বেবেজীয়াত শংকৰী কলা-কৃষ্টিৰ সাধক বীৰসিং হাজৰিকাৰ স্মৃতিত অংকীয়া ভাওনা প্ৰদৰ্শন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ ফেব্ৰুৱাৰীঃ "ভক্তি আন্দোলনে মধ্য যুগৰ ভাৰতবৰ্ষত সামাজিক-সাংস্কৃতিক পৰিবৰ্তন সাধন কৰাত বিশেষ ভূমিকা পালন কৰিছিল ৷ মহাপুৰুষ গুৰুজনাই যি নাট্য শিল্পৰ প্ৰবৰ্তন কৰিলে সেই নাট্য শিল্প অংকীয়া নাট বা ভাওনাৰ দৰে উচ্চ স্তৰীয় নাট শিল্প সমগ্ৰ বিশ্বতে বিৰল ৷" এই মন্তব্য মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাৰ ৷ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ শংকৰী কলা-কৃষ্টিৰ সাধক, বৰবায়ন, নামাচাৰ্য, স্বাধীনতা সংগ্ৰামী বীৰসিং হাজৰিকাৰ মাহেকীয়া তিথি উপলক্ষে দেওঁবাৰে নিশা বেবেজীয়া ১ নং বুঢ়া নামঘৰত পৰিবেশিত "শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান" শীৰ্ষক অংকীয়া ভাওনাখনি উদ্বোধন কৰি অতিৰিক্ত উপায়ুক্ত শৰ্মাই লগতে কয় যে--কৃষ্ণ নামেই সাৰ ৷ কৃষ্ণৰ নামটোয়ে আমাৰ শৰীৰৰ তেজক প্ৰবাহিত কৰে ৷ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰঞ্জন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত গায়ন-বায়নৰ জোৰা পৰিবেশনৰ পিছতে বীৰসিং হাজৰিকাৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনি উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই ৷ উক্ত অনুষ্ঠানত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বাণীকান্ত শৰ্মা আৰু অনাতাঁৰ শিল্পী গম্ভীৰ নাথে বীৰসিং হাজৰিকাৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰি বক্তব্য ৰাখে ৷ অনুষ্ঠানত সাংবাদিক দেৱজিৎ হাজৰিকা, শিল্পী নাৰায়ণ হাজৰিকা, সমাজকৰ্মী অনন্ত হাজৰিকা, গাঁওবুঢ়া বিতুল কাকতি, শিক্ষক জিতু বৰা প্ৰমুখ্যে বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷ ইফালে, আজি পুৱতি নিশালৈকে প্ৰদৰ্শিত হোৱা অংকীয়া ভাওনাখনিত শিল্পী জ্যোতি শংকৰ বৰা, প্ৰাঞ্জল শইকীয়া, জীতেন ভট্টাচাৰ্য, সৌৰভ বৰা, পূৰ্ণ বৰা, প্ৰমোদ শইকীয়া, দ্বীপজ্যোতি বৰা, নৰেন বৰা, ভূপেন বৰা, দাদু বৰা, সীমান্ত বৰা, ধ্ৰুৱজ্যোতি বৰা, চালী শইকীয়া, দ্বীপশিখা বৰা, গায়ত্ৰী বৰাৰ মনপৰশা অভিনয়ে দৰ্শক ৰাইজক মোহিত কৰিবলৈ সক্ষম হয় ৷
Comments
Post a Comment