অসম প্ৰিমিয়াৰ আন্তঃক্লাৱ ক্ৰিকেট≈≈শ্বাইন'ছ প্লেয়াৰ্ছৰ জয়

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ ফেব্ৰুৱাৰীঃ অসম প্ৰিমিয়াৰ আন্তঃক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাৰ অধীনত নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা নগাঁও আন্তঃক্লাৱ ক্ৰিকেট(ক্লাষ্টাৰ-১)ৰ আজিৰ গুৰূত্বপূৰ্ণ খেলত শ্বাইন'ছ প্লেয়াৰ্ছে নগাঁও টাউন ক্লাৱক ৭২ ৰাণত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। খেলখনত শ্বাইন'ছ প্লেয়াৰ্ছে টছত জিকি পোনতে বেট ধৰি শুভ্ৰ বনিকৰ-৩১, ময়ুৰজ্যোতি বৰাৰ-২৭, শিৱম অশোক যাদৱৰ-২১, শিৱম হাজৰিকাৰ-২০, অধিনায়ক বিদেশব্ৰত দত্তৰ-১৮, অৰ্পন কাশ্যপৰ-১৩, দেৱাশীষ গোস্বামীৰ-১২ আৰু দেৱজ্যোতি গোস্বামীৰ-১১ ৰাণৰ উল্লেখনীয় অৱদানৰে ৩৪ অভাৰত সকলোকেইটা উইকেট বিনিময়ত ১৭০ ৰাণ সংগ্ৰহ কৰে। বলিঙত নগাঁও টাউন ক্লাৱৰহৈ অক্ষয় কুমাৰ ডেকাই পাঁচটা, প্ৰসেজিৎ বৰ্মনে দুটা, নিৰজ শ্বাহ আৰু ঋষিক শৰ্মাই এটা উইকেট পায়। প্ৰত্যুত্তৰত নগাঁও টাউন ক্লাৱে বেট ধৰি সুখলেশ্বৰ ঢন্দ্ৰৰ-২২, অক্ষয় কুমাৰ ডেকাৰ অপৰাজিত-২১ আৰু নিৰজ শ্বাহৰ-১৩ ৰাণৰ উল্লেখনীয় অৱদানৰে ২৫.৫ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৯৮ ৰাণহে কৰিবলৈ সক্ষম হয়।বলিঙত শ্বাইন'ছ প্লেয়াৰ্ছৰহৈ দেৱাশীষ শইকীয়াই তিনিটা, দেৱাশীষ বৰা আৰু বিদেশব্ৰত দত্তই দুটা, শিৱম হাজৰিকা, শিৱম অশোক যাদৱ আৰু ময়ুৰজ্যোতি বৰাই এটা উইকেট দখল কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা