সদৌ অসম সৰ্বশিক্ষা ৩য়-৪ৰ্থ বৰ্গ কৰ্মচাৰী ঐক্যমঞ্চৰ "সৰ্বশিক্ষা" ঘেৰাও কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন

প্ৰতিবেদক, ৰঙিয়া, ২০ ফেব্ৰুৱাৰীঃ
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে হাতত লোৱা "সৰ্বশিক্ষা" ঘেৰাও কাৰ্যসূচীলৈ সদৌ অসম ৩য়-৪ৰ্থ বৰ্গ কৰ্মচাৰী ঐক্যমঞ্চই পূৰ্ণ সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে যোৱা ৩ফেব্ৰুৱাৰী ২০২১ তাৰিখত ঐক্যমঞ্চৰ নেতৃত্বত সৰ্বশিক্ষা মিছন তথা চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে মুখ্য কাৰ্যালয়ৰ সন্মুখত "বিক্ষোভ প্ৰদৰ্শণ" কৰা হৈছিল। সেইদিনাই মিছন সঞ্চালকে কৰ্মচাৰী খিনিৰ সমস্যা সমূহ চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে সমাধানৰ ব্যৱস্থা হাতত লোৱাৰ আশ্বাস দিছিল। কিন্তু নিৰ্বাচনী আচৰণ বিধি প্ৰৱৰ্তনৰ প্ৰাকমুহূৰ্তত অসম সৰ্বশিক্ষা মিছনত খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত কৰ্মৰত কৰ্মচাৰী সকলৰ সুদীৰ্ঘ বিশ মাহ ধৰি অনাদায় হৈ থকা পাচ শতাংশ মৰগীয়া বানচ আৰু চাকৰি কালৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পুনৰ অনিশ্চয়তাই দেখা দিছে। মৰগীয়া বানচ সম্পৰ্কত শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ে লোৱা ভূমিকাও কৰ্মীসকলক বিপাঙত পেলাইছে। ঐক্যমঞ্চই এইক্ষেত্ৰত শিক্ষা মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী কামনা কৰাৰ লগতে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাবে বাধ্য নকৰিবলৈ মিছন কৰ্তৃপক্ষক আহ্বান জনায়। অন্যথা ঐক্যমঞ্চই অহা তেইশ ফেব্ৰুৱাৰী ২০২১ তাৰিখ মঙলবাৰৰ পৰা কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মিছন কৰ্তৃপক্ষক সদৌ অসম সৰ্বশিক্ষা ৩য়-৪ৰ্থ বৰ্গ কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি ভৱানন্দ সোনোৱাল আৰু সম্পাদক উত্তম দত্তই এক প্ৰেছ বিজ্ঞপ্তি যোগে সকিয়াই দিয়ে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা