জে কে বৰুৱা ক্ৰিকেটৰ নগাঁও জিলা ক্ৰিকেট দল ঘোষণা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ মৰিগাঁৱত আয়োজিত আন্তঃজিলা জে কে বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদক প্লাৱন বৰুৱাই ঘোষণা কৰিছে নগাঁও জিলা দলটো ৷ ঘোষিত দলটোৰ খেলুৱৈসকল হৈছে অৰ্ণৱ বৰা(অধিনায়ক), প্ৰাণজিৎ বৰা, বিদ্যুৎ দাস, নিক কুমাৰ দাস, শুভম পাল, গোপাল কৃষ্ণ ঘোষ, অভয় দাস, বিজয় শৰ্মা, শুৱম দাস, ময়ুৰজ্যোতি বৰা, ফাল্গু প্ৰতিম বৰা, নিল কুমাৰ দাস, সিদ্ধাৰ্থ বৰা, প্ৰিয়ম বৰা আৰু নীলদীপ্ত কাশ্যপ। নগাঁও ক্ৰীড়া সংস্থাৰ ক্ৰিকেট শাখাৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই জনোৱা মতে, উল্লেখিত দলটোৰ সৈতে দীপাংকৰ দাস প্ৰশিক্ষক আৰু দেৱজিৎ দাস মেনেজাৰূপে আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা