বিটিআৰৰ ব‍াহিৰতো প্ৰচাৰ অভিযানত নামিছে ইউ পি পি এল

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া সকলো ৰাজনৈতিক দলেই ব্যস্ত সভা-সমিতিৰ জৰিয়তে ৰাইজৰ কাষ চপাত। এইক্ষেত্ৰত পিচ পৰি থকা নাই ইউ পি পি এল দলেও। বিজেপিৰ মিত্ৰজোঁটত বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পাছতেই ইউ পি পি এল  দলে এতিয়া  Non BTR এলেকাত দলটোৰ প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে।
#যোৱা ১০ বছৰে AIUDF ৰ দখলত
থকা ভৱানীপুৰ বিধানসভা সমষ্টিতো উদ্ধাৰ কৰাৰ বাবে উঠি পৰি লাগিছে ইউ পি পি এলে।
ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে প্ৰচাৰত ব্যস্ত ইউ পি পি এল দল।

# আজি ইউ পি পি এল দলে ভৱানীপুৰ সমষ্টিৰ সৰুপেটা মিলন মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত দলটোৰ সৰুপেটা প্ৰাথমিক সমিতি আৰু মহিলা প্ৰাথমিক সমিতি, দুখন কমিটি গঠন কৰে। 
সহস্ৰাধিক মহিলাৰ উপস্থিতিত আজি দলটোৰ সাংগঠনিক সম্পাদক ধীৰাজ ডেকা, সুৰেশ সৰকাৰ,  CWC  Member কনক চন্দ্ৰ বড়ো, মানিক বৰ্মণ, শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মছাহাৰীয়ে অতিথি হিচাপে উপস্থিত থাকি ভৱানীপুৰত নিৰ্বাচনী ৰণডংকা বজায়। 

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা