পাটাছাৰকুছি অগপই এৰি নিদিয়ে বিজেপিক : ড: ৰঞ্জিত ডেকা

 টিহুত অগপৰ টিহু মণ্ডলৰ বুথ সভা সম্পন্ন  # 
# পাটাছাৰকুছি অগপই এৰি  নিদিয়ে বিজেপিক : ড: ৰঞ্জিত ডেকা # পবিন্দ্ৰ ডেকা এতিয়া অ-প্ৰাসংগিক  : ড: ৰঞ্জিত ডেকা # অসমত অগপ-বিজেপি  মিত্ৰজোতৰ চৰকাৰ হোৱাটো নিশ্চিত  : অমিয় দাস  #  পাটাছাৰকুছিত অক্ষুন্ন থাকিব আঞ্চলিকতাবাদৰ দুৰ্গ : অমিয় দাস # 

 আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ  এমাহ বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতাত  । পিছ পৰি থকা নাই পাটাছাৰকুছি বিধান সভা সমষ্টি । আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত বিজেপি নে অগপই প্ৰাৰ্থী দিব সেইয়া চুড়ান্ত হোৱা নাই যদিও দুয়োটা দলে চলাই গৈছে নিৰ্বাচনী কুচকাৱাজ  । দেওবাৰে  (আজি)  সমষ্টিটোৰ টিহুৰ ৰাস খ'লাত  অনুষ্ঠিত হয় অসম গণ পৰিষদৰ টিহু  মণ্ডল  পৰিষদৰ  এখন বুথ  সভা  ।  অসম গণ পৰিষদৰ টিহু মণ্ডল সমিতিৰ  সভাপতি চানক্য চৰণ কলিতাৰ  সভাপতিত্বত অনুষ্ঠিত বুথ  সভাত  অগপ নেতা ড: ৰঞ্জিত ডেকা, অমিয় দাস,  বানী কলিতা, কল্পনা পাটোৱাৰী,  ধৰ্মেশ্বৰ ৰয়, ধ্ৰুৱ দত্ত, হৰেকৃষ্ণ মেধি, বন্তি পাঠক  আদি বহুকেইজন নেতাই অংশ লয়  । অগপ নেতা লোহিত কলিতাই  আতধৰা সভা খনত প্ৰায় সাত  শতাধিক লোক উপস্থিত থাকে ।  সভাত অংশ লৈ অগপ নেতা অমিয় কুমাৰ দাসে সদ্য পদত্যাগী বিধায়ক  পবিন্দ্ৰ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰি লোহা, যিয়ে বিন্ধিলে টিটেনাচ লব লাগে । সেয়ে সকলোৱে সংগ ত্যাগ কৰিছে পবিন্দ্ৰ ডেকাৰ । এসময়ৰ আঞ্চলিকতা বাদৰ দুৰ্গ হিচাপে পৰিচিত  পাটাছাৰকুছি সমষ্টি বৰ্তমানো আৰু ভৱিষ্যতলৈও আঞ্চলিকতা বাদৰ নিচান উৰি থাকিব বুলি দাবী  কৰে দাসে  ।  সভাত অগপ নেতা ড: ৰঞ্জিত ডেকাই পাটাছাৰকুছি সমষ্টি অগপই কোনোপধ্যে বিজেপিক এৰি নিদিয়ে বুলি উল্লেখ কৰে ।   পবিন্দ্ৰ ডেকা এতিয়া  অ-প্ৰাসংগিক বুলি উল্লেখ কৰি  পবিন্দ্ৰ ডেকাৰ নেতৃত্বত পাটাছাৰকুছি সমষ্টিত অগপ বহু দুৰ্বল হৈছিল যদিও পবিন্দ্ৰ ডেকাই যোৱাৰ পিছত এতিয়া পুনৰ শক্তিশালী ৰূপত পাটাছাৰকুছিত অসম গণ পৰিষদ দলে ঠন ধৰি উঠা বুলি দাবী কৰে ড: ৰঞ্জিত ডেকাই   । আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত অগপই প্ৰাৰ্থী দিব আৰু বিপুল ভোটত জয়ী হব  বুলিও স্পষ্ট ভাবে কয় ড: ৰঞ্জিত ডেকাই  ।

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা