সাহিত্যিক - সাংবাদিক পৃথ্বীশ নাৰায়ণ গোস্বামীৰ পৰলোক

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ শোক প্ৰকাশ 

বঙাইগাঁওঃ ১০ ফেব্ৰুৱাৰীঃ বিশিষ্ট সাহিত্যিক - সাংবাদিক তথা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন উপ সভাপতি পৃথ্বীশ নাৰায়ণ গোস্বামী ( ৮২) ৰ কালি দিনৰ ভাগত পৰলোকপ্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা গোস্বামীয়ে দিনৰ ১২ঃ ৩৫ বজাত বঙাইগাঁও চহৰৰ ২ নং বাখাৰাপাৰাস্থিত নিজ জোৱায়েকৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত বঙাইগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে ১৯৩৯ চনৰ ১১ ছেপ্টেম্বৰত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত শালকোচাত জন্মগ্ৰহণ কৰা গোস্বামীয়ে ১৯৭১ চনৰ পৰা অসমৰ সংবাদ জগতৰ লগত জড়িত হৈ পৰে ৷ প্ৰায় পাঁচ দশকজুৰি তেওঁ সংবাদ জগতৰ লগত জড়িত থাকি সমাজৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই যায় ৷ তেওঁ পাঁচ দশকজোৰা এই সময় ছোৱাত দৈনিক অসম ,দ্যা চেন্টিনেল , দৈনিক অগ্ৰদূত , নৰ্থ ইষ্ট ইকো আদি বাতৰি কাকত সমূহত সাংবাদিক হিচাপে সেৱা আগবঢ়ায় ৷ তদুপৰি তেওঁ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰৱন্ধ পাতি  লিখাৰ লগতে 'ঐতিহ্য মণ্ডিত গোৱালপাৰা' , 'গোৱালপৰীয়া সংস্কৃতিৰ ইতিহাসত এভূমুকি' , 'সাংবাদিকতা আৰু ৰাজহুৱা কামৰ অভিজ্ঞতা' আদি মূল্যবান গ্ৰন্থও প্ৰকাশ কৰিছে ৷ সেইদৰে 'নতুন মৌখিক গণনা' নামেৰে স্কুলীয়া পাঠ্যপুথি এখনো তেওঁ প্ৰকাশ কৰিছে ৷ তেওঁৰ কেইবাখনো পুথি অপ্ৰকাশিত অৱস্থাত আছে ৷ পষেকীয়া বাতৰি কাকত 'নৱবাণী' ৰ লগতে 'সাহিত্য সমন্বয়', 'ৰত্নপীঠ', 'গগনা' আদি সাহিত্য - সংস্কৃতিমূলক আলোচনীৰ  সম্পাদক পদ অলংকৃত কৰা অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰবীণ সাংবাদিক গোস্বামীলৈ অসমৰ বাতৰি কাকতৰ দেৰশ বছৰীয়া জয়ন্তী উৎসৱ সমিতিয়ে ১৯৯৬ চনত সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিভিন্ন সভা -সমিতিত তেওঁ সম্বৰ্ধিত হৈছিল ৷ বিগত ২০১৯ চনত ৰহাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশনত অসমৰ সংবাদ জগতলৈ বিশেষভাবে অৰিহণা যোগোৱাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয় ৷ সাংবাদিকতা আৰু সাহিত্যৰ বাহিৰেও তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল  ৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উপসভাপতি পদতো তেওঁ দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ বঙাইগাঁও জিলা জাৰ্নেলিষ্ট এছোচিয়েনৰ উপদেষ্টা , বঙাইগাঁও উন্নয়ন সমিতিৰ কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে  বঙাইগাঁও সাহিত্য সভা আদিৰ সৈতেও জড়িত আছিল ৷ তেওঁ সাংবাদিকতা জীৱনত তেওঁ কেবাবাৰো গ্ৰেপ্তাৰো হ'ব লগীয়া হৈছিল ৷ উল্লেখ্য যে  চাকৰি সূত্ৰে তেওঁ জীৱনৰ ৩৩ টা বছৰ কোকৰাঝাৰতে কটাবলগীয়া হৈছিল ৷ কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পদত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰাৰ পাছত ১৯৯৯ চনৰ পৰা তেওঁ বঙাইগাঁৱত স্থায়ীভাবে বসবাস কৰিবলৈ লয়৷ মৃত্যুৰ সময় তেওঁ দুই বিবাহিতা জীয়ৰী ক্ৰমে মালোবিকা আৰু মণিমালাৰ উপৰিও নাতি- নাতিনী আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায় ৷ ইপিনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে ৷ প্ৰবীণ সাংবাদিক তথা সাহিত্যিকগৰাকীৰ মৃত্যু সংবাদ আৰু সাহিত্য জগতৰ বাবে অপূৰনীয় ক্ষতি বুলি প্ৰেছ ক্লাবে এক বিবৃতিত উল্লেখ কৰিছে ৷ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা