ধিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত লহকৰঘাট ৰাস মন্দিৰ খেলপথাৰত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ আয়োজন।

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ধিং সমষ্টিৰ মৈৰাবাৰী আৰু জুৰিয়া ব্লক কংগ্ৰেছৰ উদ্দোগত এক বুথ সংকল্প শিবিৰৰ আয়োজন কৰে।
যত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাজনো বিষয়ববীয়া লগতে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা উপস্হিত থাকে। 
শিবিৰত মুখ্য অতিথি তথা মাষ্টাৰ ট্ৰেইনাৰ  হিচাপে উপস্থিত থাকে চতিচগড়ৰ কংগ্ৰেছ নেতা সুশিল শৰ্মা। 
প্ৰাক্তন মন্ত্ৰী গৌতম বৰা দেৱে বুথ কমিটিৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়,সুশীল শৰ্মাই বুথ কমিটিৰ সদস্যসকলৰ লগত মতবিনিময় কৰে আৰু অসম পৰিস্থিতিৰ ওপৰত ভাষণ প্ৰদান কৰে।
আজিৰ এই সংকল্প শিবিৰত মৈৰাবাৰী আৰু জুৰিয়া ব্লক কংগ্ৰেছৰ পৰা শতাধিক বুথ কমিটিয়ে অংশগ্ৰহণ কৰে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা