চতিয়া সমষ্টিৰ জামুগুৰিহাটত কংগ্ৰেছৰ “অসম বচাওঁ আহক” কাৰ্য্যসূচী, ২০২১ ত হ'ব কংগ্ৰেছৰ চৰকাৰ।

অসম প্ৰদেশ কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি গ্ৰহণ কৰা “অসম বচাঁও আহক” কাৰ্যসুচীৰ অংশস্বৰূপে আজি চতিয়া সমষ্টিটো ৰূপায়ণ কৰে “অসম বচাওঁ আহক” শীৰ্ষক কাৰ্য্যসূচী।সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাট,কুসুমটোলা,নাহৰবাৰী,ধলাইবিল,টুপীয়া,টৌভঙাকে ধৰি কেইবাটাও স্থানত আজি ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত হৈ জনসাধাৰণৰ মাজত এই কাৰ্যসুচীৰ প্ৰচাৰ চলাই।শতাধিক মটৰ চাইকেল ৰেলিৰে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলক চতিয়া সমষ্টিৰ যুৱ কংগ্ৰেছ,এনএছইউআই তথা কংগ্ৰেছৰ সদস্য সকলে আদৰি অনাৰ পাছত জামুগুৰিহাটৰ ঐতিহাসিক সংগীয়া মাজৰচুক গাঁৱৰ নামঘৰত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া  সকলৰ লগতে ২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় টিকটৰ বাবে আবেদন জনোৱা দাদুল বৰকাকতী,ড° কন্দৰ্প শইকীয়া,পাৰ্থপ্ৰতিম বৰা,প্ৰেম চান্দ চাহুকে ধৰি টিকট প্ৰত্যাশীসকল একেলগে উপস্থিত হৈ  আশীষ বিচাৰি প্ৰাৰ্থনা জনাই।কাৰ্যসুচীত অংশগ্ৰহণ কৰা প্ৰদেশ কংগ্ৰেছৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি পৰমা কাকতিয়ে কয় যে এইবাৰ অসমৰ ৰাইজে বিজেপিৰ অপশাসনৰ বাবেই দিছপুৰৰ গাদীৰ পৰা ওফৰাই  কংগ্ৰেছৰ চৰকাৰক শাসনৰ গাদীত বহুৱাব৷বিজেপিয়ে যিমানেই নকঁওক কিয় চৰকাৰ ৰাইজেহে বনাব বুলি উল্লেখ কৰি ২০২১ ত অসমৰ জনসাধাৰণে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হোৱাতহে হাত উজান দিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। চতিয়া সমষ্টিত আজি উলিওৱা কংগ্ৰেছৰ “অসম বচাওঁ আহক” কাৰ্য্যসূচীত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাধূৰ্য্য গোস্বামী,শোণিতপুৰ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক বিজিত দাস,অসম প্ৰদেশ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সদস্য অৰিন্দম কাকতী,অসম বচাঁও আহক কাৰ্যসুচীৰ লগত জড়িত দেৱ চেতিয়াকে ধৰি কেবাগৰাকীও জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াইও অংশগ্ৰহণ কৰে৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা