মহকুমা প্ৰশাসনৰ ৰঙিয়া মহাবিদ্যালয়ত "নিচামুক্ত ৰঙিয়া" সজাগতা সভা
ৰোগীক মানসিক ভাৱে সমৃদ্ধ আৰু শাৰীৰিক ভাৱে সুস্থ সৱল কৰিবলৈ যোগাভ্যাসৰ প্ৰয়োজন —যোগাচাৰ্য জ্যোতিষ কলিতা
প্ৰতিবেদক, ৰঙিয়া, ১২ ফেব্ৰুৱাৰীঃ
ৰঙিয়া মহকুমা প্ৰশাসনৰ সৌজন্যত স্বেচ্ছাসেৱী সংস্থা "সাধনা" আৰু স্বস্তি হস্পিতাল, ৰঙিয়াৰ উদ্যোগত আজি ৰঙিয়া মহাবিদ্যালয়ত "নিচামুক্ত ৰঙিয়া"ৰ অংশ হিচাপে এখনি সজাগতা সভা অনুস্থিত হয়। সভাত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ব্ৰজেন্দ্ৰ শইকীয়াই আদৰণী ভাষণত এই মাৰাত্মক ড্ৰাগছ সেৱনৰ মুক্তিৰ বাবে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। ৰঙিয়া মহকুমাৰ নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাসে উদ্বোধন কৰা কাৰ্যক্ৰমটিত বিশিষ্ট অতিথি হিচাপে স্বস্তি হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই ডাগচ্ সেৱনৰ ফলত হোৱা ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰে লগতে তাৰ প্ৰতিকাৰৰ বিষয়তো বক্তৃতা প্ৰদান কৰে।অনুষ্ঠানত স্নায়ু আৰু মানসিক ৰোগ বিশেষজ্ঞ ডাঃ ইফটিকাৰ হুছেইনে (power point ৰ সহায়ত) ড্ৰাগছ সেৱনকাৰীক মগজুত কেনেকৈ ক্ৰিয়া কৰে মৃত্যুৰ মুখলৈ ঠেলি নিয়ে তাৰ বিষদভাৱে বুজাই দিয়াৰ উপৰিও নিজকে কেনেকৈ মূলসূঁতিলৈ উভতাই আনি নতুন জীৱন লাভ কৰিব পাৰি তাৰ উপায় আগবঢ়ায়। আনহাতে যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ যোগাচাৰ্য জ্যোতিষ কলিতাই ৰোগীক মানসিক ভাৱে সমৃদ্ধ আৰু শাৰীৰিক ভাৱে সুস্থ সৱল কৰিবলৈ যোগাভ্যাসৰ প্ৰয়োজনীতাৰ ওপৰত বক্তব্য দাঙি ধৰে। এই ক্ষেত্ৰত ৰঙিয়াস্থিত স্বস্তি হস্পিতালৰ De-addiction centre ৰ জৰিয়তে আসক্ত লোকক পূনৰ্বাসনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। অধ্যাপিকা ৰাণু চৌধুৰীয়ে আঁতধৰা কাৰ্যক্ৰমটোত ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকাই ছাত্ৰ- ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে খেল ধেমালি,ছবি অঁকা আদি বেলেগ বেলেগ কৰ্মজগতৰ সৈতে জড়িত হৈ থকাৰ আহ্বান জনায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment