অসম প্ৰিমিয়াৰ আন্তঃক্লাৱ ক্ৰিকেট≈≈সৌৰভ সাহাৰ শতকৰে ৰেডিয়েল পুনৰ চেম্পিয়ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ ফেব্ৰুৱাৰীঃ অসম প্ৰিমিয়াৰ আন্তঃক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাৰ অধীনত নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত আজি সামৰণি পৰা নগাঁও আন্তঃক্লাৱ ক্ৰিকেট (ক্লাষ্টাৰ-১)ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ৰেডিয়েল ক্লাৱে সৌৰভ সাহাৰ শতৰাণৰ সহায়ত ষ্টাৰ স্প'ৰ্টিং ক্লাৱক ২১২ ৰাণত হৰুৱাই পুনৰ খিতাপ অক্ষুন্ন ৰাখিছে। খেলখনত ৰেডিয়েল ক্লাৱে পোনতে বেট ধৰি সৌৰভ সাহাৰ ১০০, অমিত সিনহাৰ ৬৭, দেৱজিত বৰুৱাৰ ৬৪, ৰাজ আগৰৱালাৰ ২৭, ধীৰাজ গোস্বামীৰ অপৰাজিত ২২ আৰু মৃন্ময় দত্তৰ ২১ৰাণৰ উল্লেখনীয় অৱদানৰে ৪০ অভাৰত সাতটা উইকেটৰ বিনিময়ত ৩২৪ ৰাণ সংগ্ৰহ কৰে। বলিঙত ষ্টাৰ স্প'ৰ্টিঙৰহৈ বিজয় শৰ্মাই তিনিটা, গোপাল কৃষ্ণ ঘোষে দুটা, আখটাৰ আলি আৰু ভাস্কৰজ্যোতি কোঁৱৰে এটাকৈ উইকেট পায়। প্ৰত্যুত্তৰত ষ্টাৰ স্প'ৰ্টিং ক্লাৱে বেট ধৰি কাৰ্তিক ডেকাৰ ৪০, আখটাৰ আলিৰ ১৮ আৰু ইয়াচিনুল হকৰ ১৬ ৰাণৰ উল্লেখনীয় বৰঙণি স্বতেও ৩১.৪ অভাৰত ১১২ ৰাণ সংগ্ৰহ কৰোতেই সকলোকেইটা উইকেট হেৰুৱাবলগীয়াত পৰে। বলিঙত ৰেডিয়েল ক্লাৱৰহৈ শেখৰজ্যোতি বৰ্মন, ৰাজ আগৰৱালা আৰু অমিত সিনহাই তিনিটাকৈ তথা ধীৰাজ গোস্বামীয়ে এটা উইকেট দখল কৰে। খেলৰ সামৰণিত বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰশান্ত কুমাৰ বৰা, প্লাৱন বৰুৱা, অসীম ভাৱাল, প্ৰমোদ কোঠাৰী, মৃনাল কুমাৰ হাজৰিকা, দেৱজ্যোতি গোস্বামী, প্ৰিতম কোঁৱৰ, দেৱজিত দাস, শোণিত বৰুৱা আৰু ৰুণুমী বৰকটকী আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। প্ৰতিযোগিতাত ষ্টাৰ স্প'ৰ্টিঙৰ অৰ্জুন কুমাৰে শ্ৰেষ্ঠ বেটছমেন, নগাঁও টাউন ক্লাৱৰ অক্ষয় কুমাৰ ডেকাই শ্ৰেষ্ঠ বলাৰ তথা ৰেডিয়েলৰ অমিত সিনহাই ফাইনেলৰ মেন অব দ্যা মেচৰ লগতে মেন অব দ্যা চিৰিজৰ বঁটা পায়। উল্লেখ্য যে, আজিৰ খেলখনত আম্পায়াৰৰূপে শান্তনু বৰা আৰু নৱীন কালৱাৰ আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা