চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত ৭ টা কৈ পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ

চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি ৭ টা কৈ পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই৷বুধবাৰে সমষ্টিটোৰ পূৱ নাগশংকৰ গাঁওপঞ্চায়তৰ অধিনৰ চেঙামাৰীত ডিপলোঙা চাৰিআলিৰ পৰা ভেলেউগুৰি মাহিবাহা সংযোগী প্ৰায় পাঁচ কি:মি:দৈঘ্যৰ পথটিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে এই অঞ্চলৰ ৰাইজ আজি শান্তিত বাস কৰিছে৷এটা সময়ত এই অঞ্চলত উগ্ৰপন্থী সংগঠনে দপ দপাই আছিল৷এই অঞ্চলত ঠিকাদাৰে কাম কৰিবলৈ আহিলে উগ্ৰপন্থী সংগঠনে টেষ্ক বিছাৰিছিল ৷ যাৰ ফলত উন্নয়ন স্হবিৰ হৈ পৰিছিল৷কিন্তু আজি শান্তিৰ পৰিবেশ ঘুৰি অহাৰ পিছত ৰাস্তা ঘাটকে ধৰি সকলো উন্নয়ন সম্ভৱ হৈছে৷উক্ত পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভ উদ্বোধনী অনুষ্ঠানতে পঞ্চয়তটোৰ কেইবাটাও ধৰ্মীয়,সামাজিক অনুষ্ঠানক উন্নয়নমূলক আচনিৰ বাবে বিধায়ক পূঁজিৰ কেইবালাখ টকাৰ নগদ ধন বিতৰন কৰে বিধায়ক পদ্ম হাজৰিকাই৷ইয়াৰ পিচতে বিধায়ক গৰাকীয়ে উত্তৰ বৰভগীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত বাঁহদোঙা গাঁও তিনিআলিৰ পৰা নৰোৱা থান সংযোগী,১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা উপৰকুৰী হৈ বাহদোঙা বৰাচুক সংযোগী আৰু বামুনবাৰীৰ পৰা বাহদোঙা বৰাচুক সংযোগী তিনিটা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ইয়াৰ পিছতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বাহবৰীয়া গাঁৱৰ পৰা দৌকা চাপৰি হৈ বৰপুখুৰী পাৰ সংযোগী পথ চোৱা৷হাটিঙা লোহাৰ গেটৰ পৰা অমৰাকঁচা হৈ খেৰবাৰী সংযোগী পথটিৰ লগতে টৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জীয়াভৰলী নদীৰ বনভোজ স্হলী লৈ যোৱা পথ চোৱাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে৷বিধায়ক গৰাকীয়ে পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে বাহদোঙা বৰাচুক ,বাহবৰীয়া চুক আৰু টৌভঙাত তিনিখনকৈ জন সভাটো  অংশ গ্ৰহন কৰে৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা