শোলমাৰাত শ্ৰী শ্ৰী মনসা পূজা আৰু গোপীনাথ মহাপ্ৰভূৰ সভা মহোৎসৱত যথেষ্ট ভক্তৰ সমাগম

 পশ্চিম নলবাৰীৰ  শোলমাৰাত ১৩২ সংখ্যক  শ্ৰীশ্ৰী মনসা পূজা আৰু শ্ৰীশ্ৰী গোপীনাথ মহাপ্ৰভূৰ  সভা মহোৎসৱ ২০ ফেব্ৰুৱাৰী (শনিবাৰ)ৰ  পৰা পাচদিনীয়া বৰ্ণাঢ্য  কাৰ্য্যসূচীৰে শোলমাৰা  হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে ৷ মঙ্গলবাৰে (আজি) হোম-যজ্ঞ অনুষ্ঠানত যথেষ্ট ভক্তৰ সমাগম হয় । গাঁওৰ  ডেকা-বুঢ়া সকলোৱে অংশ লয় হোম-যজ্ঞ  অনুষ্ঠানত । উল্লেখ্য যে শনিবাৰে   পুৱা উদযাপন সমিতিৰ সভাপতিয়ে  পতাকা উত্তোলনৰে সভাৰ কাৰ্য্যসূচীৰ পাতনি মেলে ৷ তাৰ পাছতে শ্বহীদ তৰ্পন,স্মৃতি তৰ্পন,সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু ড: বি, আৰ, আম্বেডকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপ্ৰদান, 
অস্থায়ী  কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন,গছপুলি ৰোপন, মূখ্য তোৰন উদঘাটনৰ পিছতে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । ইয়াৰ পিছতে মহিলাৰ দিহা নাম প্ৰতিযোগিতা  অনুষ্ঠিত হয় ।  সন্ধিয়া টোপধ্বনী প্ৰজ্বলন, সভা মহোৎসৱৰ মূল দ্বাৰ উন্মোচন,  প্ৰতিমা স্থাপন, নিশা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । দেওবাৰে  সমূহীয়া চাফাই,পূজাৰ সমূহীয়া পানী তোলনৰ পিছতে ভক্তই  আগবঢ়োৱা শ শ পঠাছাগলী, পাৰ, হাঁহ,  কোমোৰা আদি বলি-উচৰ্গা কৰা হয় । নিশা  পূজা মহোৎসৱত স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়  ।   মনসা পূজা আৰু সভা  মহোৎসৱৰ কেউদিনতে ঢুলীয়া প্ৰদৰ্শন, আয়তীৰ নাম, আধুনিক নৃত্য প্ৰতিযোগিতা, নাম কীৰ্তন, ভাগৱত পাঠ, নাট্যাভিনয় ,সাংস্কৃতিক অনুষ্ঠান আদি  অনুষ্ঠিত হয় । সভা মহোৎসৱৰ লগত সংগতি ৰাখি এখন বানিজ্য মেলাৰো আয়োজন কৰা হৈছে । বুধবাৰে (কালি)  সামৰণি পৰিব এই সভা মহোৎসৱৰ  । উল্লেখ্য যে প্ৰায় ১৫০  বছৰ আগতে মৎস্য জীৱি প্ৰধান শোলমাৰা অঞ্চলত মহামাৰীয়ে দেখা দিয়াত শ শ লোকৰ মৃত্যু হৈছিল । মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁও বাসীয়ে মনসা পূজা আৰম্ভ  কৰে । আৰু তেতিয়া গাঁও খনৰ পৰা মহামাৰী নাইকীয়া হয় । সেয়েহে তেতিয়াৰ(প্ৰায় ১৫০ বছৰ আগৰ)  পৰা শোলমাৰা গাঁও বাসীয়ে ৰাজহুৱা ভাবে শ্ৰী শ্ৰী মনসা পূজা কৰি আহিছে । মনসা পূজাৰ লগত সংগতি ৰাখি একেলগে শ্ৰী শ্ৰী গোপীনাথ  মহাপ্ৰভূৰ সভা মহোৎসৱ উদযাপন কৰি আহিছে । 

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা