কংগ্ৰেছে আমুৱালে নয়ন নিৰ্বানক≈≈আঙুৰলতাৰ হাতত ধৰি পিন্ধিলে গেৰুৱাবসন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ ফেব্ৰুৱাৰী: বটদ্ৰৱা সমষ্টিৰ দলংঘাটত মঙলবাৰে গেৰুৱা বসন পিন্ধিলে  চলচিত্ৰ অভিনেতা নয়ন নিৰ্বান বৰুৱাই। পূৰ্বতে কংগ্ৰেছ দলত যোগদান কৰা অভিনেতা নয়ন নিৰ্বান বৰুৱাই 'কা' আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল  । কংগ্ৰেছ দলত থাকি বিশেষ একো সুবিধা কৰিব নোৱাৰা "কা" বিৰুদ্ধী শিল্পীজনে ৰং সলাই দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধে। দলংঘাট দৌল মন্দিৰ প্ৰাংগনত  ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান শিবিৰত বিধায়িকা আঙুৰলতা ডেকা, বিজেপি দলৰ বটদ্ৰৱা সমষ্টিৰ প্ৰভাৰী মনোজ বৰুৱা আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থকা এই যোগদান কাৰ্যসূচীতে নয়ন নিৰ্বান বৰুৱাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠা অভিনেত্ৰী ভাৰতী কলিতা, অভিনেতা বিপুল বৰা, অবিনাশ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী শিল্পী, কলা-কুশলীৰ লগতে কংগ্ৰেছ আৰু অগপ দলৰ কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা