নগাঁৱত উত্তৰ-পূৱ ভাৰত বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও বাস্কেটবল ক্লাৱৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহযোগত নুৰুল আমিন ষ্টেডিয়ামৰ বাস্কেটবল গ্ৰাউণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ পঞ্চম উত্তৰ-পূৱ ভাৰত আমন্ত্ৰণমূলক প্ৰাইজমানি (পুৰুষ) বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । শ্বিলঙৰ দুটা দলৰ উপৰি মালিগাঁও বাস্কেটবল দল, হেঙাৰবাৰী বাস্কেটবল দল, গুৱাহাটী বাস্কেটবলৰ লগতে ঘৰুৱা দল নগাঁও আৰু ডিফু, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদিৰ বিছটাকৈ আগশাৰীৰ দলে যোগদান কৰা দিবা-নৈশ এই প্ৰতিযোগিতাখনি আনুুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়ে ৷ বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ বিছ হেজাৰ টকা আৰু ৰাৰ্ণাছআপ দলক নগদ দহ হেজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ স্ক'ৰাৰৰ বাবে বিশেষ বঁটা প্ৰদানৰ ব্যৱস্থা ৰখা এই প্ৰতিযোগিতাৰ বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ চলি আছে বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা