মাইক্ৰ'ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ মাফ ঘোষণা কৰিব নোৱাৰাতো বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা--গ্ৰামীণ শ্ৰমিক সন্থা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ৩ নং কাকী তাৰালাংচু মধ্য ইংৰাজী  বিদ্যালয়ৰ প্ৰাংগনত মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ আহব্বানত শনিবাৰে ঋণগ্ৰস্ত মহিলা সকলৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাখনি পৰিচালনা কৰে সমাজসেৱী নেত্ৰী মীনু দেৱী আৰু পদুমী দেৱীয়ে । সভাই ঋণগ্ৰস্ত মহিলা সকলক বৰ্তমান বিজেপি চৰকাৰে শেষ বিধানসভা অধিবেশনত ঋণমুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰাত চৰম ব্যৰ্থতা বুলি উল্লেখ কৰে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই ৰাজ্য চৰকাৰে মহিলা সকলৰ বাবে যদি কনকলতা মহিলা সবলীকৰণ যোজনা, জীৱিকা সখী এক্সপ্ৰেছ, আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি, অৰুণোদয় আদিৰ দৰে নগদ ধনৰ আচঁনি ৰূপায়ন কৰিব পাৰে, তেন্তে প্ৰকৃত মহিলা সবলীকৰণৰ বাবে ঋণগ্ৰস্ত মহিলা সকলক ঋণমুক্তি ঘোষণা কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰাৰ লগতে তেওঁ এই নগদ ধনৰ আচঁনি বিতৰণ কৰিবলৈ গৈ চৰকাৰখনে যোৱা প্ৰায় পাঁচটা বছৰত ৪৩,৪৩২.৪২ কোটি টকা যদি ঋণ ল'ব পাৰে তেতিয়া হ'লে মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহৰ পৰা ঋণগ্ৰস্ত হৈ থকা লক্ষ লক্ষ মহিলাৰ ১২,৬০০ কোটি টকা ঋণমুক্তি ঘোষণা কৰিব নোৱাৰাৰ কোনো কথা নাই বুুুলি মন্তব্য কৰে । তদুপৰি কৃষক নেতাজনে ৰাজকোষ উদং কৰি লক্ষ লক্ষ কোটি টকা ধাৰ লৈ প্ৰতিজন নাগৰিকৰ মূৰত ২৬,৫০০ হাজাৰ টকা ধাৰৰ বোজা জাপি দি হিতাধিকাৰী সৃষ্টি কৰি পুনৰ ক্ষমতা দখলৰ যি কৌশল ৰছনা কৰিছে সেয়া ৰাইজে এতিয়া বুজি উঠিছে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ঋণগ্ৰস্ত লোকসকলে অহা নিৰ্বাচন দিব বুুুলি হুংকাৰ দিয়ে ৷ স্থানীয় অঞ্চলৰ তিনি শতাধিক মহিলাই অংশগ্ৰহণ কৰা উক্ত সভাখনত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী আয়েফা বেগম, পৰী কুমাৰী বৰুৱা আৰু জ্যোচনাৰা বেগমো উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা