ৰঙিয়াত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামী সহ আটক তিনি

প্ৰতিবেদক , ৰঙিয়া, ২৬ ফেব্ৰুৱাৰীঃ ৰঙিয়া পশ্চিম সীতাৰাত (গুৰকুছি) যোৱা নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড। সমগ্ৰ ৰঙিয়া মহকুমাত জোকাৰণিৰ সৃষ্টিি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি স্বামী, শহুৰ আৰু শাহুৰ প্ৰহাৰত বোৱাৰী গৰাকীৰ মৃত্যু হৈছে। বোৱাৰী গৰাকীৰ মাতৃ গৃহৰ অভিযােগ মতে  তিনিবছৰ পূূৰ্বে  ৰঙিয়া  গুৰকুছি গাঁৱৰ খবিৰ আলীৰ লগত ৰঙিয়া ইছলামপুৰৰ জুৰি বেগমৰ(২৫) সামাজিক ভাৱে বিবাহ সম্পন্ন হয়। ইতিমধ্যে তেওঁলোকৰ সংসাৰত  এটি কন্যা সন্তানৰো জন্ম হ'ল। কিন্তু বিবাহৰ মাহ হালধিৰ গোন্ধ নৌযাওঁতেই  তেওঁলোকৰ সংসাৰত যৌতুক জনিত কাৰণত  সঘনাই  হাই কাজিয়া হৈ থকাৰ অভিযোগ উত্থাপন কৰে জুৰি বেগমৰ পৰিয়ালে। স্বামী গৃহৰ শাৰিৰীক আৰু মানসিক নিৰ্যাতন  মুখ বুজি সহ্য কৰিও অত্যন্ত দুখীয়া পৰিয়ালৰ জুৰি বেগমে পিতৃ গৃহত নিৰ্যাতনৰ কথা একো জনোৱা নাছিল। কিন্তু যোৱা নিশা তেওঁলোকৰ কাজিয়া চৰম  পৰ্যায়ত উপনীত হয়। এটা কাৰ্টুন কোম্পানীত কাম কৰি জীৱন নিৰ্বাহ কৰা খবিৰে পুনৰ ধন দাবী কৰি পত্নী জুৰি বেগমৰ উপৰত অমানুষিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শাৰিৰীক নিৰ্যাতনৰ সময়ত তেওঁক তেওঁৰ পিতৃ মজিব আলী আৰু মাতৃ মেহেৰুন নেছাও সহযোগ কৰা বুলি জুৰি বেগমৰ পৰিয়ালৰ সূত্ৰত জনা গৈছে। স্বামী গৃহৰ অত্যাচাৰত গুৰুতৰ ভাৱে আহত হোৱা জুৰি বেেগম কোনোমতে মাকৰ ঘৰত ফোন যোগে অত্যাচাৰৰ  কথা বিৱৰি কৈ তেওঁক স্বামীৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে কান্দি কান্দি অনুৰোধ জনায়। অকল সেয়াই নহয়  মোক উদ্ধাৰ কৰি নিয়া মা, নহলে এওঁলোকে মোক ৰাতি মাৰি পেলাব বুলি তেেওঁ  কাতৰ ভাৱে অনুৰোধ জনাইছিল। মাকৰ পৰিয়ালে জীয়েক জুৰিক নিশাটো কোনোমতে  স্বামী গৃহত কটোৱাৰ  বাবে অনুুৰোধ জনাই পুৱাই তাইক তাৰ পৰা অনাৰ কথাৰে সৈমান কৰাইছিল বুলি মাকে জানিবলৈ দিয়ে। কিন্তু পুৱা আৰু তেওঁলোকে মৰমৰ জীয়েকক জীবিত অৱস্থাত নেপালে। তেওঁলোকে জনোৱা মতে পুৱতি নিশা তেওঁলোকৰ জীয়ৰী জুৰি বেগমে মুমূৰ্ষু অৱস্থাত ৰঙিয়াৰ ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিতালত ভৰ্তি হৈ থকা বুুলি কোনো অচিনাকি লোকে  মাকৰ ঘৰত  খবৰ দিয়ে। এই খবৰ পোৱাৰ লগে লগে তেওঁলোকৰ মুৰত স্বৰগ ভাঙি পৰে। পৰিয়ালত আৰম্ভ হয় হুৱাাদুৱাৰ। 
তেওঁলোকে  ততাতৈয়াকৈ স্বস্তি হস্পিতালত উপস্থিত হয় যদিও  ইতিমধ্যে জুৰি বেগমৰ মৃত্যু হৈছে বুলি নিশ্চিত হয়। আশ্চর্যৰ কথাটো হল 
 মৃত জুৰি বেগমৰ ওচৰত স্বামী পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল। জুৰিৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে পৰিয়ালৰ লোক সকলে শোকত ভাগি পৰে। তেওঁলোকে লগে লগে গাওঁৰ অসংখ্য মানুহ সহ ৰঙিয়া থানাত ভিৰ কৰে। এই সন্দৰ্ভত জুৰিৰ পৰিয়ালৰ তৰফৰ পৰা  ৰঙিয়া সদৰ থানাত মৃত জুৰি বেগমৰ মাতৃয়ে ২০২/২১ ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৪ (খ) ধাৰাত এক গোচৰ ৰুজু কৰে।তেওঁলোকৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে  স্বামী খবিৰ আলী, শাহুৰ মজিব আলী আৰু শাহু মেহেৰুন নেছাক  আটক কৰি সোধাপোছ অব্যাহত ৰাখিছে
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments