মৈৰাবাৰী মহাবিদ্যালয়ত সম্পন্ন লোকসেৱা আয়োগৰ পৰীক্ষাৰ বক্তৃতানুষ্ঠান

মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ত শনিবাৰে ছেমিনাৰ হলত পুৱা 11 বজাত অনুষ্ঠিত হয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে এক বক্তৃতানুষ্ঠান| 
মহাবিদ্যালয়ৰ Student Support & Progression Cellৰ সমন্বয়ক ডঃ ময়িদুল ইছলামে আঁত ধৰা বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ জ্যেষ্ঠ পৰিসাংখ্যিক বিষয়া নুৰুল আমিন| তেওঁ নিজৰ বক্তব্যত কয় যে পৰীক্ষাত ভাল ফলাফল দাঙি ধৰি আকাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলে সু-পৰিকল্পিতভাৱে নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব|

লগতে তেওঁ কয় যে অসমৰ পৰা আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ দক্ষতা নতুনচামৰ মাজত আছে| কিন্তু সমাজৰ অগ্ৰজসকলে বিশেষকৈ মহাবিদ্যালয়ৰ শিক্ষকসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে পিছপৰা অঞ্চলৰ পৰাও দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি হোৱাটো একো ডাঙৰ কথা নহয়|

ইপিনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰী তৌছিফা শ্বাহিনে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰয়োজনীয় মূল্যৱান কৌশল সম্পৰ্কে চমু বক্তব্য ৰাখে|

সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ'বলৈ বিশেষভাৱে প্ৰেৰণা যোগায় মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ৰফিকুল ইছলাম আৰু জ্ঞান বিজ্ঞান সমিতি, অসমৰ সভাপতি মজিবুৰ ৰহমানে|

অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডঃ ৰেহেনা আহমেদে|

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা