নগাঁৱত শুকুৰবাৰৰ পৰা আন্তঃজিলা জিমনাষ্টিকছ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ ফেব্ৰুৱাৰীঃ অসম জিমনাষ্টিকছ সন্থাই নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত কাইলৈৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মুখলেছ আহমেদ সোঁৱৰণী ৩০ সংখ্যক সদৌ অসম আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নগাঁও ক্ৰীড়া সংস্থাৰ ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এই প্ৰতিযোগিতাত মিনি, ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল'ৰা-ছোৱালী উভয় শাখাৰে বিভিন্ন বিভাগৰ খেলসমূহ হ'ব। এই প্ৰতিযোগিতাখনি সফলতাৰে অনুষ্ঠিত কৰিবৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁইক মুখ্য পৃষ্ঠপোষক, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, প্লাৱন বৰুৱাক সাংগঠনিক সম্পাদক, প্ৰভাত চন্দ্ৰ বৰা আৰু মৌচম দাসক যুটীয়া সম্পাদকৰূপেলৈ গঠিত আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।এন আই এছ প্ৰশিক্ষক হোচনে কামাল মেহমেদুৰ ৰহমান(ৰোমান) কাৰিকৰী সঞ্চালকৰূপে থাকিবলগীয়া প্ৰতিযোগিতাখনৰ সৈতে ৰজিতা খুৱাই এখনি ম্মৰণিকাও প্ৰকাশ কৰা হ'ব। তদুপৰি প্ৰতিযোগিতাৰ উৎকৰ্ষতাৰ বাবে অলিম্পিয়াড দীপা কৰ্মকাৰ আৰু দ্ৰোণাচাৰ্য বঁটা লাভ কৰা প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীকো আমন্ত্ৰণ কৰা হৈছে বুলি অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্বল বৰুৱাই জানিবলৈ দিছে ৷
Comments
Post a Comment