মৈৰাবাৰীত ব্ৰাউন চুগাৰ সৈতে ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ
মৈৰাবাৰী আৰক্ষীৰ সাফল্য। বুজন পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ ।
মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত চলি থকা নিচাজাতীয় দ্ৰব্য, ড্ৰাগছ সৰবৰাহকাৰীয়ে নিদ্ৰা হৰণ কৰিছে মৈৰাবাৰী আৰক্ষীৰ। ড্ৰাগছৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীৰ সবল অভিযান তীব্ৰ হৈ পৰিছে । আজি নিশা মৈৰাবাৰী আৰক্ষী থানাৰ উপপৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত পলাসজুৰিত দীৰ্ঘ দিনে অবৈধ ভাৱে নিচাযুক্ত কফ চিৰাপ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা চলাই থকা মইনুল হক ওৰফে মহন্তৰ (30)ঘৰত তালাচি চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে। লগতে ড্ৰাগছ ব্যৱসায়ী মইনুল হক ওৰফে মহন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে AS-02 D-0608 নম্বৰৰ এখন বাইক জব্দ কৰে ।গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ 21(a) NDPS Act. ত 71/21 নম্বৰত গোচৰ পঞ্জিয়ন কৰি আজি মৰিগাঁও জিলা জেল হাজোতলৈ প্ৰেৰন কৰে। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযানক আদৰণী জনাইছে মৈৰাবাৰী বাসীয়ে ।
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।
Comments
Post a Comment