কাইলৈৰ পৰা নগাঁৱত উত্তৰ-পূৱ ভাৰত বাস্কেটবল প্ৰতিযোগিতা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও বাস্কেটবল ক্লাৱৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহযোগত নুৰুল আমিন ষ্টেডিয়ামৰ বাস্কেটবল গ্ৰাউণ্ডত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পঞ্চম উত্তৰ-পূৱ ভাৰত আমন্ত্ৰণমূলক প্ৰাইজমাণি (পুৰুষ)বাস্কেটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে । প্ৰাক্তন খেলুৱৈ পুতু দাসক মুখ্য উপদেষ্টা, মোজাহিদ আহমেদ শইকীয়াক সভাপতি, নয়নমনি দাসক সম্পাদক আৰু আব্দুল ৰছিদ(ইবুল)ক কোষাধ্যক্ষৰূপেলৈ গঠিত আয়োজক সমিতিয়ে জনোৱা মতে, দিবা-নৈশ এই প্ৰতিযোগিতাখনৰ বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ বিশ হেজাৰ টকা আৰু ৰাৰ্ণাছআপ দলক নগদ দহ হেজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ স্ক'ৰাৰকো বিশেষ বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে ছিকিমৰ একলব্য ক্লাৱ, শ্বিলং আৰু ডিমাপুৰৰ আন দুটা দলৰ লগতে ৰাজ্যখনৰ এন এফ ৰেলৱে, ডিফু, শিৱসাগৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী আদিৰ বিভিন্ন দলসমূহ নগাঁৱত আহি উপস্থিত হৈছেহি। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰতিযোগিতাখনত মুঠ বিশটা দলে যোগদান নিশ্চিত কৰিছে।
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা