অৰুণোদয় সাহিত্য চ'ৰাৰ সাহিত্য বৈঠক সম্পন্ন≈≈দুগৰাকী লেখিকাক সম্বৰ্ধনা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ ফেব্ৰুৱাৰী: "মানুহৰ অন্তৰত দুখন জগত আছে। এখন জ্ঞানৰ জগত, আনখন ৰসৰ জগত। জ্ঞানৰ জগতক তথ্য-অভিজ্ঞতা আৰু অধ্যয়নলব্ধ বিভিন্ন বিষয়ৰ তথ্য আৰু তত্ব আদিয়ে মানুহৰ আকাংশা পূৰণ কৰি আহিছে ৷" এই গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট লেখিকা অনু সিনহাৰ। ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অৰুণোদয় সাহিত্য চ'ৰাৰ দেওঁবাৰে মাহেকীয়া সাহিত্য পাঠ অনুষ্ঠান সম্পন্ন হৈ যায়। চ'ৰাৰ প্ৰাক্তন সভাপতি ভৱেশ মেধিৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য পাঠৰ বৈঠকত সমীক্ষকৰ আসন গ্ৰহণ কৰি বিশিষ্ট লেখিকা অনু সিনহাই লগতে কয় যে-- মানুহে সৃষ্টি কৰা প্ৰতিটো বিষয়ৰ মাজতে আৱশ্যকীয় সমল নিহিত হৈ থাকে। সকলো কামৰ গুৰিতে আছে চিন্তা বা ভাৱনাৰ উপাদান। সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আৰম্ভনিতে শিল্পী পৰাণ চন্দ্ৰ দাসৰ বাঁহী বাদনৰ লগতে সুৰেশ হাজৰিকাৰ বৰগীত আৰু লোকগীত পৰিবেশনে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। তাৰ পাছতে অনুষ্ঠিত সাহিত্য পাঠ অনুষ্ঠানত স্ব-ৰচিত কবিতা পাঠ কৰে কবি বিউতি দেৱী বৰা, দীপজ্যোতি বৰা, মহেন্দ্ৰ হাজৰিকা, কল্পনা হাজৰিকা, স্মৃতা কলিতা, দিপানজু বৰা, অনু কোঁৱৰ সিনহা, বিষ্ণুপ্ৰীয়া দাস, পৱন নেওগ, পৰাণ চন্দ্ৰ দাস, ৰাহুল দেৱ বৰদলৈ, স্বপনা কলিতাকে ধৰি ডেৰকুৰি কবিয়ে। তদুপৰি লেখিকা জেউতি হাজৰিকাই এটি গল্প পাঠ কৰে আৰু গীতাঞ্জলী দাসে এটি লোকগীত পৰিবেশন কৰে। এই অনুষ্ঠানতে অৰুণোদয়ৰ দুগৰাকী সদস্যা স্বপনা কলিতা আৰু স্মৃতা কলিতাক অসম চৰকাৰৰ অসম গৌৰৱ আঁচনিৰ লেখক সম্বৰ্ধনা পোৱাৰ বাবে অভিনন্দন পত্র আৰু ফুলাম গামোছাৰে সন্মান জনোৱা হয়।
===============-=

Comments