নগাঁও সদৰ সমষ্টিৰত পৃষ্ঠা প্ৰমুখ সন্মিলন সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি "মিছন ১০০+" সফল কৰা লক্ষ্যৰে সোমবাৰে নগাঁও সদৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা হয় পৃষ্ঠা প্ৰমুখ সন্মিলন। নগাঁও চহৰৰ দাঁতি কাষৰীয়া খুটিকটীয়া ৰাস পথাৰত অনুষ্ঠিত হোৱা পৃষ্ঠা প্ৰমুখ সন্মিলন খনত পৃষ্ঠা প্ৰমুখ সন্মিলনৰ নগাঁও সদৰ সমষ্টিৰ তত্বাৱধায়ক তথা গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথকে প্ৰমুখ্য কৰি সমষ্টি সংযোজক, সমষ্টি প্ৰভাৰী, সমষ্টি বিস্তাৰক পৃষ্ঠা প্ৰমুখ, শক্তি কেন্দ্ৰ প্ৰমুখ, বুথ সভাপতি, মণ্ডল সভাপতিৰ লগতে বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিবৰ্গ আৰু কেইবাসহস্ৰাধিক দলীয় বিষয় ববীয়া উপস্থিত থাকে ৷ সন্মিলনখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে পৃষ্ঠা প্ৰমুখ সকলে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ল’ববলগীয়া বিভিন্ন ভূমিকা সম্পৰ্কে বিস্তৃত ৰূপত মত-বিনিময় কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা