ৰিপুন বৰাৰ কথা কবলৈ যাওতে পুনৰ ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ বিষয় আনিলে পল্লৱ লোচন দাসে

চাহজনজাতি নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই কি চাহজনজাতি কথাৰ চিন্তা কৰিব ৷ চাহজনজাতি নেতা হত্যা কৰি  তিহাৰ জেলৰ ভাত খোৱা ৰিপুনে চাহবাগিছাৰ শ্ৰমিকৰ কথা কোৱাৰ  নৈতিক অধিকাৰ নাই ৷ এই গৰাকী ৰিপুন বৰাকে এতিয়া কংগ্ৰেছে মূখ্যমন্ত্ৰীৰ মুকুট পিন্ধাইছে ৷ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাৰ কাষত কেতিয়াও চাহজনজাতি ৰাইজ সুৰক্ষিত নহয় ৷ এটা সৰু ৰাজনৈতিক দলেও ৰিপুন বৰাৰ নিচিনা মানুহক সভাপতি নেপাতে কিন্তুু  কংগ্ৰেছে ৰিপুন বৰাক  সভাপতি পতাৰ পাচত   চাহজনজাতি ৰাইজে কংগ্ৰেছক  কিয়  গ্ৰহণ কৰিব ৷ এই মন্তৱ্য তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ ৷ বুধবাৰে  চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাঙ্গণত অনুষ্ঠিত চতিয়া সমষ্টিৰ চাহ মৰ্চ্চাৰ এক সভাত অংশ গ্ৰহণ কৰি আৰু কয়-২০১৬ চনৰ আগত অসমৰ চাহজনজাতি ৰাইজে একোৱেই লাভ কৰা নাছিল ৷ কংগ্ৰেছে চাহজনজাতি ৰাইজৰ ইতিহাস নাইকিয়া কৰি পেলালে ৷ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷ বহুত যুগৰ পাচত নৰেন্দ্ৰ মোদীয়ে আমাক পোহৰ দিলে ৷ ইতিহাস হেৰাই যোৱা মানুহৰ স্বীকৃতি দিলে ৷ বাগানৰ উন্নয়নৰবাৱে এক হেজাৰ কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীয়ে ৷ বিজেপিৰ চাহ মৰ্চ্চাৰ সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়-২০১৫ লৈকে অসমত চাহজনজাতি ৰাইজ সুৰক্ষিত নাছিল ৷ উগ্ৰপন্থীৰ আক্ৰমনৰ বলী হৈছিল চাহজনজাতি ৰাইজ ৷ শান্তিৰ কাৰণে,সম্প্ৰতিৰ কাৰণে বিজেপিক অসমত প্ৰয়োজন আছে ৷ অসম বচাও নহয়-কংগ্ৰেছ বচাও অভিযানত নামি পৰিছে কংগ্ৰেছ দলটো ৷ বিহুৰ আগতেই কংগ্ৰেছ দলটো নিপাত যোৱাটো নিশ্চিত বুলি মন্তৱ্য কৰি বিধায়ক পদ্ম হাজৰিকাই ৷ কংগ্ৰেছৰ ভূৱা প্ৰচাৰত ভোল নেযাবলৈও চাহজনজাতি ৰাইজক আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই ৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা