খকন আহমেদ আন্তঃজিলা স্কুল ক্ৰিকেট≈≈নগাঁও আৰু কাৰ্বি আংলঙৰ অগ্ৰগতি

 খকন আহমেদ আন্তঃজিলা স্কুল ক্ৰিকেট≈≈নগাঁও আৰু কাৰ্বি আংলঙৰ অগ্ৰগতি#               

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজ্যনত আয়োজিত খকন আহমেদ আন্তঃজিলা স্কুল (অনূৰ্ধ্ব-১৯ ল'ৰা) ক্ৰিকেট প্ৰতিযোগিতাৰ নগাঁও মণ্ডলৰ আজিৰ খেলত নগাঁও জিলা দলে গোলাঘাট দলক ৮০ ৰাণত  আৰু কাৰ্বি আংলঙে পশ্চিম কাৰ্বি আংলং দলক দহ উইকেটত  হৰুৱাই অগ্ৰগতি লাভ কৰিছে। নগাঁও মহকুমা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা আৰু শাৰীৰিক শিক্ষাৰ নিৰ্দেশক নাচিৰউদ্দিন আহমেদৰ পৰা জানিৱ পৰা মতে, নগাঁও বনাম গোলাঘাটৰ মাজৰ কলিয়াবৰত অনুষ্ঠিত খেলখনত নগাঁৱে টছত জিকি পোনতে বেট ধৰি ২৫ অভাৰত ছটা উইকেটৰ বিনিময়ত ১৭৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গোলাঘাট দলে ২৪.২ অভাৰত ৯৬ ৰাণ সংগ্ৰহ কৰোতেই আটাইকেইটা উইকেটৰ পতন ঘটে। আনহাতে, লংকাত অনুষ্ঠিত খেলখনত পশ্চিম কাৰ্বি আংলং দলে পোনতে বেট ধৰি ১০ অভাৰতে সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩০ ৰাণহে কৰিবলৈ সক্ষম হোৱাৰ প্ৰত্যুত্তৰত কাৰ্বি আংলং দলে ৪.৩ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে ৩১ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা