মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সমাৰোহ

জীৱিকা সখী সকলৰ মাজত স্কুতি বিতৰণ

বৰক্ষেত্ৰীৰ মুকালমুৱাত আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত  মহিলা সমাৰোহ-২০২১ অনুষ্ঠিত হয়৷  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধিনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এই মহিলা সমাৰোহখন মুকালমুৱাৰ দেশভক্ত ময়দানত আজি দুপৰীয়া অনুষ্টিত  হৈ যায়।   উক্ত সমাৰোহত জীৱিকা সখী এক্সপ্ৰেছ আচনিৰ অধিনত জীৱিকা সখী সকলৰ মাজত স্কুতি বিতৰণ কৰা হয়।  বৰক্ষেত্ৰীৰ সমষ্টিৰ 43 গৰাকী জীৱীকা সখীৰ মাজত আজি স্কুতি বিতৰণ কৰা হয়। সমাৰোহ খনত মহিলা সবলীকৰণ যোজনাৰ অধিনত বৰক্ষেত্ৰী অঞ্চলৰ মহিলা আত্মসহায়ক গোট সকলৰ মাজত ৫০ হাজাৰ টকাকৈ ৰাজ সাহাজ্য প্ৰদান কৰে৷ অসম আত্মনিৰ্ভশীল হবলৈ হ'লে নাৰী আত্মনিৰ্ভশীল হব লাগিব সেয়েহে অসম চৰকাৰে মহিলা সকসকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ আচনি মুকলি কৰা বুলি সমাৰোহ খনত কয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই৷ উক্ত সমাৰোহখনত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত পুৰৱী কৌৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তংকেশ্বৰ দাস, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কণকণ শৰ্মা, বৰক্ষেত্ৰীৰ খণ্ড উন্নয়ন বিষয়া নেকিবুৰ ৰহমান, দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিকে ধৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলাৰ বিষয়ৱবীয়া সকল।

বাইট- নাৰায়ণ ডেকা, কৃষ্ণা বৰুৱা, জীৱিকা সখী৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা