বৰক’লাত মৃত্যু তিথিত শ্বহীদ চন্দন সিঙৰ স্মৃতি স্তম্ভ উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক’লাত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ চন্দন সিঙৰ ৩৮ সংখ্যক শ্বহীদ দিৱস উপলক্ষে দেওঁবাৰে শ্বহীদ গৰাকীক গভীৰভাবে স্মৰণ কৰাৰ লগতে এটি স্মৃতি স্তম্ভ উন্মোচন কৰা হয় ৷ দক্ষিণপাট-কামপুৰ সংযোগী গড়কাপ্তানি পথৰ দাঁতিতে বৰক’লাৰ শ্বহীদ গৰাকীৰ বাসগৃহৰ সন্মুখতে আটকধুনীয়াকৈ নিৰ্মাণ কৰি তোলা এই শ্বহীদ স্তম্ভটি শিখসকলৰ কীৰ্তন আৰু গায়ন-বায়নৰ মাংগলিক ধ্বনিৰ মাজত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাবে শুভ উন্মোচন কৰে অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙে ৷ লগতে শ্বহীদ স্তম্ভৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক’লাৰে শ্বহীদ বলিন্দ্ৰ মজুমদাৰৰ পত্নী তৰুলতা মজুমদাৰ আৰু শ্বহীদ কৰম সিঙৰ ভাতৃ জিৎ সিঙে ৷ ইয়াৰ পিছতে শ্বহীদ চন্দন সিঙৰ পৰিয়ালবৰ্গৰ ব্যৱস্থাপনাত এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়। বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভদ্ৰ কান্ত ডেকাই আঁত ধৰা সভাখনিত অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিং, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যাদৱ বৰা, সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা, বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সাংবাদিক দেৱজিৎ হাজৰিকা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজ বৰা, সাংগঠনিক সম্পাদক মনোজ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি বনিয়া, দক্ষিণপাট আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিৰিঞ্চি বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰ মোহন ডেকা, জীতেন্দ্ৰ নাথ ডেকা, গুৰমুখ সিং, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণ কুমাৰ ডেকা, সমাজকৰ্মী মোহিনী মোহন লস্কৰ, চত্তৰ সিং, দক্ষিণপাট গাঁও পঞ্চায়ত সভাপতি যোগ প্ৰসাদ বৰদলৈ, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল সিং আদিকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে শ্বহীদ চন্দন সিঙৰ কৰ্মৰাজি আৰু জীৱনাদৰ্শৰ বিষয়ে গভীৰভাবে আলোকপাত কৰি শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা