গোৱালপাৰাৰ বহু উন্নয়ণমূলক কামৰ শুভ উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আজি ১৫ ফেব্ৰুৱাৰী তাৰিখে জিলাখনৰ সম্পূৰ্ণ হৈ উঠা বহু কেইটা উন্নয়ন মূলক কামৰ  শুভ উদ্বোধন কৰে ৷ চিআইডিএফ শিতানৰ ধনেৰে আন্তঃগাঁথনি উন্নয়ন কৰা গোৱালপাৰা চহৰৰ বিহুফিল্ড খেলপথাৰ আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ সংযোগী পথটো  উপায়ুক্তই আজি শুভ উদ্বোধন কৰে ৷  মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা এই আঁচনি দুটাৰ কাম সম্পূৰ্ণ হৈ উঠাত জিলাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ হ’ল বুলি মত ব্যক্ত কৰিছি সচেতন মহলে ৷ আনহাতে মূখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা  ভাৰত চৰকাৰৰ মহিলা আৰু শিশু  উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা মহিলাৰ একক অৱস্থান কেন্দ্ৰটোও  আজি উপায়ুক্তই শুভ উদ্বোধন কৰে ৷  এই কেন্দ্ৰটো নিৰ্যাতিতা মহিলাৰ আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰা হ’ব ৷ মূখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ  অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন কৰা দুধনৈ হাইস্কুল আৰু ডুবাপাৰা উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ খেলপথাৰ দুখনো আজি উপায়ুক্ত বৰ্ণালী ডেকাই শুভ উদ্বোধন কৰে  ৷ ইফালে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰি  উলিওৱা বহুমূখী ভৱনটোও আজি উকায়ুক্তই শুভ উদ্বোধন কৰে ৷ এই ভৱনটো জিলাখনৰ উন্নয়নমূলক  কাম কাজৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰশাসনিক কামৰ বাবে ব্যৱহাৰ কৰিব ৷ ইয়াৰ বিপৰীতে,ৰাক্ষসিনীস্থিত ঘাঁহ বীজ উৎপাদন ফাৰ্ম খনৰো আজি আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধিাশিলা স্থাপন কৰে উপায়ুক্ত বৰ্ণালী ডেকাই ৷ 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা