বঙাইগাঁৱতো জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী

বঙাইগাঁওঃ ১৯ ফেব্ৰুৱাৰীঃ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বঙাইগাঁও জিলা সমিতিয়েও আজিৰে পৰা দুদিনীয়াকৈ দহ দফীয়া দাবীৰ সমৰ্থনত সৰ্বাত্মক অহযোগ কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই মূলত নিযু্ক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰা , উপায়ুক্ত কাৰ্যালয়সমূহত অধীক্ষক, মুখ্য সহায়ক আৰু গাননিক পদৰ সৃষ্টি কৰা ,জাৰিকাৰক আৰু পিয়ন( চতুৰ্থ বৰ্গ) পদৰ শিক্ষাগত অৰ্হতা ক্ৰমে অষ্টম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়লৈ বৃদ্ধি কৰা ,নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তন কৰা , উপায়ুক্ত কাৰ্যালয়ৰ  কনিষ্ট সহায়ক আৰু জ্যেষ্ঠ সহায়ক পদৰ কনিষ্ঠ জিলা প্ৰশাসনিৰ সহায়ক আৰু জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক হিচাপে নামাকপণ কৰা , নকল নবিশ ( Copyist) সকলৰ চাকৰিৰ সেৱাবিধি প্ৰস্তুত কৰা , মুখ্য জাৰিকাৰক আৰু মুখ্য পিয়ন পদৰ পুনৰ প্ৰৱৰ্তন কৰা , পৰ্যবেশক সহায়কৰ দৰমহা গাঁঠনি নতুনকৈ সৃষ্টি কৰা, নতুনকৈ সৃষ্টি কৰা জিলা আৰু মহকুমা কাৰ্যালয়সমূহত নতুন পদৰ সৃষ্টি কৰা  আৰু চৰকাৰে বন্ধ কৰি ৰখা মৰগীয়া বানচ মুকলি কৰি দিয়াৰ দাবীত এই সৰ্বাত্মক অহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এই সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ৷ ইপিনে চৰকাৰে যদি সন্থাৰ এই দাবীসমূহ মানি নলয় তেতিয়াহলে আহি থকা সমাগত বিধান সভা নিৰ্বাচন বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈকো বাধ্য হ'ব পাৰে বুলি জিলা সমিতিয়ে উল্লেখ কৰে ৷ লগতে কয় যে ক'ভিডৰ সময়তো আমি জনসাধাৰণৰ কাৰণে কাম কৰি গৈছো ৷ যিটো সময়ত মানুহ ঘৰৰ পৰা ওলাব পৰা নাছিল ৷ আমি কিন্তু সেই সময়তো কাম কৰিছো ৷ সেইদৰে জিলা প্ৰশাসন কৰ্মচাৰীসকলে দিনে নিশাই চৰকাৰৰ অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিসমূহ সফল কৰাৰ বাবে কাম কৰি অহাৰ পিচতো কিন্তু চৰকাৰে আমাৰ দাবীমূহৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ সেয়ে এই অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা