গুজৰাটৰ দ্বাৰকাৰ পৰা অৰুনাচললৈ চাইকেল চলাই ৰাইজৰ মাজত মহৎবাণী প্ৰচাৰ

ৰঙিয়াত ছয় চাইকেল চালকক উষ্ম আদৰণি  

প্ৰতিবেদক, ৰঙিয়া ১১ ফেব্ৰুৱাৰীঃ পৰিৱেশ সংৰক্ষণ,প্ৰদূষণ নিয়ন্ত্ৰণ, সুস্থতাৰ বাবে চাইকেল চালন,ফিট ইণ্ডিয়া আৰু বৃক্ষৰোপণ কৰক দেশ বচাওক আদি  মহৎবাণী ৰাইজৰ মাজত প্ৰচাৰ কৰি সজাগতা সৃষ্টিৰ  উদ্দেশ্য আগত লৈ দ্বাৰকাৰ পৰা যাত্ৰা আৰম্ভ কৰা ছয় গৰাকী চাইকেল চালকৰ দল এটাই  আজি ৰঙিয়াত আহি উপস্থিত হয়। নাগপুৰৰ ক্ৰীড়া ভাৰতী আৰু টাইগাৰ গ্ৰুপ অফ এডভানচাৰ গ্ৰুপৰ সদস্য এই ছয় জনীয়া চাইকেল চালকৰ দল ৰঙিয়াত আহি উপস্থিত হোৱাৰ লগে লগে ক্ৰীড়া ভাৰতী কামৰূপ জিলা সমিতিৰ সদস্য বীৰেন কলিতাই তেওঁ লোকক আদৰণি জনায়। ইয়াৰ পাছত দলটোক ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দ্ৰোণ গগৈৰ নেতৃত্বত শিক্ষক-কৰ্মচাৰীৰ আৰু ছাত্ৰী সকলে আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। দলটোৰ দলপতি শ্ৰীকান্ত উকে ছাত্ৰী সকলৰ আগত তেওঁ লোকৰ দীঘলীয়া চাইকেল যাত্ৰাৰ সবিশেষ বৰ্ণনা কৰাৰ উপৰিও  যাত্ৰা পথৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰে। দলটোৱে অসমৰ ৰাইজৰ ভূয়সী প্ৰশংসা কৰি কয় যে অসমৰ জনগন, জলবায়ু, খাদ্য, বেশভূষা সচাকৈয়ে অতুলনীয়। তেওঁ ছাত্ৰী সকলক সুস্থ জীৱনৰ বাবে চাইকেল চলোৱাৰ উপদেশ দিয়ে। তাৰ উপৰিও বৃক্ষৰোপন কৰি দেশ বচাবলৈও আহ্বান জনায়। আৰু এই বাণী বিলাবলৈ তেওঁলোকে প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ চাইকেল যাত্ৰা কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য  চাইকেল আৰোহীৰ দলটোৱে গুজৰাটৰ (দ্বাৰকা)ৰ পৰা ১৯ জানুৱাৰীত
চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে। তেওঁলোকে  চাইকেলেৰে সাতখন ৰাজ্য অতিক্ৰম কৰি আজি অসমত প্ৰৱেশ কৰে।  ইতিমধ্যে তেওঁলোকে বিগত ২৪ দিনত তিনি হেজাৰ সাতশ কিলোমিটাৰ পথ চাইকেলৰে অতিক্ৰম কৰে বুলি জানিবলৈ দিয়ে। "চাইকেল হাম চলায়েঙ্গে পৰ্যাবৰণ হাম বচায়েঙ্গে"" শ্লোগানেৰে চাইকেল আৰোহীৰ দলটোৱে গুজৰাটৰ পৰা আৰম্ভ কৰা এই যাত্ৰা অৰুণাচলৰ ইটানগৰত অহা ১৩ ফেব্ৰুৱাৰীত সমাপ্ত কৰিব। এক সাক্ষাৎকাৰত দলটোৱে অসমৰ ৰাইজ, ছাত্ৰ ছাত্ৰী, অসমৰ খাদ্য আদিৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লোকৰ মতে চাইকেল চলালে অকল যে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰিব পাৰি সেয়া নহয় পৰিৱেশ প্ৰদূষন পৰাও দেশক বহুলাংশে ৰক্ষা কৰিব পৰা যায়। দলটোৰ অন্যান্য সদস্য সকল হল ৰবীন্দ্ৰ তাৰাৰে, সন্দীপ বৈদ্য, প্ৰসাদ দেশপাাণ্ডে, বিজয় ভাস্কৰ আৰু নন্দে ৰাউত।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা