আমছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক মিন্নাতুল ইছলামক জন্মভূমিত উষ্ম আদৰণি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ফেব্ৰুৱাৰীঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ  নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম সোমবাৰে নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় নগাঁও জিলাৰ বৃহত্তৰ জাজৰি অঞ্চলত। গাঁওবাসী আৰু  আমছু কৰ্মীসকলে জাজৰি বাছ আস্থানৰ পৰা এক বৃহৎ সমদলৰে উষ্ম আদৰণি জনাই কেন্দ্ৰীয় নেতা গৰাকীক বাসগৃহলৈ আগুৱাই আনে । সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে--আমছুৱে সদায়েই জাতিৰ উন্নয়নৰ হকে কাম কৰি আহিছে আৰু জাতিৰ বাবেই সদায় কাম কৰি যাব

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা