাম, পংকজ মিলি, সাংগঠনিক সম্পাদক ৰাজেশ শ্বোম আদিকে ধৰি বহু নেতৃবৰ্গ উপস্থিত থাকে। এই কৰ্মবিৰতিৰ ফলত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমুহ দিনটোৰ বাবে স্তব্ধ হৈ পৰে। ইফালে, জিলাখনৰ বেবেজীয়া, হাতীচো

ৰঙিয়া সমষ্টিত শক্তিশালী ৰূপত কংগ্ৰেছৰ প্ৰাৰ্থী যুৱ নেতা ৰাজীৱ খান

Image
প্ৰতিবেদক, ৰঙিয়া, ২৩ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যত শাসক বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে ৰণডংকা বজাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যত শাসন কৰি থকা বিজেপিৰ চৰকাৰক উৎখাত কৰিবলৈ কেইবাটিও ৰাজনৈতিক দলে একত্ৰিত হৈ মহাজোঁট বন্ধন গঠন কৰি পৰৱৰ্তী বিজেপি বিৰোধী চৰকাৰ গঠন কৰাৰ সপোন ৰচিছে।কংগ্ৰেছ দলে অসম বচাওঁ শীৰ্ষক শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বিজয়ী সমষ্টি ৰঙিয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্বক লৈ শংকাত ভূগিছে কংগ্ৰেছ দলে। কিয়নো বিজেপিক চৰকাৰৰ পৰা ওফৰাবলৈ গঠন হোৱা মহাজোঁট বন্ধনত ৰঙিয়া সমষ্টিটো চিপিএমৰ প্ৰাৰ্থীক এৰি দিয়াৰ কুচকাৱাজ চলি আছে । ইতিমধ্যে আঠ গৰাকীকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ লগতে সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে কোনোমতে মানি নলয় ৰঙিয়া সমষ্টিতো চিপিআই (এম)ক এৰি দিয়াটো।এইক্ষেত্ৰত মানৱ অধিকাৰ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ বিটিআৰৰ আহ্বায়ক, যুৱ নেতা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজীৱ খান কয় যে, ৰঙিয়া সমষ্টিত বৰ্তমা

মহিলাই হাঁহিলেহে সমাজে হাঁহিব : চন্দ্ৰ মোহন পাটোৱাৰী

Image
বৰপেটাত জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচীৰ উদ্ধোধন*     সঞ্জীৱ দাস, বজালী, ২৩ ফেব্ৰুৱাৰী: মহিলা সকল খুব নিষ্ঠাবান আৰু সৎ। তেওঁলোকে সকলো কাম অতি নিষ্ঠাৰে ৰূপায়ন কৰে। আজি বৰপেটা জিলাত গ্ৰামীণ  জীবিকা অভিযান মিছনৰ অধীনৰ জীবিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত ৰাজ্যৰ পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে কয়। বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্ধোধনী সভাত দিয়া ভাষণত তেওঁ আৰু  কয় যে, "আমি অসমৰ সকলো অঞ্চলৰ মহিলাৰ মুখত হাঁহি চাব বিচাৰোঁ - অন্তৰৰ মুকলি হাঁহি। কাৰণ মহিলাই হাঁহিলেহে সমাজে হাঁহিব, ৰাজ্য‌ই হাঁহিব।" সভাত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ এই অভিনৱ আচনিখনৰ ভূয়সী প্ৰশংসা কৰি ইয়াৰ দ্বাৰা গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিকাশ তৰান্বিত হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে দিয়া আদৰণি ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে বৰপেটা জিলাত ১৮৯ গৰাকী জীবিকা সখীক স্কুটী বিতৰণ কৰিবল

শোলমাৰাত শ্ৰী শ্ৰী মনসা পূজা আৰু গোপীনাথ মহাপ্ৰভূৰ সভা মহোৎসৱত যথেষ্ট ভক্তৰ সমাগম

Image
 পশ্চিম নলবাৰীৰ  শোলমাৰাত ১৩২ সংখ্যক  শ্ৰীশ্ৰী মনসা পূজা আৰু শ্ৰীশ্ৰী গোপীনাথ মহাপ্ৰভূৰ  সভা মহোৎসৱ ২০ ফেব্ৰুৱাৰী (শনিবাৰ)ৰ  পৰা পাচদিনীয়া বৰ্ণাঢ্য  কাৰ্য্যসূচীৰে শোলমাৰা  হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে ৷ মঙ্গলবাৰে (আজি) হোম-যজ্ঞ অনুষ্ঠানত যথেষ্ট ভক্তৰ সমাগম হয় । গাঁওৰ  ডেকা-বুঢ়া সকলোৱে অংশ লয় হোম-যজ্ঞ  অনুষ্ঠানত । উল্লেখ্য যে শনিবাৰে   পুৱা উদযাপন সমিতিৰ সভাপতিয়ে  পতাকা উত্তোলনৰে সভাৰ কাৰ্য্যসূচীৰ পাতনি মেলে ৷ তাৰ পাছতে শ্বহীদ তৰ্পন,স্মৃতি তৰ্পন,সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু ড: বি, আৰ, আম্বেডকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপ্ৰদান,  অস্থায়ী  কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন,গছপুলি ৰোপন, মূখ্য তোৰন উদঘাটনৰ পিছতে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । ইয়াৰ পিছতে মহিলাৰ দিহা নাম প্ৰতিযোগিতা  অনুষ্ঠিত হয় ।  সন্ধিয়া টোপধ্বনী প্ৰজ্বলন, সভা মহোৎসৱৰ মূল দ্বাৰ উন্মোচন,  প্ৰতিমা স্থাপন, নিশা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । দেওবাৰে  সমূহীয়া চাফাই,পূজাৰ সমূহীয়া পানী তোলনৰ পিছতে ভক্তই  আগবঢ়োৱা শ শ পঠাছাগলী, পাৰ, হাঁহ,  কোমোৰা আদি বলি-উচৰ্গা কৰা হয় । নিশা 

আজি বজালীৰ বহুকেইখন ঠাইত কংগ্ৰেছৰ "অসম বচাও আহক" অভিযান

Image
আজি বজালীৰ বহুকেইখন ঠাইত কংগ্ৰেছৰ "অসম বচাও আহক" অভিযান বাছ এখনত উঠি আহি এই অভিযান চলাইছে কংগ্ৰেছী নেতৃবৃন্দই। 'কা' আমি নামানো, ৰাহুল গান্ধী জিন্দাবাস ধ্বনিৰে বজালীৰ পাঠশালাকে ধৰি শুকমানাহ, পল্লাৰপাৰ বিজ্ঞান একাডেমি, পুৰণ ভৱানীপুৰস্থিত শ্ৰীশ্ৰী গোপাল আতা সত্ৰত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিপক্ষে তথা মূল্য বৃদ্ধি, অসমৰ জলন্ত সমস্যাসমূহৰ বিষয়ে মন্তব্য আগবঢ়ায় বিৰোধী দলৰ প্ৰাক্তন  মন্ত্ৰী ৰেকিবুল হুছেইনে। আজি এই অভিযানত ৰকিবুল হুছেইনক সংগ দিয়ে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, যুৱ কংগ্ৰেছৰ সম্পাদিকা শ্বৰিফা ৰহনাকে ধৰি বাক্সা, বৰপেটা জিলাৰ বিষয়ববীয়াসকলে। #বজালীৰ পৰা সঞ্জীৱ দাস

নাৰীশক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : জামুগুৰিহাটত মুখ্যমন্ত্ৰী সোনোৱাল

Image
আজি দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ পঞ্চায়ত আৰু গ্ৰামোনন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীন জিৱীকা অভিযানৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদত অনুষ্ঠিত হোৱা এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সোনোৱালে ১৫৩ গৰাকী জীৱিকা সখীক একোখনকৈ স্কুটাৰ প্ৰদান কৰাৰ লগতে জিলাখনৰ ৩৩৪০ টা গোটক ৫০০০০ টকাৰ চেক প্ৰদান কৰে ৷ সমাৰোহত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাৰী শক্তিক উদ্দেশ্যি নিজৰ ভাষন প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে অসমৰ মহিলা সকলোলৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ দ্বাৰা অসমৰ অৰ্থনৈতিক দিশ যথেষ্ট টনকীয়াল হোৱা পৰিলক্ষিত হৈছে ৷ নাৰী শক্তিক সমাজৰ শ্ৰেষ্ঠ শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাজৰ উন্নয়নৰ বাবে মহিলাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ ইপিনে চতিয়া সমষ্টিৰ দিঘলী চাপৰিত নিৰ্মান হ'বলগীয়া এখন উদ্যোগিক উদ্যানৰ লগতে হাজাৰীমলত হ'বলগীয়া ITI কলেজ নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভনী কৰাৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰীকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী পামৰ অন্তৰ্গত ধুগ্ধ উদ্যোগটোৰ

লাহৰীঘাটত বিজেপিৰ বিশাল গনসমাবেশ

Image
মৰিগাৱঁ জিলাৰ লাহৰীঘাটত  আজি বিজেপি দলৰ বিশাল গন সমাবেশ অনুষ্ঠিত হয়।এই গনসমাবেশত উপস্হিত থাকে   বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম সংখ্যালঘু ব'ডৰ অধ্যক্ষ মুক্তাৰ হুছেইন খান,মৰিগাৱঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ,মৰিগাৱঁ জিলা সভাপতি প্ৰবীণ মেধি ,সম্পাদক নিৰ্মল কোৱঁৰকে আদিকৰি কেইবা সহস্ৰাধিক স্হানীয় ভোটাৰ ৰাইজে অংশ গ্ৰহন কৰে। গনসমাবেশত  বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে  কংগ্ৰেছ আৰু এআই ডি এফ দলক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে প্ৰাক নিৰ্বাচনৰ সমীক্ষা দিয়ে ২০২১চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে  কেনেকৈ ১০৩ খন আসন পাব । আৰু লগতে ইয়াকো কয় লাহৰীঘাট সমষ্টিটোত বিজেপি দলৰ পৰা প্ৰাৰ্থী দিয়া হব আৰু ৰঞ্জিত দাসে চোৱাচিতা কৰিব । লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ প্ৰতিবেদন Date-23/02/2021

ৰাষ্ট্ৰীয় জাম্প ৰ'প ক্ৰীড়াৰ কৰ্মশালাত ৰাজ্যৰ চাৰিগৰাকী প্ৰশিক্ষকৰ অংশগ্ৰহণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় জাম্প ৰ'প ক্ৰীড়া মহাসংঘৰ দ্বাৰা ঝাৰখণ্ডৰ ৰাঁচীত যোৱা ১৮-২০ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ ৰেফাৰী, জুৰী আৰু প্ৰশিক্ষকসকলৰ এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায় । ফিট ইণ্ডিয়াৰ অনুমোদনপ্ৰাপ্ত এই ক্ৰীড়াই শীঘ্ৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মান্যতা লাভ কৰিব বুলি আশা কৰা হৈছে।অসমৰ পৰা মুঠ চাৰিগৰাকীয়ে প্ৰতিনিধিত্ব কৰা এই কৰ্মশালাত ভাৰতবৰ্ষৰ ২৩ খন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত জাম্প ৰ'প খেলৰ চলিত বৰ্ষৰ সাধাৰণ সভাত পাপ্পু খানক উত্তৰ-পূৱ মণ্ডলৰ সমন্বয়কৰ দায়িত্ব দিয়াৰ লগতে সৰ্বভাৰতীয় মহাসংঘত উপ সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। তদুপৰি মিন্টু গোস্বামীয়ে সফলতাৰে ৰেফাৰী জুৰীৰ প্ৰশিক্ষণ সম্পন্নৰে মহাসংঘৰ মান্যতা লাভ কৰে আৰু অশ্বিপ আহমেদ তথা আনজিৰ আলিয়ে বিশেষ প্ৰশিক্ষণ সফলতাৰে সম্পাদন কৰি প্ৰমানপত্ৰ পায়। সৰ্বভাৰতীয় জাম্প ৰ'প মহাসংঘৰ সাধাৰণ সভাৰ নিৰ্দেশ অনুসৰি অতি শীঘ্ৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সন্মিলিত সংস্থা সমূহ গঠন কৰা হ'ব বুলি জানিৱ পৰা গৈছে

গুৱাহাটীত টপচেম চিমেণ্টৰ ক্লেফ্ট অস্ত্ৰোপচাৰ সপ্তাহ আৰম্ভ

Image
মিছন স্মাইলৰ "ক্লেফ্ট মুক্ত উত্তৰ-পূব" ৰ সৈতে অংশীদাৰ এই প্ৰতিশ্ৰুতিয়ে মিছন স্মাইলৰ সৈতে ৪ বছৰৰ অংশীদাৰিত্ব চিহ্নিত কৰে ষ্টাফ ৰিপ'ৰ্টাৰ,,২২ফেব্ৰুৱাৰী উত্তৰ-পূব ভাৰতৰ এক শীৰ্ষস্থানীয় চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্ট আৰু এফচিআৰএ অনুমোদিত আৰু চৰকাৰী পঞ্জীভুক্ত মেডিকেল চেৰিটেবল ট্ৰাষ্ট মিছন স্মাইলে ২০১৮ৰ পৰা ফটা(Cleft)ওঁঠ, ফটা তালুৰ সৈতে জন্ম হোৱা আৰু অন্যান্য মুখৰ বিকৃতি শিশুসকলৰ বাবে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ প্ৰদানৰ কাম কৰি আহিছে। উত্তৰ-পূব ভাৰতক ক্লেফ্ট মুক্ত কৰাৰ বাবে এই দুয়োটাই একেলগে কাম কৰি আহিছে।টপচেম চিমেণ্টৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) উদ্যোগৰ এক অংশ হিচাপে ২০২১ত  মুঠ ৪০জন ফটা ওঁঠ ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হ'ব। এই ৪০জন ৰোগীৰ ভিতৰত ২০জন অসমৰ আৰু ২০জন মেঘালয়ৰ। এই অস্ত্ৰোপচাৰ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত অৱস্থিত মিছন স্মাইল গুৱাহাটী কম্প্ৰেহিনেছিভ ক্লেফ্ট লিপ চেণ্টাৰৰ মুখ্য কাৰ্যালয়ত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত কৰা হ'ব। এই কাৰ্যই চিকিৎসাৰ লাভ নকৰা শিশুসকলক চিৰকালৰ বাবে হাঁহি আৰু স্বাস্থ্যকৰ জীৱন যাপনত সহায় কৰিব।টপচেম চিমেণ্টে ২০১৮ত

ধিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত লহকৰঘাট ৰাস মন্দিৰ খেলপথাৰত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ আয়োজন।

Image
বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ধিং সমষ্টিৰ মৈৰাবাৰী আৰু জুৰিয়া ব্লক কংগ্ৰেছৰ উদ্দোগত এক বুথ সংকল্প শিবিৰৰ আয়োজন কৰে। যত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাজনো বিষয়ববীয়া লগতে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা উপস্হিত থাকে।  শিবিৰত মুখ্য অতিথি তথা মাষ্টাৰ ট্ৰেইনাৰ  হিচাপে উপস্থিত থাকে চতিচগড়ৰ কংগ্ৰেছ নেতা সুশিল শৰ্মা।  প্ৰাক্তন মন্ত্ৰী গৌতম বৰা দেৱে বুথ কমিটিৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়,সুশীল শৰ্মাই বুথ কমিটিৰ সদস্যসকলৰ লগত মতবিনিময় কৰে আৰু অসম পৰিস্থিতিৰ ওপৰত ভাষণ প্ৰদান কৰে। আজিৰ এই সংকল্প শিবিৰত মৈৰাবাৰী আৰু জুৰিয়া ব্লক কংগ্ৰেছৰ পৰা শতাধিক বুথ কমিটিয়ে অংশগ্ৰহণ কৰে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

ডাইনী যিহেতু নাই সেয়ে ডাইনী হত্যা শব্দটো এটা ভুল শব্দ : ৰাইজ মেলত ডঃ দিব্যজ্যোতি শইকীয়া

Image
ছয়গাঁও ২২ফেব্ৰুৱাৰী:  অন্ধবিশ্বাস, ডাইনীৰ নামত    ষড়যন্ত্ৰ আৰু উৰাবাতৰিয়ে কোনো কোনো  লোকৰ জীৱন  ধ্বংস কৰাৰ লগতে সমাজ জীৱন কলুষিত কৰিছে। এনেধৰণৰ অন্ধবিশ্বাস ৰোধ কৰি সংস্কাৰ হৈ মানুহে মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহিব লাগে। এই বক্তব্য ভাৰতৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শান্তি আৰু মানৱতাৰ বাৰ্তা বাহক , মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধ্যা কামৰূপ জিলাৰ ছয়গাঁওৰ অন্তৰ্গত বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে অনুষ্ঠিত এক ৰাইজ মেলত মূখ্য অতিথি হিচাপে উপস্থিত থাকি  তেওঁ এইদৰে কয়। বনগাঁওৰ ভোৰকিবাৰীৰ স্থানীয় সমাজ কর্মী কামেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত ৰাইজ মেলৰ উদ্দেশ্য বাখ্যা আগবঢ়াই স্থানীয় বিজ্ঞান কৰ্মী অঞ্জন কলিতাই। প্ৰায় দুই শতাধিক  সচেতন মহিলা উপস্থিত থকা উক্ত কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক ৰাষ্ট্ৰীয় অভিলেখকাৰী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেনেকৈ ভিন্ন ধৰ্মৰ ট্ৰান্তিকে কি ধৰণে সাধাৰণ মানুহক ধগ প্ৰবঞ্ছনা কৰি আহিছে এই সন্দৰ্ভত পুঙ্খানুপুঙ্খ  ভাবে বৈজ্ঞানিক

বঙাইগাঁৱত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত জিলা কংগ্ৰেছৰ ধৰ্ণা

Image
 বঙাইগাঁওঃ২২ফেব্ৰুৱাৰীঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি বঙাইগাঁও জিলা কংগ্ৰেছে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত ইণ্ডিয়ান পেট্ৰ'ল পাম্পৰ সন্মুখত ৰূপায়ণ কৰা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে পেট্ৰ'ল-ডিজেল , ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায়,ফণীভূষণ চৌধুৰী' গ'বেক, নৰেন্দ্ৰ মোদী গ' বেক, মিছলীয়া বিজেপি চৰকাৰ হায় হায় , মিছলীয়া ফণীভূষণ চৌধুৰী হায় হায় , সৰ্বা- হিমন্ত হায় হায়, এজিপি - বিজিপি হায় হায়  আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱাই কয় যে বিজেপি চৰকাৰৰ দিনত ভাৰতৰ্ষৰ জনসাধাৰণে অত্যাৱশ্যকীয় সাগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি মধুসূদন দেখিছে ৷ পেট্ৰ'ল- ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ এইদৰে দিনে দিনে মূল্যবৃদ্ধি হৈ থকাত এতিয়া জনসাধাৰণে ইয়াৰ পৰিত্ৰান বিচাৰিছে ৷ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰখনে জি এছ টি , নোট বন্দীৰ জৰিয়তে দেশৰ অৰ্

বঙাইগাঁৱত কমতাপুৰ পিপলছ এছোচিয়েশ্বনৰ ধৰ্ণা

Image
পৰিষদীয় এলেকাৰ ব্যক্তিক লৈহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনৰ দাবী বঙাইগাঁওঃ ২২ ফেব্ৰুৱাৰীঃ কমতাপুৰ পৰিষদীয় এলেকাৰ ব্যক্তিক লৈহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তী পৰিষদ গঠনৰ দাবীত আজি কমতাপুৰ পিপলছ এছোচিয়েশ্বনৰ আহ্বানত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয় ৷ বঙাইগাঁও গান্ধীময়দানত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন আইন উলংঘন কৰা নচলিব , কমতাপুৰ আইন উলংঘন কৰা নচলিব , পৰিষদৰ ভিতৰৰ ব্যক্তিকলৈহে অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰক, কমতাপুৰ পৰিষদৰ এলেকাৰ লোকক বঞ্চিত নকৰিব , কমতাপুৰ পৰিষদৰ ভিতৰৰ সমাজখনক বঞ্চনা কৰা নচলিব ,আইন সংগতভাৱে কমতাপুৰ অন্তৰ্ৱতী পৰিষদ গঠন কৰক  আদি বিভিন্ন শ্লোগান দিয়ে ৷ প্ৰতিবাদকাৰীসকলে পিচত গান্ধী ময়দানৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ধৰ্ণা দিয়ে ৷ ইপিনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত নতুনকৈ আত্মপ্ৰকাশ কৰা সংগঠনটোৰ মুখ্য আহ্বায়ক হৰমোহন মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে যিখন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিছে, তাৰ কাৰণে যিখন আইন গৃহীত হৈছে ইয়াৰ আধাৰত অন্তৱৰ্ত্তী