সংস্কৃত পণ্ডিত ৰাজেন্দ্ৰ নাথ শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন




ষ্টাফৰিপোৰ্টাৰ, ১৭ ফেব্ৰুৱাৰী : 
গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে ৰাষ্ট্ৰপতিৰ পদকৰ বাবে নিৰ্বাচিত বিশিষ্ট সংস্কৃত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাৰ "বাক্যপদীয়" আৰু সৰ্ৱদৰ্শনসংগ্ৰহ" শীৰ্ষক দুখন অনুবাদ গ্ৰন্থ উন্মোচন কৰা হ’য়। এই সভাত উন্মোচক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক তথা প্ৰাক্তন বিভাগীয় মুৰব্বী ডঃ মুক্তা বিশ্বাস আৰু অধ্যাপক ডঃ সুদেষ্ণা ভট্টাচাৰ্য। মাধবাচাৰ্য বিৰচিত তথা ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মা অনুদিত 'সৱদৰ্শন সংগ্ৰহ' গ্ৰন্থখন উন্মোচন কৰি অধ্যাপক ডঃ মুক্তা বিশ্বাসে কয় ' নিজৰ শিক্ষাগুৰুই অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰাৰ সুযোগ লাভ কৰি আনন্দিত, গৌৰৱাম্বিত হোৱাৰ লগতে অভিভূত হৈছোঁ। নিজকে সৌভাগ্যবান যেন লাগিছে। তেওঁ আজি গুৰু শিষ্যৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। গ্ৰন্থখনত দৰ্শনৰ  তত্ববোৰ সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে। 
আনহাতে বাক্যপদীয় (ব্ৰহ্মকাণ্ড) গ্ৰন্থৰ উন্মোচক ডঃ সুদেষ্ণা ভট্টাচাৰ্য্যই  কয় যে শিক্ষাগুৰুৱে তেওঁৰ শিষ্যৰ হতুৱাই গ্ৰন্থৰ উন্মোচন কৰোৱাই আচলতে দায়বদ্ধতাৰ দিশত আমাক এখোজ আগুৱাই দিছে। তেওঁ কয়- ছাৰৰ এই গ্ৰন্থৰাজি উত্তৰপুৰুষৰ বাবে মূল্যবান আকৰ হৈ ৰ'ব। আগন্তুক সময়ত ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাই অধিক গ্ৰন্থেৰে ভাষা সাহিত্যৰ ভঁৰাল  চহকী কৰিব  ডঃ ভট্টাচাৰ্যই আশা ব্যক্ত কৰে। ড০ মন্দাকিনী মহন্তই আঁত ধৰা সভাৰ আৰম্ভণিতে মংগলাচৰণ পৰিবেশন কৰে সত্ৰীয়া নৃত্যশিল্পী দীপান্বিতা ভট্টাচাৰ্যই। 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰ প্রাপ্ত মূৰব্বী অধ্যাপক ড০ শিৱনাথ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ডঃ হিৰণ শৰ্মা প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা