টাটা মটৰছ এ দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি ক'ভিড-১৯ ভেকচিন সম্পূৰ্ণ সৰৱৰাহৰ বাবে আগবঢ়াইছে বিশেষ শাখাৰ শীতল ট্ৰাক



 ষ্টাফ ৰিপ'ৰ্টাৰ,,১০ ফেব্ৰুৱাৰী।
ভাৰতবৰ্ষৰ বৃহত্তম ব্যৱসায়িক বাহন নিৰ্মাতা টাটা মটৰছে  আগবঢ়াইছে শীতল ট্ৰাক সমগ্র দেশজুৰি হোৱা ক'ভিড-১৯ ভেকচিন মসৃণ সৰবৰাহৰ বাবে। এই ভেকচিনৰ ট্ৰাক আৰু ভেনসমূহ চৰকাৰী ই-বজাৰৰ প'ৰ্টেলত  উপলব্ধ ক্ৰয়ৰ বাবে উপলব্ধ। ভেকচিনৰ নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু দ্ৰুত সৰৱৰাহৰ বাবে নতুন পৰিসৰৰ বাহন সমূহ ডিজাইন আৰু তৈয়াৰ কৰা হৈছে উষ্ণতা, আৰু ওজনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি। এই সন্দৰ্ভত টাটা মটৰছৰ ব্যৱসায়িক বাহন ব্যৱসায়ী ইউনিটৰ সচিব গিৰিশ ৱাঘ এ কয়'-বাহন উদ্যোগৰ অগ্ৰণী আৰু আগৰণুৱা টাটা মটৰছে সমসাময়িক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আহিছে, সৰ্বশ্ৰেষ্ঠ দক্ষ আৰু নিম্ন সঞ্চালন খৰচ জড়িত সামগ্রী আগবঢ়াই আৰু ইয়াৰ সমন্তৰালকৈ সামাজিক দায়িত্ববোধৰ প্ৰতিও সজাগ হৈ আহিছো। আমি দেশৰ প্ৰতি সহায় আগবঢ়াই অতি সুখী হৈছো"। উল্লেখযোগ্য যে,বিগত বর্ষ সমূহত টাটা মটৰছে যথেষ্ট সংখ্যক শীতলী কৃত বাহন বিভিন্ন শীতলী চেইন গ্ৰাহকক বিক্ৰী কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা