বিৰিয়ানী বাইকিলোৰ আউটলেট মুকলি



ষ্টাফৰিপোৰ্টাৰ, ২৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ কছাৰীবস্তিৰোডৰ এফ ফোৰ্টবিল্ডিঙত মঙলবাৰে বিৰিয়ানী বাই কিলো নামৰ আউটলেট এখন মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সংবাদমেলযোগে 
বিৰিয়ানী বাইকিলোৰ চেলছ,মাৰ্কেটিঙৰ মহাপ্ৰবদ্ধক ভানু ৰহিলাই কয় 'এইখন হ'ল উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰথমখন আউটলেট। অতি শীঘ্ৰে আমি গুৱাহাটীত দ্বিতীয়খন আউটলেট মুকলি কৰিম। ইয়াত লক্ষৌ, হায়দৰাবাদ আৰু কলকাতাৰ বিখ্যাত বিৰিয়ানী পোৱা যাব।
ইয়াত নিৰামিষ বিৰিয়ানী আধাকিলোৰ মূল্য ৩২৫ টকা, চিকেন বিৰিয়ানীৰ 
আধাকিলোৰ মূল্য ৪৬০ টকা আৰু মটন বিৰিয়ানীৰ আধাকিলোৰ মূল্য ৬৪৫ টকা ধার্য কৰা হৈছে।
উন্নত মানৰ, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সতেজ খাদ্য ক্ৰেতাৰ অৰ্ডাৰ অনুযায়ী যোগান ধৰা হ'ব। ইয়াত খাদ্যৰসিকে আমিষ, নিৰামিষ বিৰিয়ানী, কাবাৰ, ফিৰনিৰ জুতি ল'ব পাৰিব। ডেলিবাৰীৰ বাবে ৪০ টকা লোৱা হ'ব আৰু এঘন্টাৰ ভিতৰত  এই আউটলেটৰ পাঁচ কিলোমিটাৰ দূৰত্বৰ ভিতৰত 
ডেলিবাৰী দিয়া হ'ব। সমগ্ৰ দেশত আমাৰ ৪৬ খন আউটলেট আছে। এইখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ১১ বজালৈ খাদ্যৰসিকৰ বাবে মুকলি থাকিব।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা