ভিক্ষাবৃত্তি কিয় অপৰাধ হ'ব?ভিক্ষাৰীক অপৰাধী বুলি ধৰা দেশৰ ৰাজ্যসমূহ...

দীপজ্যোতি ডেকা : দেশৰ ৫ খন ৰাজ্য গুজৰাট, পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু মহাৰাষ্ট্ৰত ভিক্ষাবৃত্তিক অপৰাধ বুলি গণ্য কৰা হৈ আছে। এই ৰাজ্যসমূহত ‘প্ৰিভেনচন অৱ বেগিং এক্ট’ অনুসৰি ভিক্ষাবৃত্তি চলোৱা লোকসকল অপৰাধী। অৱশ্যে শেহতীয়াকৈ এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ভিক্ষাবৃত্তিৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যত বাহাল থকা নিষেধাজ্ঞাসমূহ পুনর্বিবেচনাৰ বাবে মান্তি হয়। জাষ্টিছ অশোক ভুষণ আৰু জাষ্টিছ আৰ. সুভাষ ৰেড্ডিয়ে সংশ্লিষ্টৰাজ্যসমূহলৈ জাননী জাৰি কৰিছে। এই সংক্ৰান্তত প্ৰতিবেদন দাখিল কৰিবলৈ ছয় সপ্তাহৰ সময় বান্ধি দিছে।

উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল যে ভিক্ষাবৃত্তিক অপৰাধ হিচাপে গণ্য কৰা নহ’ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা